ETV Bharat / state

চাইবাৰ প্ৰৱঞ্চকে আপোনাক কিদৰে জালত পেলাব পাৰে ? জানি লওক চাইবাৰ অপৰাধীৰ কৌশলসমূহ - Cyber crime in Assam

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 6:58 PM IST

Online trading scam: অনলাইন ট্ৰেডিঙৰ নামত বিভিন্নজনে ধন হেৰুওৱাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ইয়াৰ জালখনৰ সন্দৰ্ভত আৰক্ষী তৎপৰ হোৱা দেখা গৈছে ৷ বিভিন্ন ধৰণে চাইবাৰ অপৰাধীয়ে লুটি আছে সাধাৰণ লোকৰ ধন ৷ কি কি ধৰণে আপুনি চাইবাৰ অপৰাধীৰ জালত পৰিব পাৰে ? জানি লওক সবিশেষ-

Cyber crime in Assam
চাইবাৰ প্ৰৱঞ্চকে আপোনাক কিদৰে জালত পেলাব পাৰে ? (ETV Bharat Assam)

গুৱাহাটী, ৪ ছেপ্টেম্বৰ: চাইবাৰ প্ৰৱঞ্চকৰ পৰা সাৱধান হওক । সাৱধান নহ'লে চাইবাৰ প্ৰৱঞ্চনাৰ বলি হ'ব পাৰে আপুনিও । ন ন কৌশল অৱলম্বন কৰি চাইবাৰ অপৰাধীয়ে আপোনাক জালত পেলাই লুটি নিব পাৰে সাঁচতীয়া ধন । চাইবাৰ প্ৰৱঞ্চকে আপোনাক কিদৰে জালত পেলাব পাৰে এই বিষয়ে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জনালে সবিশেষ-

মহানগৰ আৰক্ষী আয়ুক্তই সৰ্বসাধাৰণ ৰাইজক সজাগ হোৱাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই কি কি ধৰণে চাইবাৰ অপৰাধ সংঘটিত হৈ আহিছে সেই বিষয়ে উল্লেখ কৰে ৷ তেওঁ কয় যে বিভিন্ন ধৰণে চাইবাৰ অপৰাধীয়ে প্ৰৱঞ্চনাৰ জাল পেলাব পাৰে ৷ তাৰে কেইটামান উদাহৰণ তলত দিয়া ধৰণৰ-

এ পি ডি চি এল কেলেংকাৰী: বৰ্তমান সময়ত এটা অন্যতম কেলেংকাৰী হৈছে এ পি ডি চি এল কেলেংকাৰী । আপোনাৰ ফোনত এটা হঠাৎ মেচেজ আহিব পাৰে, নহ’লে ফোন আহিব পাৰে যে ‘‘আপোনাৰ বিদ্যুতৰ মিটাৰৰ ৰিচাৰ্জ শেষ হৈছে । শীঘ্ৰেই কাটি দিয়া হ'ব বিদ্যুত সংযোগ, অতি শীঘ্ৰে এই লিংকত পেমেন্ট কৰক ।’’ কিন্তু সেয়া আচলতে চাইবাৰ প্ৰৱঞ্চকৰে এক কৌশল ৷

ডিজিটেল এৰেষ্ট: আপোনালৈ হঠাৎ ফোন আহিব পাৰে । ক’ব পাৰে আপোনাৰ ল'ৰা বা ছোৱালী ধৰ্ষণ বা ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে । যদি গোচৰটোৰ ক্ষেত্ৰত বুজাবুজি কৰিব বিচাৰিছে, এই নম্বৰটোত ধন দিয়ক । বহু অভিভাৱকে পুত্ৰ-জীয়াৰীলৈ ফোন নকৰি ধন দি সৰ্বস্বান্ত হৈছে ।

