গোলাঘাট, ১১ মাৰ্চ: সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট আগমনৰ সময়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদী সাব্যস্ত কৰে । প্ৰতিবাদস্থলীত জিলা কংগ্ৰেছৰ সভাপতি গোলাপ শইকীয়াই অংশগ্ৰহণ কৰি কয় যে অসমীয়া জাতিক ধ্বংস কৰিব পৰা এই নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নহ’ব । কেন্দ্ৰীয় চৰকাৰে অতি ষড়যন্ত্ৰমূলকভাবে এই নাগৰিকত্ব সংশোধনী আইন অসমত জাপি দিবলৈ লৈছে যদিও এই আইন কোনো কাৰণতে মানি লোৱা নহ'ব ।
- " class="align-text-top noRightClick twitterSection" data="">
অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, সাহিত্য আৰু অসম চুক্তি বিৰোধী, সাংবিধানিক, সাম্প্ৰদায়িক এই আইন বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰি অসমে এতিয়া আৰু বিদেশীৰ বোজা ল'বলৈ বাধ্য নহয় বুলি উল্লেখ কৰে । শইকীয়াই কেন্দ্ৰীয় চৰকাৰক অতি সোনকালে এই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ দাবী জনায়, অন্যথা পৰবৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ সকীয়নি দিয়ে ।
ইফালে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতুপন শইকীয়াই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে অসমৰ ভূমিপুত্ৰসকল পদে পদে বঞ্চিত হৈ আহিছে । ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাচত অসমে একো নাপালে, কেৱল মাত্ৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দিছে অবৈধ বিদেশীৰ বোজা । যাৰবাবে এতিয়া অসমীয়া ৰাইজে অস্তিত্বৰ সংকটত ভুগিছে আৰু এতিয়া ভূমিপুত্ৰসকল অসমতেই ভগনীয়া হ'ব । ইয়াৰ পাচত আকৌ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমত পুনৰ বিদেশীৰ বোজা জাপি দিব বিচৰা কাৰ্যত ধিক্কাৰ দিছে কংগ্ৰেছ নেতাগৰাকীয়ে ।
লগতে পঢ়ক: আজিৰে পৰা দেশজুৰি বলবৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019