ETV Bharat / state

তিনি মাহতেই সৰ্বাধিক ৰাজহ সংগ্ৰহৰ অভিলেখ কামৰূপ মহানগৰ জিলা পৰিবহণৰ - Kamrup Metro DTO Revenue

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 1:17 PM IST

Kamrup Metro DTO Revenue 2024 : কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈ ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিলে । এই সময়ত বিভাগে কিমান ৰাজহ সংগ্ৰহ কৰিলে ?

Kamrup Metro DTO Revenue 2024
কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ (ETV BHARAT ASSAM)

গুৱাহাটী, ২ জুলাই : কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে চলিত ২০২৪-২৫ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈ প্ৰথম তিনি মাহত ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে এই তিনি মাহত ১০৯ কোটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিছে ।

পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰী কৰা মতে, চলিত বিত্তীয় বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈকে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ সংগৃহীত ৰাজহৰ পৰিমাণ হৈছে ১০৯ কোটি ১৯ লাখ ৮৭ হাজাৰ ৮১৩ টকা । ইয়াৰ পূৰ্বে বিগত ২০২৩-২৪ বর্ষৰ প্ৰথম তিনি মাহত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ৮৯ কোটি ৫৪, লাখ ৭৯ হাজাৰ ১১২ টকা ।

বিগত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত এইবেলি প্ৰায় ১৯.৬৫ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে । ৰাজহ বৃদ্ধিৰ পৰিমাণ হ'ল ২২ শতাংশ । বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে সদৰী কৰা ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাইজ, যান-বাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিগত বৰ্ষৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ বিশেষ অভিযান আৰম্ভ কৰে ।

লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা বুলি তেওঁ কয় । সেই অনুসৰি বেছিভাগ বাহনৰ গৰাকীয়ে ইতিবাচক সঁহাৰি জনোৱাত পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায় ।

লগতে পঢ়ক:ৰাজহ সংগ্ৰহৰ বাবে চৰকাৰে কোনো উৎস উলিয়াব পৰা নাই: অখিল গগৈ - Liquor Sales In Assam

অৱশ্যে এতিয়াও এক বুজন সংখ্যক লোকে বিভাগক বকেয়া কৰ আদায় দিয়া নাই বুলিও বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে মন্তব্য় কৰে । আনকি বাহনৰ গৰাকীসকলৰ সুবিধাৰ বাবে জিলা পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সময়ে সময়ে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে ।

এই সভাসমূহত বাহনৰ গৰাকীৰ লগতে সাধাৰণ ৰাইজ,বাহন ব্যৱহাৰকাৰী, বাহন ব্যৱসায়ৰ লগত জড়িত সকলোৱে ইতিবাচক সঁহাৰি জনাইছে । বৰ্তমান পৰিবহণ বিভাগৰ অধিকাংশ সেৱা অনলাইন মাধ্যমৰে সম্পন্ন হোৱাত ৰাইজে কাৰ্যালয়লৈ নহাকৈয়ে বাহনৰ কাম সমূহ সম্পন্ন কৰিবলৈ সুবিধা লাভ কৰিছে ।

লগতে পঢ়ক:১০ জুনৰ পৰা ঘৰতে কৰিব পাৰিব যান-বাহনৰ সমস্যাৰ সমাধান - Special public service programme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.