ৰৌতা, 18 মে’ : অসমত উপস্থিত প্ৰবীণ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই তোগাড়ীয়া ৷ অসমৰ ওৰাঙত উপস্থিত হৈ ইচলাম ধৰ্মাৱলম্বী লোকক টাৰ্গেট কৰি কেবাটাও বিস্ফোৰণ মন্তব্য আগবঢ়ায় বিতৰ্কিত হিন্দুত্ববাদী নেতাগৰাকীয়ে । দেশত মুছলমানৰ বৰ্ধিত জনসংখ্যাই হিন্দুক বিপদত পেলাব পাৰে বুলি আশংকা প্ৰকাশ কৰে নেতাগৰাকীয়ে ।
আগন্তুক 50 বছৰৰ ভিতৰত মুছলমানৰ বৰ্ধিত জনসংখ্যাই হিন্দুৰ ভেঁটি অসুৰক্ষিত কৰিব বুলি দলীয় কৰ্মকৰ্তাৰ আগত কয় বিতৰ্কিত হিন্দুত্ববাদী নেতাগৰাকীয়ে । দেশ স্বাধীন হোৱাৰ সময়ত ভাৰতবৰ্ষত হিন্দুৰ জনসংখ্যা 87 শতাংশৰ পৰা 10% হ্ৰাস হৈ 77 % হৈছে আৰু মুছলমানৰ জনসংখ্যা 6% ৰ পৰা বৃদ্ধি হৈ 14 শতাংশ হোৱাৰ দাবী তুলিছে নেতাজনে । মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰক আইন প্ৰণয়ন কৰাৰো পোষকতা কৰে প্ৰবীণ ভাই তোগাড়ীয়াই ।
সমান্তৰালকৈ অসমৰ পৰা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক চৰকাৰে এতিয়ালৈ বিতাৰিত নকৰাত চিন্তা ব্যক্ত কৰে হিন্দুত্ববাদী নেতা তোগাড়ীয়াই । অসম তথা দেশৰ পৰা অনুপ্ৰৱেশকাৰীক আঁতৰ কৰিব নোৱাৰিলে হিন্দু অসুৰক্ষিত বুলি দাবী কৰে বিতৰ্কিত নেতাজনে । ওদালগুৰিৰ ওৰাঙত ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মকৰ্তাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত এইদৰে সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায় উগ্ৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই তোগাড়ীয়াই ।
ইফালে দেশৰ এক লাখ গ্ৰামাঞ্চলত হনুমান চালিছা কেন্দ্ৰ স্থাপনৰ লক্ষ্য বান্ধি লোৱাৰ কথা অৱগত কৰে তোগাড়ীয়াই । হনুমান চালিছা কেন্দ্ৰত হিন্দুৰ সুৰক্ষা, স্বাস্থ্য আৰু সন্মানৰ হকে কাম কৰা হ’ব । দৰিদ্ৰ হিন্দুক খাদ্য, চিকিৎসা, নিৰোগী হৈ থকাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা থাকিব বুলিও মন্তব্য কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অধ্যক্ষ প্ৰবীণ ভাই তোগাড়ীয়াই ।
আনহাতে চলিত লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত কোনো দলৰ নাম নোলোৱাকৈ ভাল ফলাফল হ'ব বুলি কৌশলী মন্তব্য আগবঢ়ায় নেতাগৰাকীয়ে ।
লগতে পঢ়ক: মোদী-শ্বাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ পাকিস্তানী শৰণাৰ্থীৰ - Citizenship through Caa