ভুৱা শুল্ক বিভাগৰ ফোন: হঠাৎ আপোনালৈ মুম্বাই, দিল্লী বা চেন্নাইৰ শুল্ক বিভাগৰ পৰা ভুৱা ফোন আহিব পাৰে । ফোনত ক’ব আপোনাৰ নামত পাৰ্চেল এটা আছিলে যিটো ডুবাইলৈ যাব । এই পাৰ্চেলটোত ড্ৰাগছ পোৱা গৈছে । এই ঘটনাটো বুজাবুজি কৰিব বিচাৰিছে যদি অনলাইন ধন দিয়ক ।

ভুৱা লোন এপ: একাংশ ভুৱা লোন এপে লোন দিম বুলি বিজ্ঞাপন দিয়ে । বহু লোকে সহজলভ্য ধনৰ আশাত পঞ্জীয়ন কৰি লোন ল’বলৈ গৈ কষ্টপাৰ্জিত ধন হেৰুৱাইছে ।

ৱৰ্ক ফ্ৰম হোম: আপোনালৈ ৱৰ্ক ফ্ৰম হোম বুলি মেইল আহিব । ঘৰত বহিয়েই কাম কৰিব পাৰিব । কাম কৰিব বিচাৰিলে পঞ্জীয়ন কৰিব লাগিব । বহু লোকে ইয়াত পঞ্জীয়ন কৰি সৰ্বস্বান্ত হৈছে ।

লগতে পঢ়ক: ৯ ঘণ্টা দীক্ষুৰ ঘৰত আত্মগোপন চুমী-তাৰ্কিকৰ : নাম সাঙোৰ খাইছে ইগৰাকীৰ পিছত সিগৰাকী শিল্পীৰ - Bishal Phukan Trading Scam

দেৰগাঁৱত ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ: কেইবা কোটি আত্মসাতৰ অভিযোগ ভুক্তভোগীৰ - Online Trading Scam

চুমী বৰাৰ 'ডেষ্টিনেশ্যন' এতিয়াও অজ্ঞাত: এইবাৰ তেজপুৰত তিনিশ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হেমেন ৰাভা - online trading scam

হোটেল, ফ্লাইট বুকিং: হোটেল বা ফ্লাইট বুকিঙৰ নামতো প্ৰৱঞ্চনা চলি আছে । বহু লোকে এনে ভুৱা ৱেবচাইটত বুকিং কৰিবলৈ গৈ সৰ্বস্বান্ত হৈছে ।

বিনিয়োগ জালিয়াতি: বিনিয়োগৰ নামত বহু লোকে কোটি কোটি টকা হেৰুৱাইছে । বহু এপ্লিকেচন আছে ইয়াত বিনিয়োগ কৰিলে লোভনীয় মাত্ৰাৰ ধন ঘূৰাই দিয়াৰ কথা কয় । বিনিয়োগ কৰাৰ পিছত ভাৰচুৱেলী লাভ হোৱা দেখুৱায় । যেতিয়াই ধনখিনি বেংকৰ দ্বাৰা উলিয়াবলৈ যায় তেতিয়াহে চাইবাৰ প্ৰৱঞ্চনাৰ বলি হোৱা কথা পোহৰলৈ আহে ।

মেইল স্কেম : আপোনালৈ বিভিন্ন আৰক্ষীৰ, আৰক্ষী বিষয়া বা সংস্থাৰ নামত মেইল আহিব । তাত উল্লেখ কৰিব আপুনি পৰ্ণগ্ৰাফী চাইছে, চাইল্ড পৰ্ণগ্ৰাফী চোৱা ধৰা পেলোৱা হৈছে । কিয় এনে কৰিছে তাৰ উত্তৰ দিয়ক । যদি কোনো লোকে প্ৰত্যুত্তৰ কৰে, তেন্তে বিভিন্ন প্ৰকাৰে ভয় খুৱাই পইচা দিবলৈ বাধ্য কৰে ৷

