ETV Bharat / state

আহোম ৰজাই স্থাপন কৰা গাঁওখনৰ আলোকময় যাত্ৰা - POTTERS ARTISTS OF GOLAGHAT

সমাগত পোহৰৰ উৎসৱ দীপাৱলীক লৈ ব্যস্ততা বাঢ়িছে ৰাজ্যৰ মৃৎশিল্পীৰ । মূৰ তুলিবলৈ আহৰি নাই গোলাঘাটৰ মৃৎশিল্পীসকলৰো ।

Clay lamps prepared for diwali in Golaghat
আহোম ৰজাই স্থাপন কৰা গাঁৱত আলোকময় যাত্ৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 4:54 PM IST

গোলাঘাট: গোলাঘাটত আহোম ৰজাই প্ৰতিষ্ঠা কৰা এখন গাঁৱত এতিয়া ব্যস্ততাৰ অন্ত নাই । ইয়াৰ মুল কাৰণ সমাগত দীপান্বিতা, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া গাঁওখনত পুৰুষ-মহিলা উভয়ে ব্যস্ত মাটি চাকি প্ৰস্তুত কৰাত ।

পোহৰৰ উৎসৱ দীপান্বিতালৈ মাজত মাত্ৰ কেইটামান দিন । দীপাৱলীৰ নিশা ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰ-পদূলি আলোকেৰে উজলাই তুলিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃৎশিল্পৰ লগত জড়িত লোকসকল ।

আহোম ৰজাই স্থাপন কৰা গাঁৱত আলোকময় যাত্ৰা (ETV Bharat Assam)

মাটি চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে কুমাৰ সম্প্ৰদায়ৰ শিল্পীসকল । গোলাঘাটতো এতিয়া মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে মাটি চাকি নিৰ্মাণ কৰাত । গোলাঘাটৰ ঐতিহাসিক কুমাৰ গাঁৱত ডেকা, বুঢ়া, মহিলা এতিয়া ব্যস্ত হৈ পৰিছে মাটি চাকি নিৰ্মাণ কৰাত । পূৰ্বপুৰুষৰ দিনৰে পৰাই মৃৎশিল্পৰ লগত জড়িত এইসকল লোকে আজিও অতি কষ্টৰ মাজেৰে পুৰণি কুটিৰ শিল্পটোক জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা চলাইছে ।

যুগ যুগ ধৰি এই মৃৎশিল্পৰ লগত জড়িত হৈ লোকসকলৰ নিজৰ কৰ্ম সম্পাদন কৰিবৰ বাবে ভাৰত চৰকাৰৰ সুক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে এচ এফ ইউ আৰ টি আই আঁচনিৰ অধীনত মৃৎশিল্পৰ সমূহীয়া সুবিধা কেন্দ্ৰ স্থাপন কৰিছে আৰু উক্ত কেন্দ্ৰটোতে অঞ্চলটোৰ মৃৎশিল্পৰ লগত জড়িত লোকসকলে নিজৰ কৰ্ম সম্পাদন কৰি আহিছে । এই সম্পৰ্কে কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত কলিতাই জানিবলৈ দিয়া মতে এইসকল লোকে পুৰ্বপুৰুষৰ পৰা এই অঞ্চলত মৃৎশিল্পৰ কাম কৰি আহিছে আৰু দীপান্বিতা তথা ভাদ মাহত মাটি চাকিৰ চাহিদা বৃদ্ধি পায় যাৰ বাবে এতিয়া সকলো ব্যস্ত ।

ইয়াৰ উপৰিও দীপান্বিতাৰ সময়ত চীনৰ সামগ্ৰী ৰাইজে বৰ্জন কৰি থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰা মাটিৰ চাকি ব্যৱহাৰ কৰিলে এই কামৰ লগত জড়িত হৈ থকা যুৱক-যুৱতী সকল উৎসাহিত হয় । ২০২১ বৰ্ষত প্ৰতিষ্ঠা কৰা এই কেন্দ্ৰটোত প্ৰথম অৱস্থাত অঞ্চলটোৰ ১২৮ জন পুৰুষ, মহিলা আৰু যুৱক-যুৱতী নিয়োজিত হৈছিল যদিও বৰ্তমান এই কামৰ প্ৰতি অনিহা হোৱাৰ বাবে ২০ জন লোকে কৰ্ম সম্পাদন কৰি আছে ।

আনহাতে কেন্দ্ৰটোত ঠিকাদাৰে যোগান ধৰা অত্যাধুনিক মেচিন ব্যৱহাৰৰ উপযোগী নোহোৱাৰ বাবে বৰ্তমান জহি খহি যাবলৈ ধৰিছে । লগতে অতিকৈ দুখজনক কথা যে এই মৃৎশিল্পৰ লগত জড়িত থকা কোনো এজন ব্যক্তিয়ে আজি পৰ্যন্ত লাভ কৰা নাই শিল্পী পেঞ্চন । ২০২১ বৰ্ষত যোৰহাট উদ্যোগ বিভাগৰ কাৰ্যালয়ৰ পৰা এখন আৰ্টিজেন কাৰ্ড যোগন ধৰিছিল যদিও এই কাৰ্ড কেনেকৈ ব্যৱহাৰ কৰিব আজিলৈকে জনোৱা নাই । ইয়াৰ উপৰিও এই মৃৎশিল্পীসকলৰ আন এক সমস্যা হৈছে বাণিজ্যিক দিশ । শিল্পীসকলে কেৱল কাষৰীয়া জিলা যোৰহাট আৰু গোলাঘাট জিলাৰ ভিতৰতে নিজৰ ব্যৱসায় চলাবলৈ বাধ্য হৈছে ।

আনহাতে ১৭ বছৰ বয়সৰ পৰা এই মৃৎশিল্পৰ লগত জড়িত এজন ৬৪ বছৰীয়া ইন্দ্ৰ বৰাৰ দৈনিক ৪০০ ৰ পৰা ৫০০ চাকি প্ৰস্তুত কৰে বুলি জানিবলৈ দিয়ে । বিভাগীয় কৰ্তৃপক্ষই তেখেতক পেঞ্চনৰ ব্যৱস্থা কৰি দিব বুলি কৈছিল যদিও বৰ্তমানলৈকে পাবলৈ সক্ষম হোৱা নাই । বৃদ্ধ বয়সত তেখেতে কেনেকৈ চলিব সেয়া ভগৱানে জানে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।

উল্লেখ্য পূৰ্বৰ হাতেৰে ঘুৰোৱা চকাৰ পৰিবৰ্তে বৰ্তমান আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা হয় এই মাটিৰ সামগ্ৰী । মুঠ ২৬ গৰাকী কুমাৰ লোকে বসবাস কৰা এই ঐতিহাসিক কুমাৰ গাঁৱত আধুনিক জাকজমকতাৰ বাবে এই মৃৎশিল্পৰ প্ৰতি যুৱ প্ৰজন্ম কিন্তু আঁতৰি থকা পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত চৰকাৰে চীনা সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এদিন হয়তো অসমতো মৃৎশিল্পী আছিল বুলি নতুন প্ৰজন্মই শুনিবহে, দেখা কিন্তু নাপাব !

লগতে পঢ়ক: potters artists of Samaguri:দ্বীপান্বিতাত চৌদিশ পোহৰাবলৈ চামগুৰীত মৃৎ শিল্পীৰ ব্যস্ততা

Majuli Potter in trouble : ভোগালীৰ প্ৰাকক্ষণত সংকটত মাজুলীৰ মৃৎশিল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.