ETV Bharat / state

জোনাইত বাঢ়নী পানীয়ে ছিঙিলে গাইড বান্ধ; নিদ্ৰাহৰণ ৰাইজৰ - Assam flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 12:51 PM IST

Updated : Jun 29, 2024, 2:18 PM IST

Flood in Jonai: জোনাইত বাঢ়নী পানীয়ে ছিঙিলে গাইড বান্ধ । কেবাখনো গাঁৱৰ খেতিপথাৰ, বাট-পথ আৰু ঘৰ-দুৱাৰ ডুব যোৱাৰ আশংকাত দিন কটাইছে স্থানীয় লোকে । চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৷

Guide dam collapsed in Jonai for flood
জোনাইত বাঢ়নী পানীয়ে ছিঙিলে গাইড বান্ধ; আতংকিত গঞা (ETV Bharat Assam)

জোনাই, 29 জুন: জোনাইৰ অসম-অৰুণাচল সীমান্ত অঞ্চলত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত শনিবাৰৰ পুৱাই খৰস্ৰোতা ৰায়াং নদীয়ে ছিঙিলে গাইড বান্ধ । এই গাইড বান্ধ ছিঙি যোৱাৰ ফলত অঞ্চলটোৰ প্ৰায় দহখনতকৈ অধিক গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ লগতে কেবাখনো গাঁৱৰ হাজাৰৰো অধিক পৰিয়ালৰ খেতি পথাৰ, ঘৰ-দুৱাৰ পানীত ডুব গৈছে ৷ ইয়াৰ উপৰিও অঞ্চলটোলৈ যোৱা একমাত্ৰ লোকনিৰ্মাণ বিভাগৰ অধীনৰ পথটোৰ ওপৰেৰে পানী বাগৰি যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: শান্ত হোৱা নাই কপিলী : গাখীৰ ঢালি কাকুতি ঘোষা কপিলীপৰীয়াৰ - Kapili River Erosion

এই গাইড বান্ধৰ পানীয়ে অঞ্চলটোৰ 2 নং চিৰামপুৰীয়া, কাৰ্দংচুক, ৰাংকপ দেউৰী, বিজয়পুৰ দেউৰী, উত্তৰ কাৰ্দংচুক, ভেকেলী গাঁও, মধ্য লখিপুৰ, মেম্বাৰচুক আদি গাঁৱকে ধৰি প্ৰায় দহখনতকৈ অধিক গাঁৱত বাঢ়নী পানী প্ৰৱেশ কৰিছে, যিয়ে স্থানীয় লোকৰ মনত বৃদ্ধি কৰিছে বিপদৰ আশংকা কৰিছে ।

লগতে পঢ়ক: জীয়াঢলৰ খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ - Erosion of Jiadhal River

উল্লেখযোগ্য যে, যোৱা বৰ্ষতে এই গাইড বান্ধ নিৰ্মাণৰ বাবে ৰাইজে বিভিন্ন সময়ত বিধায়কৰ লগতে স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছিল কিন্তু কোনো বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি ৰাইজে অভিযোগ তুলিছে ।

ক্ৰমাৎ উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷ ৰাজ্যখনৰ ভিতৰত কৰিমগঞ্জ জিলাত বানে জটিল ৰূপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷ বৰ্তমানেও বানৰ কবলত আছে অসমৰ 5 খন জিলা ৷ অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্য মতে, অসমৰ কামৰূপ, কৰিমগঞ্জ, কাছাৰ, বৰপেটা আৰু ধেমাজি জিলা বৰ্তমানেও বানৰ কবলত । বানত চলিত বছৰত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 32 জনলৈ

আনহাতে, অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা দিকাৰী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৰামধন ধিকাৰী গাঁও পঞ্চায়তৰ কেইবাখনো গাঁও ৷ বছৰটোৰ প্ৰথমতো বানত জোনাইৰ ৰামধন দিখিৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে ৷ শুকুৰবাৰৰ নিশাৰ পৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত দিখাৰী নদীৰ বাঢ়নী পানীয়ে 1, 2, 3 নং জামুগুৰিকে ধৰি 1, 2 নং উলুৱনী, লংকাকে আদি কৰি প্ৰায় 15 খনৰো অধিক গাঁও সম্পূৰ্ণৰূপে বুৰাই পেলোৱাত জলবন্দী হৈ পৰিছে অঞ্চলটোৰ শ শ পৰিয়াল ৷

লগতে পঢ়ক: পুনৰ কৃত্ৰিম বানত বুৰিল ডিব্ৰুগড় চহৰ - Assam Flood 2024

সুস্থিৰ হোৱাৰ দিশে ৰাজ্যৰ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ৩০ লৈ বৃদ্ধি - Assam Flood 2024

বান নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূবত সৃষ্টি কৰিব লাগে বৃহৎ পুখুৰী: পৰ্যালোচনা বৈঠকত অমিত শ্বাহৰ পৰামৰ্শ - HM Amit Shah

Last Updated : Jun 29, 2024, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.