লখিমপুৰ, 22 মাৰ্চ : অকালতে হেৰাই গ’ল এক জাতীয়তাবাদী চিন্তাৰে উদ্বুব্ধ এজন যুৱক ৷ বৃহস্পতিবাৰৰ নিশা ৰাজপথত নিজ গাড়ীৰে গৈ থকা অৱস্থাত যুৱকজনে সপোনতো কল্পনা কৰা নাছিল সেয়াই তেওঁৰ শেষ যাত্ৰা ৷

হয়, এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ঢকুৱাখনাৰ তথা সমগ্ৰ লখিমপুৰ জিলাৰ সৰবৰহী যুৱক তথা লখিমপুৰ জিলা ছাত্র ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে । ছাত্ৰ নেতাজনে নিশা লখিমপুৰ নগৰৰ পৰা এএছ 07 টি 1986 নম্বৰৰ চুইফট বাহনখনেৰে তেওঁৰ ঢকুৱাখনাৰ ঘৰলৈ বুলি গৈ থকা অৱস্থাতে বগীনদীৰ সমীপৰ কণানদীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত দুঘর্টনাত পতিত হয় ।
স্বৰাজ শংকৰ গগৈয়ে নিজে চলাই যোৱা বাহনখনে নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দিয়াই আৰু দ’ খাৱৈত বাগৰি পৰে । এই ভয়ংকৰ দুৰ্ঘটনাত বাহনখন বিধ্বস্ত হৈ পৰাৰ লগতে তেওঁৰ থিতাতে মৃত্যু হয় ।

বাহনখনত স্বৰাজৰ বাহিৰে আন কোনো ব্যক্তি নাছিল বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোৰ পাচত নিশাই আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু গগৈৰ মৃতদেহটো নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, ঢকুৱাখনা নিবাসী ভদ্ৰ গগৈৰ পুত্র স্বৰাজ শংকৰ গগৈ ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক আছিল । দুবছৰ মান পূৰ্বে ছাত্র সন্থাই গগৈক জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে ৷

তেতিয়াৰ পৰা মৃত্যুৰ আগমুহূৰ্ত পৰ্যন্ত গগৈ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক হিচাপে সংগঠনটোক সন্মুখৰ পৰা নেতৃত্ব দি আছিল । প্ৰায় 30 বছৰ বয়সতে আকম্মিকভাবে অকাল মৃত্যুক আকোঁৱালি লোৱা ছাত্র নেতা স্বৰাজ শংকৰ গগৈ অতি স্পষ্টবাদী, সাহসী, আৰু মৰমীয়াল চৰিত্ৰৰ বাবে কেৱল ছাত্ৰ সন্থাৰ মজিয়াতে নহয় সকলো ক্ষেত্রৰ ৰাইজৰ বাবে তেওঁ আছিল আদৰৰ ।
গগৈৰ অকাল বিয়োগত লখিমপুৰত পৰিছে শোকৰ ছাঁ ৷ জিলা ছাত্র সন্থাই মৰণোত্তৰ পৰীক্ষাৰ পাছত গগৈৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰে । লখিমপুৰৰ বিভিন্ন দল-সংগঠন তথা ৰাইজেও ছাত্র নেতাজনৰ নশ্বৰ দেহৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ছাত্র নেতাজনৰ অকাল বিয়োগত জিলা ছাত্র সন্থাই পতাকা অৰ্ধনমিত কৰাৰ লগতে সমগ্র নগৰখনৰ ব্যৱসায়ীসকলে এঘন্টাৰ বাবে ব্যৱসায়িক প্ৰতিস্থানসমূহ বন্ধ কৰি গগৈলৈ শ্ৰদ্ধা জ্ঞাপন কৰে ।

শ্ৰদ্ধাঞ্জলি আয়োজন কৰা স্থলীত স্থানীয় বিধায়ক মানৱ ডেকা উপস্থিত হৈ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায় ৷
লগতে পঢ়ক: মাধ্যম বিতৰ্ক: লখিমপুৰত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