হোৱাটছ এপত ভিডিঅ' কল: হোৱাটছ এপত ভিডিঅ' কল আহিব পাৰে আপোনালৈ । ফোনটো ৰিচিভ কৰিলে কোনো নগ্ন মহিলাৰ ফটো ওলাব স্ক্ৰীণত । আপোনাৰ সৈতে মহিলাগৰাকীৰ নগ্ন ফটোৰ ভিডিঅ' ৰেকৰ্ডিং কৰি পঠিয়াই দিয়ে । ধন নিদিলে ভাইৰেল কৰি দিম বুলি ভাবুকি দিয়ে ।

ভুৱা টেক্স মেছেজ: টেক্স মেছেজ আহিব বা ফোন আনিব আপোনাৰ বেংক একাউণ্টলৈ মোৰ পৰা ভুলতে ধন সোমাইছে । আপুনি ঘূৰাই দিয়ক নহ'লে গোচৰ দিম । যদি কোনো লোকে পৰীক্ষণ নকৰাকৈ ধন প্ৰদান কৰে, তেতিয়া তেওঁ প্ৰৱঞ্চনাৰ বলি হয় ৷

ভুৱা ফেচবুক একাউন্ট: সঘনাই ঘটি থকা এক চাইবাৰ ক্ৰাইম হৈছে ভুৱা ফেচবুক একাউণ্ট । আৰক্ষী বিষয়াৰ নামত ফেচবুক একাউণ্ট খুলি মেচেজ দিব যে তেওঁৰ লগৰ সামৰিক বাহিনীত কাম কৰা বন্ধুৱে ফাৰ্ণিচাৰ বিক্ৰী কৰিব । এইটো তেখেতৰ ফোন নম্বৰ, যোগাযোগ কৰিব । যদি কোনোৱে এই ফোনকলৰ জালত পৰে তেওঁ সৰ্বস্বান্ত হোৱাটো নিশ্চিত ৷

আনহাতে AI ব্যৱহাৰ কৰি কোনো এজন আৰক্ষী বিষয়াৰ মাত দি ফোন কৰি বন্ধুৰ বিপদৰ বাবে অলপ ধনৰ প্ৰয়োজন বুলি কয় । পিচত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন বিচাৰে । আনকি বিষয়াজনৰ সৈতে কথাপাতি ল’বলৈও পৰামৰ্শ দিয়ে ৷ এনেদৰেই প্ৰৱঞ্চকে ধন সৰকাই নিয়ে ৷

এনেদৰে ন ন কৌশল অৱলম্বন কৰি চাইবাৰ অপৰাধীয়ে ধন লুটি নি আছে । সেয়ে ৰাইজ সজাগ সচেতন হোৱা প্ৰয়োজন । এনেধৰণৰ ঘটনা হ'লে ভয় খাব নালাগে বুলি মন্তব্য কৰি আৰক্ষী আয়ুক্ত বৰাই কয়, ‘‘যোৱা বছৰ ছেপ্টেম্বৰত মুকলি হোৱা আমাৰ চাইবাৰ থানাত বৰ্তমানলৈ ৬০৬ টা অভিযোগ পাইছো । অভিযোগকাৰীৰ পৰা প্ৰায় ৩৫ কোটিতকৈ অধিক টকা লুটিছে চাইবাৰ অপৰাধীয়ে । তাৰ ভিতৰত আমি মাত্ৰ আঢ়ৈ কোটি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো ।’’

লগতে পঢ়ক: ট্ৰেডিং প্ৰৱঞ্চনাত জড়িত ৩৬ জনক গ্ৰেপ্তাৰ : চক্ৰ উৎখাতৰ বাবে তৎপৰ অসম আৰক্ষী - Himanta Biswa Sarma

বিশাল ফুকনৰ পাছতে এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত ৰঞ্জিত কাকতি - Stock Market Investment Scam

আপোনাৰ সন্তানে কি কাম কৰে জানেনে ? যদি নাজানে সাৱধান হওক - Assam police cyber cell

প্ৰযোজকৰ ভূমিকা লোৱা বিশালে কিয় আধাতে এৰিছিল ছবিৰ কাম ? - Online Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.