ETV Bharat / state

আৰক্ষীৰ নামত ধন সংগ্ৰহৰ অভিযোগত জালত পৰিল ৰহস্যময়ী হাছিনা বেগম - Hasina Begum arrested

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 2:23 PM IST

Money laundering charges against Hasina Begum: আৰক্ষীৰ জিম্মাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত সঘনাই সংবাদ শীৰ্ষলৈ হাছিনা বেগম ৷ আৰক্ষীৰ নামত ধন লোৱাৰ অভিযোগত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হাছিনাৰ লগতে বন্ধুক ৷ তদন্ত আৰম্ভ ৷

Hasina Begum of lakhimpur arrested on money laundering charges
আৰক্ষীৰ জিম্মাত ৰহস্যময়ী হাছিনা বেগম : ধন লোৱাৰ অভিযোগ উত্থাপন (ETV Bharat Assam)

লখিমপুৰ, 10 আগষ্ট: এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ পাচতে ৰাজ্যত সঘনাই উচ্চাৰিত হোৱা এটি নাম আছিল হাছিনা বেগম ৷ লখিমপুৰৰ এইগৰাকী বিতৰ্কিত মহিলা নকল সোণ আৰু জালনোটৰ প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে যুঁজ দি অহা বাতৰিয়ে সেই সময়ত সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছিল ৷ গোচৰ মিলামিচা কৰোৱাৰ বাবে ধন সংগ্ৰহৰ অভিযোগত আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে এইগৰাকী ৰহস্যময়ী হাছিনা বেগমক ৷

আৰক্ষীৰ নামত ধন সংগ্ৰহৰ অভিযোগত জালত পৰিল ৰহস্যময়ী হাছিনা বেগম (ETV Bharat Assam)

আৰক্ষীৰ নামত ধন সংগ্রহৰ অভিযোগ

লখিমপুৰত আৰক্ষীৰ নামত ধন সংগ্রহৰ অভিযোগ উত্থাপন হৈছে দুই সংগীসহ হাছিনা বেগমৰ বিৰুদ্ধে । গোচৰ মীমাংসাৰ নামত আৰক্ষীৰ নামত ধন দাবী কৰাৰ অভিযোগত শুকুৰবাৰৰ নিশা হাছিনাক গুৱাহাটীৰ হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰিছে ।

প্ৰকৃত ঘটনাটো কি ?

অভিযোগ অনুসৰি, বিহপুৰীয়া থানাৰ অন্তৰ্গত 2 নং সোণাপুৰৰ জয়নাল আবেদিন আৰু তেওঁৰ পত্নীৰ মাজত ঘৰুৱা কাজিয়াৰ সূত্ৰপাত হৈছিল । ইয়াৰ পাচতে পত্নীয়ে স্বামী জয়নাল আবেদিনৰ বিৰুদ্ধে বঙালমৰা আৰক্ষী চকীত 23 জুলাইৰ দিনা মাৰপিট সংক্ৰান্তীয় এক গোচৰ তৰে । ইয়াৰে সুযোগ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে হাছিনা বেগমৰ বিৰুদ্ধে ।

এই সন্দৰ্ভত হাছিনা বেগম অৱগত হৈ মামলাটো মীমাংসাৰ বাবে জয়নাল আবেদিনৰ পৰিয়ালৰ পৰা প্ৰথমে 70 হেজাৰ আৰু পাচত দহ হেজাৰ টকা লয় বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰিছে জয়নাল আবেদিনৰ জ্যেষ্ঠ ভাতৃয়ে ৷ হাছিনাই পৰিয়ালটোক তেওঁলোকৰ বিৰুদ্ধে থানাত প্ৰৱঞ্চনাৰ গোচৰো ৰুজু হৈ আছে বুলি পৰিয়ালটোক ভয়-ভাবুকি প্ৰদান কৰে বুলি কয় জয়নাল আবেদিনৰ জ্যেষ্ঠ ভাতৃ মিনালউদ্দিনে ৷

হাছিনাক ধন প্ৰদানৰ পাচতে জয়নাল আবেদিনৰ পত্নী পুনৰ স্বামীগৃহলৈ ওভতি আহে আৰু তেতিয়াই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ জয়নাল আবেদিনৰ পৰিয়ালটো নিশ্চিত হয় যে হাছিনা আৰু তেওঁৰ দুই সংগীয়ে প্ৰৱঞ্চনাৰে পৰিয়ালটোৰ পৰা ধন লুট কৰে ৷

Hasina Begum of lakhimpur arrested on money laundering charges
হাছিনা বেগমৰ বিৰুদ্ধে এজাহাৰ (ETV Bharat Assam)

হোটেলৰ পৰা গ্ৰেপ্তাৰ হাছিনা আৰু সংগীক

ইয়াৰ পাচতে ঘটনা সন্দৰ্ভত আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোৱে । এজাহাৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে গুৱাহাটীৰ এখন হোটেলৰ পৰা হাছিনাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । হাছিনাৰ লগতে একেখন হোটেলৰ পৰা ফকৰুদ্দিন নামৰ এজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । সম্প্রতি দুই অভিযুক্ত বঙালমৰা আৰক্ষীৰ জিম্মাত ।

কিয় সংবাদ শীৰ্ষ দখল কৰিছিল হাছিনাই

সমগ্র ৰাজ্যতে চাঞ্চল্য সৃষ্টি কৰা এছআই জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত সঘনে উচ্চাৰিত হৈছিল তথা সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছিল লখিমপুৰৰ এইগৰাকী হাছিনা বেগমে । জোনমণি ৰাভাৰ মৃত্যুৰ পিছত হাছিনা বেগমে জোনমণি ৰাভাৰ সৈতে তেওঁৰ সু-সম্পৰ্ক থকাৰ লগতে নকল সোণ, জালনোট আদি বিভিন্ন অবৈধ বেহাৰ বিৰুদ্ধে তেওঁ যুঁজ দি অহা বুলি দাবী কৰিছিল । আৰক্ষীৰ পৰা চি বি আইৰ আগতো তেওঁ ভাষ্য প্ৰদান কৰিছিল ।

কিছুদিন পূৰ্বে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি অহা বুলি সততে সংবাদ শিৰোনাম দখল কৰা হাছিনা বেগমৰ নাম এতিয়া ধন দাবীৰ ঘটনাৰ সৈতে সাঙোৰ খাই পৰাত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Hasina Begum news: নিৰাপত্তাৰ অভাৱত হাছিনা বেগম আৰু তেওঁৰ পৰিয়ালবৰ্গ

SI Junmoni Rabha death case : SI জোনমণিৰ মৃত্যু পাচত চৰম নিৰাপত্তা হীনতাত ভুগিছে হাচিনা বেগমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.