ETV Bharat / state

এইবাৰ চৰকাৰৰ ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য : মুখ্যমন্ত্ৰী - Amrit Brikshya Andolan

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 4:19 PM IST

Amrit Brikshya APP : অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ এপ মুকলি কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই এপ মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে চৰকাৰে ৰোপণ কৰা ৯০ শতাংশ গছপুলি জীয়াই আছে বুলি দাবী কৰে ।

CM Himanta Biswa Sarma
অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ এপ মুকলি (ETV Bharat Assam)

গুৱাহাটী, ১৯ জুলাই: এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমত ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । দিছপুৰ লোকসেৱা ভৱনত শুক্ৰবাৰে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ এপ মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা‌ ঘোষণা কৰে । তেওঁ কয় যে যোৱা বছৰ এই অমৃত বৃক্ষ আন্দোলনৰ আৰম্ভ কৰা হৈছিল । যোৱা বছৰ ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ।

১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ অমৃত বৃক্ষ আন্দোলন: মুখ্যমন্ত্ৰীগৰাকীয়ে ‌কয় যে যোৱা বছৰ ১৭ ছেপ্টেম্বৰত একে দিনাই গছপুলি ৰোপণৰ সিদ্ধান্ত লোৱা হৈছিল । এইবাৰ ১৫ দিনত এই তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । যোৱাবাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে একেদিনাই গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা‌ হৈছিল । এইবাৰ অহা ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । ৫০ লাখ লোকে এই‌ কাৰ্যসূচীত অংশ ল'ব ‌বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

যোৱা বছৰ ৰোপণ কৰা ৯০ শতাংশ গছপুলি জীয়াই আছে: যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমত ৰোপণ কৰা ৯০ শতাংশ গছপুলি জীয়াই আছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে । তেওঁ কয় যে যোৱা বছৰ ১ কোটি ১২ লাখ গছপুলি ৰোপণ কৰা‌ হৈছিল । যোৱা বছৰৰ নিবিদা আহ্বান কৰি ফাৰ্মৰ পৰা গছপুলি ক্ৰয় কৰা হৈছিল বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি এইবাৰ বন বিভাগে ৪ কোটি গছপুলি যোগান ধৰিব বুলি কয় । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা ৩-৪ বছৰত ৰাজ্য় চৰকাৰে অসমত ১০ কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক:আকিৰা মিয়াৱাকি পদ্ধতিৰে অতিৰিক্ত বৃক্ষৰোপণ গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষৰ - Plantation Programme

অসমত ১০ হাজাৰ হেক্টৰ বনভূমি উদ্ধাৰ : অসম চৰকাৰে যোৱা তিনি বছৰত বনভূমিত অবৈধ দখল উচ্ছেদ কৰি ১০ হাজাৰ হেক্টৰ বনভূমি উদ্ধাৰ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে এই মাটিত বন বিভাগে বনানীকৰণ কৰিব । তেওঁ ব্ৰহ্মপুত্ৰ নদীখন দ' কৰি সৰু কৰাৰ বাবে অসম চৰকাৰে আই আই টিৰ জৰিয়তে এক পৰীক্ষামূলক কাম কৰি আছে । এইক্ষেত্ৰত সফল হ'লে অদূৰ ভৱিষ্যতে এক ভাল খবৰ অসমৰ বাবে কঢ়িয়াই আনিব বুলি মন্তব্য় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:চৰকাৰে কেৱল ৰেকৰ্ডৰ বাবেহে কৰিলে ! ব্যক্তিগত প্ৰচেষ্টা অব্যাহত প্ৰকৃতিপ্ৰেমীৰ - Amrit Brikshya Andolan

মুম্বাইৰ সেউজীকৰণ বৃদ্ধিৰ বাবে বিএমচিৰ বৃক্ষৰোপণ অভিযানত অক্ষয় কুমাৰৰ অংশগ্ৰহণ - Akshay Kumar Tree Plantation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.