ETV Bharat / state

অসম মুছলমান বিবাহ আইন বাতিল: 20 আগষ্টত চূড়ান্ত শুনানিৰ দিন ঘোষণা - Gauhati HC on Muslim Marriage act

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 11:23 AM IST

Assam moslem marriages and divorces registration act 1935: মুছলমান লোকৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি গ্ৰহণ । 20 আগষ্টত গোচৰটোৰ চূড়ান্ত শুনানিৰ দিন ধাৰ্য কৰা হৈছে । অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত ইয়াকে লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা অধিক ।

Etv Bharat
গুৱাহাটী উচ্চ ন্যায়ালয় (ETV Bharat Assam)

গুৱাহাটী, 14 আগষ্ট: মুছলমান লোকৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে ৰাজ্যত থকা 1935 চনৰ অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল কৰা বিষয়ক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙলবাৰে পুনৰ শুনানি গ্ৰহণ কৰে । অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন 1935 বাতিলৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত আৰু তাৰ পৰৱৰ্তী সময়ত জাৰি কৰা অধ্যাদেশক প্রত্যাহ্বান জনাই সদৌ অসম কাজী সন্থাই এখন লেখ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ।

ইয়াৰ লগতে তিনিটা আন পক্ষৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন 1935 বাতিলৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত আৰু তাৰ পৰৱৰ্তী সময়ত জাৰি কৰা অধ্যাদেশক প্রত্যাহ্বান জনাই তিনিখন লেখ আৱেদন কৰিছিল । মঙলবাৰে এই সকলো পক্ষৰ মতামত গ্ৰহণ কৰি আদালতে অহা 20 আগষ্টত গোচৰটোৰ চূড়ান্ত শুনানিৰ দিন ধাৰ্য কৰিছে ।

উল্লেখ্য যে মুছলমান লোকৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে ৰাজ্যত থকা 1935 চনৰ অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল কৰা বিষয়ক লৈ আদালতৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰে আদালতত শপত দাখিল কৰিছে বুলি গোচৰীয়া পক্ষৰ অধিবক্তা জুনেইদ খালিদে জনায় । 13 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ আদালতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল ।

পূৰ্বতে শুনানি গ্রহণ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত 22 জুনৰ শুনানি গ্ৰহণ কৰি এই সন্দৰ্ভত চৰকাৰৰ পৰা উত্তৰ বিচাৰি 1 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ আদালতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল । কিন্তু ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰা নাছিল ।

উল্লেখ্য যে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে যোৱা 24 ফেব্ৰুৱাৰীৰ কেবিনেটত উল্লিখিত আইনখন বাতিলৰ প্ৰস্তাৱত অনুমোদন জনাইছিল । তাৰ পাচত যোৱা 15 মাৰ্চত ৰাজ্যপালে অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন প্রত্যাহাৰৰ বাবে অধ্যাদেশ জাৰি কৰে ।

চৰকাৰৰ সিদ্ধান্ত আৰু অধ্যাদেশক প্রত্যাহ্বান জনোৱা কাজী সন্থাই পুৰণি আইনখন প্ৰত্যাহাৰৰ পাচত আৰু নতুন আইন নকৰালৈকে এই সময়ছোৱাত মুছলমান লোকসকলৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে এক বিকল্প ব্যৱস্থাৰ বাবে আদালতৰপৰা অন্তৱৰ্তী আদেশ বিচাৰিছিল যদিও বিচাৰপীঠে লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলৱৎ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি এনে কোনো অন্তৰ্ৱর্তী আদেশ দিবলৈ অমান্তি হৈছিল ।

উল্লেখ্য যে, অহা 22 আগষ্টৰ পৰা বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন আৰম্ভ হ'ব । এই‌ অধিৱেশনত এই সন্দৰ্ভত সদনত বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে । গতিকে 20 আগষ্টৰ শুনানিত আদালতে এই সন্দৰ্ভত কি ৰায় দিয়ে তাৰ ওপৰত সকলো কথা নিৰ্ভৰ কৰিব ।

লগতে পঢ়ক: মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন বাতিল নকৰিবলৈ মুখ্য়মন্ত্ৰীক সকীয়নি - Muslim Marriage and Divorce Act

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত মুছলিম সমাজ : ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ - Muslim Marriage and Divorce Act

অসমৰ মুছলমান বিবাহ আইন বাতিল: ১৩ আগষ্টত চূড়ান্ত শুনানি - Assam Muslim Marriage act

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.