ETV Bharat / state

চাইবাৰ অপৰাধীৰ ঘাটিত পৰিণত হৈছে নেকি মধ্য অসম ? দিল্লী আৰক্ষীৰ অভিযান - Cyber Crime

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 7:48 PM IST

Cyber crime in Assam : ক্ৰমে বৃদ্ধি পাবলৈ ধৰা চাইবাৰ অপৰাধীয়ে নিদ্ৰা হৰিছে বেংক একাউণ্টত ধন জমা ৰখা লোকৰ । চাইবাৰ অপৰাধীয়ে যেন চানি ধৰিছে মধ্য অসম। শেহতীয়াকৈ নগাঁৱত দিল্লী আৰক্ষীয়ে চলোৱা এক অভিযানে পোহৰলৈ আনিছে এই তথ্য। বিগত কিছুদিনত মধ্য অসমৰ পৰা অসম আৰক্ষীয়েও কেবা শতাধিক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

Cyber Crime in Assam
চাইবাৰ অপৰাধীৰ ঘাটিত পৰিণত হৈছে মধ্য অসম (ETV Bharat Assam)

নগাঁও, 29 জুলাই : ক্ৰমে যেন চাইবাৰ অপৰাধীৰ ঘাটিত পৰিণত হৈছে মধ্য অসম ৷ বিশেষকৈ নগাঁও, মৰিগাঁও জিলাত খোপনি পুতিছে চাইবাৰ অপৰাধীয়ে ৷ শেহতীয়াকৈ দিল্লী আৰক্ষীৰ এটা বিশেষ দলে ডিমাপুৰৰ লগতে নগাঁৱতো অভিযান চলাই চাইবাৰ অপৰাধৰ সৈতে জড়িত দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ পাচত সোমবাৰে ধৃত দুই চাইবাৰ অপৰাধীক লগত লৈ আৰক্ষীৰ দলটো ৰাওনা হয় দিল্লী অভিমুখে ৷ এক বিশেষ সূত্ৰে জানিব পৰা মতে, দিল্লী আৰক্ষীৰ দলটোৱে প্ৰথমে ডিমাপুৰত অভিযান চলাই নগাঁৱৰ আনৰুদ্দিন লস্কৰ নামৰ চাইবাৰ অপৰাধত জড়িত যুৱকজনক আটক কৰে ৷ ইয়াৰ পাচত নগাঁৱতো অভিযান চলাই মমচাদ আৰিফ নামৰ আন এজন যুৱককো আটক কৰাৰ লগতে সোধা-পোচাৰ বাবে নগাঁৱৰ শিয়ালমাৰীৰ আন এজন যুৱককো আটক কৰিছিল দিল্লী আৰক্ষীৰ দলটোৱে ৷

দেওবাৰে নিশা নগাঁও সদৰ আৰক্ষী থানাৰ লগতে নগাঁও চহৰৰ আন এটা স্থানত ধৃত তিনিওকে মাৰাথন জেৰা চলোৱাৰ অন্তত ডিমাপুৰৰ পৰা আটক কৰা নগাঁৱৰ আনৰুদ্দিন আৰু ধিং বেচামাৰীৰ পৰা আটক কৰা মমচাদ আৰিফক গ্ৰেপ্তাৰ কৰি অধিক জেৰা বাবে দিল্লীলৈ লৈ যোৱা বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে ৷ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই যুৱকৰ সৈতে এটা চাইবাৰ অপৰাধী চক্ৰ জড়িত থকাৰ সন্দেহ কৰি পুনৰ দিল্লী আৰক্ষীৰ দলটোৱে অসমত অভিযান চলোৱাৰ সম্ভাৱনা থকাৰ কথাও জানিব পৰা গৈছে বিশেষ সূত্ৰটোৰ পৰা ৷

দিল্লী আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিছে নগাঁৱৰ যুৱকক ?

বিভিন্নজনৰ বেংক একাউন্টৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকি কৰাৰ অভিযোগত দিল্লীত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে নগাঁৱৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷ যাৰ বাবেই ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা নগাঁৱৰ যুৱক আনৰুদ্দিন লস্কৰৰ লগতে নগাঁৱৰ ধিং বেচামাৰীৰ মমচাদ আৰিফক গ্ৰেপ্তাৰ কৰি দিল্লীলৈ লৈ গৈছে বিশেষ অভিযানকাৰী দলটোৱে ৷

মধ্য অসমত কিদৰে শিপাইছে চাইবাৰ অপৰাধী ?

মধ্য অসমত যেন ক্ৰমাৎ শিপাইছে চাইবাৰ অপৰাধী ৷ মধ্য অসমৰ বিশেষকৈ নগাঁও আৰু মৰিগাঁও জিলাত যেন বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷ কিন্তু চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যথেষ্ট তৎপৰো হৈ আছে অসম আৰক্ষী ৷ এক তথ্য অনুসৰি বিগত কিছুদিনত মধ্য অসমৰ পৰাই কেবা শতাধিক চাইবাৰ অপৰাধী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে নগাঁও আৰু মৰিগাঁও আৰক্ষী ৷ ইয়াৰে সৰ্বাধিক চাইবাৰ অপৰাধী জালত পৰিছে মৰিগাঁও জিলাৰ পৰাই ৷ মৰিগাঁও জিলাৰ বৰ্তমানৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত মৰিগাঁও আৰক্ষীয়ে দুই শতাধিক চাইবাৰ অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷ লগতে চাইবাৰ অপৰাধীৰ পৰা হাজাৰৰো অধিক চিম কাৰ্ড জব্দ কৰিবলৈয়ো সক্ষম হৈছে মৰিগাঁও আৰক্ষী ৷ মুঠৰ ওপৰত এতিয়া যেন বেংক একাউণ্টত ধন জমা ৰখাসকলৰ একপ্ৰকাৰ নিদ্ৰা হৰিছে চাইবাৰ অপৰাধীয়ে ৷ কাৰণ যিকোনো মুহূৰ্তত যিকোনো কৌশলেৰে চাইবাৰ অপৰাধীয়ে খালি কৰি দিব পাৰে কষ্টোপাৰ্জিত বেংক একাউণ্টৰ ধন ৷

লগতে পঢ়ক : চাইবাৰ অপৰাধত জড়িত নগাঁৱৰ তিনি যুৱকক আটক দিল্লী আৰক্ষীৰ - cyber crime

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.