ETV Bharat / state

ইউ এছ টি এমৰ ফ্লাড জেহাদ ! ক্ষেত্ৰভিত্তিক অধ্যয়নত কি পালে অখিল গগৈয়ে ? - Artificial flood in Guwahati

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 10:52 PM IST

Akhil Gogoi at USTM campus : ইউ এছ টি এমৰ স্বত্বাধিকাৰীয়ে সঁচাকৈয়ে ফ্লাড জেহাদ কৰিছে নেকি ? ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে উপস্থিত হ’ল অখিল গগৈৰ নেতৃত্বত এটা দল ৷ কি দেখিলে তেওঁলোকে ? মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ অভিযোগৰ সন্দৰ্ভত কি মন্তব্য বিশ্ববিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা আচাৰ্যৰ ?

Akhil Gogoi at USTM campus
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সত্যতা বিচাৰি ইউ এছ টি এমত অখিল গগৈ (ETV Bharat Assam)

গুৱাহাটী, ১০ আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ইউ এছ টি এমৰ মালিকে গুৱাহাটীত ‘ফ্লাড জেহাদ’ আৰম্ভ কৰিছে নেকি ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আজি ইউ এছ টি এমত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ৷

মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে গুৱাহাটীৰ ভয়াৱহ কৃত্ৰিম বানৰ বাবে ইউ এছ টি এমৰ মালিকক দোষাৰোপ কৰি মেঘালয়ৰ যোৰাবাটৰ পাহাৰসমূহ নাঙঠ পাহাৰলৈ পৰিণত কৰা বুলি কঠোৰ সমালোচনা কৰিছিল । আনকি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ছেটেলাইটৰ তথ্য সদৰী কৰিও বিষয়টো দাঙি ধৰিছিল । মুখ্যমন্ত্ৰীয়ে কৈছিল, ‘‘ ইউ এছ টি এমৰ মালিকে নিৰ্দয়ভাৱে পাহাৰ কাটি শিক্ষানুষ্ঠান নিৰ্মাণ কৰিছে ৷ গছ-গছনি ৰক্ষা কৰিও নিৰ্মাণকাৰ্য কৰিব পাৰি যদিও ইউ এছ টি এমৰ মালিকে তাকে নকৰি পাহাৰ কাটি শেষ কৰি দিছে । বুলড’জাৰ চলাই পাহাৰ শেষ কৰি দিয়া হৈছে । পাহাৰসমূহ ধ্বংস কৰাৰ বাবেই গুৱাহাটীত বৰষুণ নহ’লেও যোৰবাটৰ পৰা খানাপাৰালৈকে ভয়াৱহ কৃত্ৰিম বানপানী হয় ।’’

আনহাতে মুখ্যমন্ত্ৰীয়ে অসমৰ শিক্ষাৰ্থী আৰু অধ্যাপকক লৈ ইউ এছ টি এম চলাই থকা হৈছে বুলি সদৰী কৰি কৈছিল, ‘‘আমাৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকল নোযোৱা হ’লেই ইউ এছ টি এম বন্ধ হৈ যাব । লগতে কৃত্ৰিম বানো নোহোৱা হ’ব ।’’ আনকি মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীক পত্ৰ দিয়াৰ কথা সদৰী কৰাৰ লগতে সাক্ষাৎ কৰি আলোচনা কৰাৰ কথাও উল্লেখ কৰিছিল ।

মুখ্যমন্ত্ৰীৰ এনে অভিযোগৰ পিচতে শনিবাৰে ইউ এছ টি এমত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ আৰু পৰিস্থিতিৰ বুজ লয় বিধায়ক অখিল গগৈয়ে । অখিল গগৈক সংগ দি সকলো নিৰ্মাণকাৰ্য দেখুৱায় ইউ এছ টি এমৰ স্বতাধিকাৰ তথা আচাৰ্য মহবুবুল হকে ।

ইউ এছ টি এমত কি দেখা পালে বিধায়ক অখিল গগৈয়ে ? :

ইউ এছ টি এমৰ সমগ্ৰ পৰিৱেশ চোৱাৰ পিছত বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত আমাৰ ধাৰণা হৈছিল যে ইউ এছ টি এমে ইয়াত বহু পাহাৰ ধ্বংস কৰি আছে আৰু ইউ এছ টি এমৰ বাবে গুৱাহাটীত বান হৈছে । সেইটো চোৱাৰ বাবে আজি ইয়ালৈ আহিলো । সমগ্ৰ পৰিৱেশ চোৱাৰ পিছত এইটো নিশ্চিত হ’লো যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ইউ এছ টি এমত কোনো ঘটনা ঘটা নাই । এই এলেকাটোৰ পৰা যোৱা পানী তেওঁলোকে উপযুক্ত ড্ৰেইনেজ ছিষ্টেমৰ মাজেৰে উলিয়াই দিছে । যিটো চৰকাৰী নলাত পৰিছে । ইউ এছ টি এমৰ পৰা ৰঙাপানী এৰি দিয়া নাই । ট্ৰিটমেণ্টৰ পিচত পানীখিনি এৰি দিছে ।’’

