ETV Bharat / state

বিহাৰৰ পতিতালয়ৰ পৰা উদ্ধাৰ দুই কিশোৰী, আৰক্ষীৰ জালত 4 সৰবৰাহকাৰী - human traffickers Arrested

Guwahati Police : নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰি বিহাৰৰ পতিতালয়ত বিক্ৰী হোৱা দুই কিশোৰীক উদ্ধাৰ গুৱাহাটী আৰক্ষীৰ ৷ মহিলাসহ চাৰিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:38 PM IST

HUMAN TRAFFICKERS ARRESTED
আৰক্ষীৰ জালত 4 নাৰী সৰবৰাহকাৰী (ETV BHARAT ASSAM)

গুৱাহাটী, 8 জুলাই : ৰাজ্যত সক্ৰিয় হৈ আছে নাৰী দেহ সৰবৰাহকাৰী চক্ৰ ৷ ৰাজ্যত এতিয়া দৰিদ্ৰ পৰিয়ালৰ কিশোৰী-যুৱতীৰ ওপৰত চকু নাৰী দেহ সৰবৰাহকাৰী চক্ৰৰ ৷ সুযোগ পালেই বহিঃৰাজ্যৰ পতিতালয়ত বিক্ৰী কৰে অসমৰ কিশোৰী-যুৱতীক ৷ গুৱাহাটী মহানগৰীৰ দুই কিশোৰী উদ্ধাৰে পোহৰলৈ আনিছে এনে এক ভয়ংকৰ তথ্য ৷

গুৱাহাটীত নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰি পতিতালয়ত বিক্ৰী হোৱা দুই কিশোৰীক উদ্ধাৰ ৷ বিহাৰৰ পতিতালয়ৰ পৰা উদ্ধাৰ দুই কিশোৰীক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত মহিলাসহ চাৰি নাৰী সৰবৰাহকাৰী ৷ আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী কেইটা ইদ্ৰিছ আলী (27) , চিকন্দৰ আলী (48), তানবীৰ আলম (35) আৰু খাইৰুন নেছা (30) ৷

ঘটনা অনুসৰি ভুক্তভোগী কিশোৰী দুগৰাকীয়ে কৰ্মৰ সন্ধানত দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰি পল্টন বজাৰ ৰে’ল ষ্টেচনলৈ গৈছিল ৷ কিশোৰী দুগৰাকীয়ে পল্টন বজাৰ ৰে’ল ষ্টেচনত লগ পাইছিল চিকন্দৰ আলী আৰু ইন্দ্ৰিছ আলীক ৷ চিকন্দৰ আলী, ইন্দ্ৰিছ আলীৰ লগতে পত্নী বাবলিয়ে খাইৰুন নেছাৰ সহযোগত কিশোৰী দুগৰাকীক সহায় কৰাৰ চলেৰে বাছযোগে লৈ গৈছিল শিলিগুৰিলৈ ৷ তাতেই দুয়োগৰাকী কিশোৰীক 1,10,000 টকাত বিহাৰৰ এজন লোকক বিক্ৰী কৰিছিল সৰবৰাহকাৰী কেইটাই ৷ ইয়াৰ পিচতে এই চক্ৰটোৰ লগত জড়িত তনবীৰ আলমে ভুক্তভোগীৰ কিশোৰীৰ ভাতৃলৈ তেওঁলোকৰ মুক্তিৰ বাবত 30 হাজাৰ টকা দাবী কৰিছিল ৷

ভুক্তভোগীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৷ ভঙাগড় থানাত ভাৰতীয় দণ্ডবিধিৰ 363 / 370/370A/365/366/372/ 120B অধীনত 87/24 গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ তনবীৰ আলমে ধন দাবী কৰা ফোন নম্বৰ ট্ৰেক কৰি বিহাৰত উপস্থিত হয় ভঙাগড় আৰক্ষীৰ এটা দল ৷ বিহাৰৰ পৰাই তনবীৰ আলমক গ্ৰেপ্তাৰ কৰাৰ লগতে কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ঘটনাৰ লগত জড়িত চক্ৰটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ইদ্ৰিছ আলীৰ পত্নী পলাতক হৈ আছে ৷ পল্টন বজাৰ ৰে’ল ষ্টেচনত চাহৰ দোকান থকা চিকন্দৰ আলী আৰু সহযোগী ইদ্ৰিছ আলী আৰু পত্নী বাবলিৰ লগতে পশ্চিম বংগৰ খাইৰুন নেছাই কিশোৰীসকলক এইদৰে লক্ষ্য কৰি লয় ৷ পৰৱৰ্তী সময়ত কিশোৰীকসকলক জালত পেলাই বিক্ৰী কৰে পতিতালয়ত ৷

লগতে পঢ়ক : পত্নীপ্ৰেমে পৰিণত কৰিলে হত্যাকাৰীলৈ : আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হস্তনিৰ্মিত বন্দুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.