ETV Bharat / state

চাৰিগৰাকী পত্নীক এৰি ডিঙিত চিপ ল’লে প্ৰতিষ্ঠিত উদ্যোগপতি কুমাৰ গৌৰৱে - Mysterious death - MYSTERIOUS DEATH

Businessman commits suicide: নিজ বাসগৃহতে ডিঙিত চিপ ল’লে এগৰাকী প্ৰতিষ্ঠিত উদ্যোগপতিয়ে ৷ আত্মহত্যাৰ আঁৰত পাৰিবাৰিক কন্দল বুলি সন্দেহ আৰক্ষীৰ ৷ ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা ৷

Guwahati businessman commits suicide at his residence in noonmati
উদ্যোগপতি কুমাৰ গৌৰৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 5:31 PM IST

গুৱাহাটী, 21 জুলাই: মহানগৰীত প্ৰতিদিনেই সংঘটিত হৈছে এটাৰ পাচত আনটো ৰহস্যজনক মৃত্যুৰ ঘটনা ৷ এইবাৰ ৰহস্যজনকভাবে মৃত্যুক আঁকোৱালি ল’লে এগৰাকী উদ্যোগপতিয়ে ৷ উদ্যোগপতিগৰাকী কুমাৰ গৌৰৱ বুলি জানিব পৰা গৈছে ৷

চাৰিগৰাকী পত্নীক এৰি ডিঙিত চিপ ল’লে প্ৰতিষ্ঠিত উদ্যোগপতি কুমাৰ গৌৰৱে (ETV Bharat Assam)

গুৱাহাটীৰ প্ৰতিষ্ঠিত উদ্যোগপতি তথা জালুকবাৰীৰ কুমাৰ ইঞ্জিনীয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱক দেওবাৰে নিজৰ শুৱনিকোঠাত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে, নুনমাটিৰ জয়ন্ত নগৰত তেওঁৰ চতুৰ্থগৰাকী পত্নীৰ সৈতে থাকে বিশিষ্ট উদ্যোগপতিগৰাকী আৰু নুনমাটিস্থিত উক্ত বাসগৃহটোৰেই শুৱনিকোঠাত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে বিশিষ্ট উদ্যোগপতিগৰাকীৰ মৃতদেহ ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, শনিবাৰৰ পুৱাৰ ভাগত চতুৰ্থ পত্নীৰ সৈতে কোনো বিষয়ক লৈ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল কুমাৰ গৌৰৱৰ । ইয়াৰ পিছতে কুমাৰ গৌৰৱে নিজৰ শুৱনি কোঠাত নিজকে আৱদ্ধ কৰিছিল । বিয়লি 4 মান বজাত চতুৰ্থ পত্নীয়ে কেবাবাৰো মাত দিয়াৰ পিছতো কুমাৰ গৌৰৱে কোনো সঁহাৰি নিদিয়াত অৱশেষত দুৱাৰ ভাঙি ৰুমৰ ভিতৰত প্রৱেশ কৰে চতুৰ্থ পত্নীয়ে আৰু কুমাৰ গৌৰৱক চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ।

ইয়াৰ পিছতে পত্নীয়ে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীক খবৰ দিয়ে । কিছুসময়ৰ পিছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । পাৰিবাৰিক কন্দলৰ বাবেই বিশিষ্ট উদ্যোগপতিগৰাকীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে প্ৰাথমিকভাবে সন্দেহ প্ৰকাশ কৰিছে যদিও আত্মহত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ।

কুমাৰ গৌৰৱে গুৱাহাটীৰ জালুকবাৰীত কুমাৰ ইঞ্জিনীয়াৰিং নামৰ এটা কোম্পানী খুলি ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ।

মৃত্যুৰ পূৰ্বে প্ৰতিষ্ঠিত ব্যৱসায়ী কুমাৰ গৌৰৱে চাৰিগৰাকী পত্নীক এৰি থৈ যায় ।

বিশেষ টোকা: যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ।

লগতে পঢ়ক: স্বামীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা পত্নীৰ - Wife tries to kill husband

প্ৰথমে মৃত যুৱকক পৰিয়ালৰ অজ্ঞাতে কৰিলে সৎকাৰ, তাৰ পিচত আত্মহত্যা : নামৰূপত ভয়ংকৰ কাণ্ড - Consequences of drug addiction

ফোন চোৱাত মাতৃয়ে দিছিল বাধা: আত্মহত্য়া ১১ বছৰীয়া কিশোৰীৰ - Mobile Phone Addiction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.