ETV Bharat / state

ফুটবল খেলৰ বিজয় উল্লাসক কেন্দ্ৰ কৰি কাছাৰৰ ধলাইত ভয়ংকৰ ঘটনা - Cachar Football match tragedy

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 1:44 PM IST

Football Supporters Clash in Cachar : কাছাৰৰ ধলাইত ভয়ংকৰ ঘটনা । ফুটবল খেলৰ বিজয় উল্লাসক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা । ট্ৰাকেৰে মহটিয়াই নিলে বিজয়ী দলৰ সমৰ্থকক । তুমুল সংঘৰ্ষত গুৰুতৰভাৱে আহত কেইবাজনো ।

Football Supporters Clash in Cachar
ফুটবল খেলৰ বিজয় উল্লাসক কেন্দ্ৰ কৰি কাছাৰৰ ধলাইত ভয়ংকৰ ঘটনা (ETV Bharat Assam)

কাছাৰ, ৫ ছেপ্টেম্বৰ : ক্ৰীড়াংগনৰ উত্তেজনা পৰিণত হ'ল ৰণাংগনৰ ৰক্তপাতলৈ । ফুটবল খেলৰ বিজয় উল্লাসক কেন্দ্ৰ কৰি কাছাৰৰ ধলাইত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ ৰাজপথত ফটকা ফুটাই আনন্দ-উল্লাস কৰা বিজয়ী দলৰ সমৰ্থকক ট্ৰাকেৰে মহটিয়াই নিলে পৰাজিত দলৰ একাংশ সমৰ্থকে । আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত সংঘটিত তুমুল সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক ।

কাছাৰৰ ধলাইত এখন ফুটবল খেলৰ বিজয় উল্লাসক কেন্দ্ৰ দুটা পক্ষৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা । ৰাজপথত ফটকা ফুটাই আনন্দ-উল্লাস কৰা বিজয়ী দলৰ সমৰ্থকক ট্ৰাকেৰে মহটিয়াই নিয়ে পৰাজিত দলৰ একাংশ সমৰ্থকে । এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে সন্ধিয়া কাছাৰৰ ধলাইত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

জানিব পৰা মতে, ধলাইত চলি আছিল মাতৃভূমি কাপ ফুটবল টুৰ্ণামেণ্ট । বুধবাৰে টুৰ্ণামেণ্টৰ ছেমিফাইনেল মেচত মুখামুখি হয় ভাগা ইছলামাবাদ দল আৰু লায়লাপুৰ দল । মেচখনত বিজয়ী হয় ভাগা ইছলামাবাদ দল । জয়ৰ পাচত বিজয়ী দলৰ সমৰ্থকসকলে প্ৰথমে খেলপথাৰত আৰু তাৰ পাচত ৰাজপথত ফটকা ফুটাই আনন্দ-উল্লাস কৰে ।

ৰাজপথত বিজয়ী দলৰ সমৰ্থকসকলে ফটকা ফুটাই আনন্দ কৰি থকাৰ সময়তে ৰাজপথেৰে পৰাজিত লায়লাপুৰ দলৰ একাংশ সমৰ্থক এখন মিনি ট্ৰাকেৰে গৈ আছিলে । কিন্তু ট্ৰাকৰ সম্মুখত বিজয়ী দলৰ এই বিজয় উৎসৱ সহ্য কৰিব নোৱাৰিলে ট্ৰাকখনত থকা সমৰ্থকসকলে । সেয়ে ট্ৰাকখন দ্ৰুতগতিৰে ভিৰৰ ওপৰেৰে লৈ যায় পৰাজিত দলৰ একাংশ সমৰ্থকে ।

আনহাতে, উপস্থিত লোকসকলক মহটিয়াই কিছুদূৰ যোৱাৰ পাচতে ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে । তাৰ পিচতে এই ঘটনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত আৰম্ভ হয় তুমুল সংঘৰ্ষ । উভয়পক্ষৰ মাজত আৰম্ভ হয় শিলগুটি নিক্ষেপ ৷

অৱশ্যে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আনহাতে, দুয়োপক্ষৰ এই সংঘৰ্ষ আৰু ট্ৰাকৰ খুন্দাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় । আহতসকল বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক :পুত্তলিকা দাহ কৰাৰ পূৰ্বেই আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি - Protests in Tinsukia
লগতে পঢ়ক :আৰক্ষীৰ আগত বিশালে দিলে বায়েকৰ 'ডেষ্টিনেশ্যন ৱেডিঙ'ৰ খৰচৰ হিচাপ - Online trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.