অখিল গগৈয়ে কয়, ‘‘নলালৈ যোৱা পানীখিনি ৰঙা নহয় । আমি ইউ এছ টি এমক জগৰীয়া কৰিবলৈ আহিছিলো । কিন্তু ইয়ালৈ আহি আমি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে একো দৃশ্য দেখা নাপালো । আমাৰ লগতে কেবাজনো জ্যেষ্ঠ সাংবাদিক আহিছে । মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো মিছা আৰু মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰিবৰ বাবে এনেধৰণৰ বক্তব্য দাঙি ধৰিছে । ইয়ালৈ আহি মুখ্যমন্ত্ৰীৰ কথাৰ বিপৰীত দৃশ্য এটাহে দেখিবলৈ পাইছো । গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে ২০২২ আৰু ২০২৩ চনত শিলসাঁকো বিল মুখ্যমন্ত্ৰীৰ শত্ৰু আছিল । এইবাৰ ইউ এছ টি এমক শত্ৰু কৰি লৈছে । ইউ এছ টি এমৰ আচাৰ্যগৰাকী সংখ্যালঘু হোৱা বাবে মুখ্যমন্ত্ৰীয়ে ফ্লাড জেহাদ নাম দি দিছে । এইবোৰ মুখ্যমন্ত্ৰীগৰাকীৰ সাম্প্ৰদায়িক চিন্তা ।’’

মুখ্যমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে কি ক’লে ?:

ইউ এছ টি এমে ফ্লাড জেহাদ আৰম্ভ কৰা বুলি মুখ্যমন্ত্ৰীয়ে অনা অভিযোগ সন্দৰ্ভত মহবুবুল হকে কয়, ‘‘২০১১ চনৰ পৰা ইয়াত উন্নয়নৰ কাম চলি আছে । সকলো মানুহ আহি আছে । মেঘালয়ৰ মুখ্যমন্ত্ৰীও আহিছে ৷ আমি উন্নয়ন কৰিছো আৰু সঁচাই আমি ঠায়ে ঠায়ে য’ত কাটিব লাগে তাতে কাটিছো । কিন্তু আমাৰ কেম্পাছটো সেউজ কেম্পাচ হিচাপে সকলোৱে জানে । মুখ্যমন্ত্ৰীয়ে কৈ থকা কথাৰ মই প্ৰতিক্ৰিয়া দিবলৈ নাযাও । মই শিক্ষা-দীক্ষাৰ লগত জড়িত মানুহ । মোৰ শিক্ষাৰ্থী আছে, ফেকাল্টি আছে আৰু আমি সকলোৱে জানো যে এইখন মানুহৰ বিশ্ববিদ্যালয় । যাৰ বাবে মই ভাবো মানুহে তাৰ প্ৰত্যুত্তৰ দিব । যদি সঁচাই কিবা ভুল হৈছে, দেখুৱাই দিলে মই শুধৰণি কৰিম । তেওঁ কোৱা শুনিছো যে কনচালটেণ্ট নাই । কিন্তু আমাৰ ইয়াত দেশৰ সবাতকৈ নামী-দামী কনচালটেণ্ট আছে ।’’

তেওঁ কয়, ‘‘ সকলো গাইডেন্স লৈ ইয়াত উন্নয়ন কৰা হৈছে । এইটো কোনো অখ্যাত প্ৰতিষ্ঠান নহয় । এই বিশ্ববিদ্যালয়ৰ সকলো গ্ৰীণ প্ৰেকটিচ আমি কৰি আছো । পানী ওলাই যোৱাৰ উপযুক্ত ব্যৱস্থা কৰা হৈছে । তাৰ পিচতো যদি কিবা ভুল আছে তাৰ বাবে আমি এখন কমিটী বনাইছো আৰু কমিটীয়ে গৱেষণা কৰিব । ইয়াৰ গৰিষ্ঠসংখ্যকেই অসমৰ লোক আৰু তাতে যদি কিবা অসুবিধা হৈছে সেইটো মোৰ অসুবিধা । কিবা থাকিলে নিশ্চয় চাম । এইটো এটা উন্নয়নমূলক চৌহদ । ইয়াৰ চাৰিওফালে বিভিন্ন ব্যৱসায়-বাণিজ্য তথা নিৰ্মাণকাৰ্য গঢ় লৈ উঠিছে । বিভিন্ন ঠাইত পাহাৰ কাটি থকা হৈছে । ইয়াৰ বাবে মই জগৰীয়া নহয় । আমাৰ সন্মুখত দিল্লী পাব্লিক স্কুল আছে আৰু তেওঁলোকৰো উন্নয়নৰ কাম চলি আছে । সেইদৰে কাষত মেঘালয়ৰ ঠিকাদাৰৰ মাটি আছে । বিভিন্ন ঠাইত উন্নয়নমূলক কাম চলি আছে । কোৱাধৰণে আমি পাহাৰ কাটি নাইকিয়া কৰি দিয়া নাই । আমাৰ চৌহদৰ পানীয়ে কৃত্ৰিম বান কৰা বুলি মই নাভাবো । কাৰণ আমাৰ ইয়াত ১০০ একৰ মাটি আছে । যোৰাবাটৰ পৰা ১০০০ একৰ মাটি আছে । তাৰ পৰা যদি পানী গৈছে তাৰ বাবে মই জগৰীয়া নহয় । মোৰ চৌহদৰ পৰা পানী গৈছে যদি অধ্যয়ন কৰক ।’’

লগতে পঢ়ক : মুখ্যমন্ত্ৰীক জিৰণি লোৱাৰ পৰামৰ্শ মীৰা বৰঠাকুৰৰ

গুৱাহাটীত কোনে 'ফ্লাড জেহাদ' আৰম্ভ কৰিছে ? ক'লে মুখ্যমন্ত্রীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.