ETV Bharat / state

মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়ালৈ জীৱনজোৰা সাধনা বঁটা - Lifetime achievement award

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 9:04 PM IST

Updated : Aug 14, 2024, 10:02 PM IST

Lifetime achievement award : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াক জীৱনজোৰা সাধনা বঁটা প্ৰদান ৷ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ড° শইকীয়ালৈ আগবঢ়োৱা হয় এই সন্মান ৷

GREATER DIBRUGARH PRESS CLUB
ড৹ নগেন শইকীয়ালৈ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বিশেষ সন্মান (ETV Bharat Assam)

ডিব্ৰুগড়, 14 আগষ্ট : উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ জিলাখনৰ ডিকমৰ পৰা খোৱাঙলৈকে কৰ্মৰত সাংবাদিকসকলক লৈ গঠিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত আজি অনুষ্ঠিত হয় ৷

মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়ালৈ জীৱনজোৰা সাধনা বঁটা (ETV Bharat Assam)

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতেই দিনৰ ভাগত নতুন ভাৰতীয় ফৌজদাৰী আইনৰ ওপৰত এক বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড়ৰ ন্যায়িক আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ চন্দন শইকীয়া ৷ কৰ্মশালা সমাপ্ত হোৱাৰ পিছতেই সাহিত্য সভা ভৱনত গুৰুত্বপূৰ্ণ মুকলি সভা অনুষ্ঠিত হয় ৷

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মনজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত ডিব্ৰুগড়ৰ সাহিত্য, সাংস্কৃতি জগতৰ লগত জড়িত থকা কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানতে অশোক কুমাৰ বৰগোহাঞি বঁটা প্ৰদান কৰা হয় খোৱাং অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক বাবুল সোণোৱালক ৷ লগতে এইবাৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰথিতযশা সাহিত্যিক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়ালৈ জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰে ৷

লগতে পঢ়ক : স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰৰ সেৱা পদক ঘোষণা : অসম আৰক্ষীৰ ২২ গৰাকীলৈ পদক - INDEPENDENCE DAY 2024

বিশিষ্ট সাহিত্যিকগৰাকীৰ অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাত প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলে তেখেতৰ বাসগৃহতে বঁটা প্ৰদান কৰে ৷ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে আঁত ধৰা অনুষ্ঠানটোত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সংবাদকৰ্মীসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : খানাপাৰাত স্বাধীনতা দিৱসৰ প্ৰস্তুতি : পেৰেডৰ অন্তিম আখৰা পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধানৰ - Independence Day 2024

Last Updated : Aug 14, 2024, 10:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.