মৰিগাঁও, ২৭ ফেব্ৰুৱাৰী: ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলা ভ্ৰমণ কৰে । এই ভ্ৰমণকালত ৰাজ্যপালগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আদৰণি জনোৱাৰ পিচতেই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যনৰ সহায়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে ।
ৰাজ্যপালগৰাকীয়ে পূৰ্বে অৰ্থাৎ ২০২৩ চনৰ এপ্ৰিলত কৰা পৰ্যালোচনাৰ তুলনাত চলিত বৰ্ষত বিভিন্ন বিভাগে প্ৰদৰ্শন কৰা ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জল জীৱন অভিযান সন্দৰ্ভত তেওঁ সকলো হিতাধিকাৰীয়ে পানী পাইছে নে নাই তাৰ উপযুক্ত নিৰীক্ষণৰ ওপৰতহে আঁচনিখনৰ প্ৰকৃত সাফল্য নিৰ্ভৰ কৰিব বুলি মত প্ৰকাশ কৰে । জিলাখনত এই আঁচনিখনৰ কাম-কাজ আৰু ত্বৰান্বিত কৰিব লাগিব বুলি তেওঁ কয় । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এম জি এনৰেগাৰ অধীনত জবকাৰ্ড প্ৰদান, অমৃত সৰোবৰ প্ৰকল্পৰ অগ্ৰগতি, স্বচ্ছ ভাৰত অভিযান-গ্ৰামীণ আদিৰ ৰূপায়ন সন্দৰ্ভত তেওঁ পৰ্যালোচনা কৰে ।
ৰাজ্যপালগৰাকীয়ে বিভাগটোৰ কামকাজ তথা হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ মৰিগাঁও জিলাত বিদ্যালয় বহিৰ্ভূত ল'ৰা-ছোৱালীৰ সংখ্যা অধিক নোহোৱাৰ বিষয়টোত সন্তুষ্টি প্ৰকাশ কৰে । অৱশ্য়ে সামগ্ৰিক সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এইক্ষেত্ৰত বিদ্যাঞ্জলি কাৰ্যসূচীৰ অধীনত সহায়ৰ হাত আগবঢ়োৱা দাতাসকলক আৰু অধিক উৎসাহিত কৰিবলৈ তেওঁ আহ্বান জনায় । আনহাতে, স্বাস্থ্য বিভাগৰ পৰ্যালোচনা কৰি ৰাজ্যপালগৰাকীয়ে মৰিগাঁও জিলাত আয়ুস্মান ভাৰত আঁচনিৰ অধীনত যাতে যোগ্যসকলে সুবিধা পায় সেয়া সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
তেওঁ লোকনিৰ্মাণ (পথ) আৰু লোকনিৰ্মাণ (গৃহ) বিভাগক সময়মতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব পৰাকৈ আঁচনিসমূহ যুগুত কৰিবলৈ আহ্বান জনায় । তেওঁ সমাজ কল্যাণ বিভাগৰ অধীনত ৰূপায়িত পোষণ অভিযান আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ লগতে অৰুণোদয়, মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰ আদিৰো পৰ্যালোচনা কৰে ।
ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগ আৰু জলসিঞ্চন বিভাগৰো কাম-কাজৰ পৰ্যালোচনা কৰে । বেংকিং খণ্ডৰ পৰ্যালোচনা কৰি তেওঁ জিলা প্ৰশাসনৰ সৈতে আলোচনা মৰ্মে চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হোৱা লোকসকলক অটল পেঞ্চন যোজনাৰ অধীনত সামৰি ল'বলৈ আহ্বান জনায় যাতে বৃদ্ধাৱস্থাত তেওঁলোকে এটা সঁহাৰি লাভ কৰে । আয়ুক্তগৰাকীয়ে মৰিগাঁও জিলাত পৰ্যটনৰ বিকাশ তথা পবিতৰা অভয়াৰণ্যৰ পৰ্যটকসকলৰ বাবে থকা জীপ চাফাৰিৰ সুবিধা আৰু অন্য সা-সুবিধাসমূহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাজ্যপালগৰাকীৰ সহায়-সহযোগিতা কামনা কৰে । কৃষি বিভাগৰ পৰ্যালোচনা কৰি তেওঁ পি এম কিষাণ আঁচনিক অগ্ৰাধিকাৰ হিচাপে লৈ ইয়াৰ অধীনত যাতে কোনো যোগ্য হিতাধিকাৰী বঞ্চিত নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । লগতে হিতাধিকাৰীসকলৰ আধাৰ নম্বৰ আৰু বেংক একাউণ্টৰ সংযোগ প্ৰক্ৰিয়াটোক অগ্ৰাধিকাৰ হিচাপে ল'বলৈ তেওঁ আহ্বান জনায় ।
ৰাজ্যপালগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰো অগ্ৰগতিৰ বুজ লয় । তেওঁ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ধান ক্ৰয়, এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড আদি আঁচনিৰ সবিশেষ বুজ লয় । সভাখনত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে আৰক্ষী প্ৰশাসনৰ কাম-কাজৰ বিষয়ে পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে ব্যাখ্যা আগবঢ়ায় । ৰাজ্যপালগৰাকীয়ে জিলাখনত অপৰাধজনিত ঘটনাৰ হাৰ কম হোৱাৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে যদিও শিশুৰ বিৰুদ্ধে সংঘটিত যৌন আতিশয্য়ৰ পৰা সুৰক্ষা সম্পৰ্কীয় পক্স' আইন, মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ, ধৰ্ষণ, হত্যা আদি গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত দোষী সাব্যস্তকৰণৰ হাৰ সন্তোষজনক নোহোৱাত উদ্বিগ্নতা প্ৰকাশ কৰে ।
ইয়াৰ পিছতেই ৰাজ্যপালগৰাকীয়ে মৰিগাঁৱৰ শ্বহীদ তিলক, হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু স্বাস্থ্য শাখাটো পৰিদৰ্শন কৰে । তেওঁ শ'লমাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্যালয় আৰু কলং নদীৰ পাৰত দমালত জলসম্পদ বিভাগে নিৰ্মাণ কৰা খহনীয়া প্ৰতিৰোধী জিঅ'বেগ প্ৰকল্পটোও পৰিদৰ্শন কৰে । ৰাজ্যপালগৰাকী বেতনিত কৃষি বিভাগৰ সাহায্যৰে নিৰ্মাণ কৰা এখন উন্নত মানৰ ফলৰ বাগিচালৈও যায় । তাৰ পিছতেই তেওঁ বঘৰাত নিৰ্মীয়মান মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় । তেওঁ জোনবিলৰ পাৰত থকা সমাজ কল্যাণ বিভাগৰ এটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰও পৰিদৰ্শন কৰে । ইপিনে, মৰিগাঁও জিলাৰ বঘৰাত নিৰ্মাণ কাৰ্য চলি থকা মেডিকেল কলেজৰ কামটোও পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় ৰাজ্যপাল গৰাকীয়ে ।
লগতে পঢ়ক:মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক "সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজহিতৈষী বঁটা" প্ৰদান