ETV Bharat / state

হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 9:55 PM IST

Harinarayan Dutta Barua memorial lecture: ‘হৰিনাৰায়ণ দত্তবৰুৱা আছিল সাধনা, অধ্যয়ন আৰু সমৰ্পিত উদ্যোগৰ প্ৰতীক’ ৷ হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত ড৹ প্ৰদীপজ্যোতি মহন্ত ৷

Harinarayan dutta Barua
বক্তৃতা অনুষ্ঠান
আয়োজক আৰু অতিথিৰ মন্তব্য

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : শিক্ষা, সাহিত্য আৰু প্ৰকাশন উদ্যোগলৈ হৰিনাৰায়ণ দত্তবৰুৱাই আগবঢ়োৱা অৱদানে অসমৰ বৌদ্ধিক আৰু সামাজিক জীৱনটোক এক উন্নতৰ পৰ্যায়লৈ লৈ গৈছিল । তেখেতে যি সাধনাৰে অসমীয়া শিক্ষা, সংস্কৃতি আৰু মুদ্ৰণ-প্ৰকাশন জগতলৈ একক বৰঙণি যোগালে তাৰ তুলনা পাবলৈ নাই । মঙলবাৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্তবৰুৱা কেন্দ্ৰীয় পুথিভঁৰাল কক্ষত আয়োজিত হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত এইদৰে মন্তব্য কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা সংস্কৃতিৰ গৱেষক ড৹ প্ৰদীপজ্যোতি মহন্তই ।

  • " class="align-text-top noRightClick twitterSection" data="">

ড৹ প্ৰদীপজ্যোতি মহন্তই লগতে কয় যে অসমৰ বৈষ্ণৱ সাহিত্যৰ সংগ্ৰহ, সম্পাদনা আৰু প্ৰকাশনত দত্তবৰুৱাই অকল্পনীয় অৱদান আগবঢ়াই গৈছে । মহাপুৰুষ দুজনাৰ সম্পূৰ্ণ ৰচনাৰাজিৰ সংকলন আৰু অন্যান্য ধর্মগ্ৰন্থ আৰু স্কুলীয়া পাঠ্যপুথিৰ প্ৰকাশন অসমীয়া জাতিলৈ তেখেতৰ এক স্মৰণীয় অৱদান । এইবাৰৰ স্মাৰক বক্তৃতাৰ বিষয় আছিল ‘অসমৰ সমাজ জীৱনত ধর্মগ্ৰন্থৰ প্ৰভাৱ আৰু হৰিনাৰায়ণ দত্তবৰুৱাৰ অৱদান ।’

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসম সাহিত্য সভাৰ সভাপতি ড৹ সূর্যকান্ত হাজৰিকাই হৰিনাৰায়ণ দত্তবৰুৱাৰ কৰ্মৰাজিৰ সামাজিক প্ৰভাৱৰ কথা আলোচনা কৰে । তেখেতে ভাষণত অসমৰ মুদ্ৰণ আৰু প্ৰকাশন জগতলৈ হৰিনাৰায়ণ দত্তবৰুৱাৰ অৱদানৰ কথা বাখ্যা কৰে আৰু চিত্ৰভাগবত প্ৰকাশনৰ কথা বিশেষভাৱে উল্লেখ কৰে । ভাষণৰ অন্তত তেখেতে আৰু এচ এইচ শৈক্ষিক ন্যাসৰ হৈ ড৹ ইভা হাজৰিকাই সচিত্ৰ কীর্তনঘোষাকে ধৰি কেইবাখনো মূল্যবান গ্ৰন্থ পুথিভঁৰাল আগবঢ়াই আৰু বিশ্ববিদ্যালয়ৰ আচাৰ্য ড৹ নৰেন্দ্ৰ নাথ দত্তৰ হাতত অর্পন কৰে । ড৹ ৰুবী গোস্বামীয়ে আঁত ধৰা এই সভাত প্ৰসিদ্ধ লেখক ড৹ পৰমানন্দ মজুমদাৰ, স্বপ্ননীল বৰুৱা, আলোকচিত্ৰশিল্পী সমীৰ চৌধুৰী আদিকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : ৰাজধানী গুৱাহাটী এবছৰত ২,৭৪৫ টা চুৰিৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.