ETV Bharat / state

মাচুল বৃদ্ধিয়ে দুখীয়া শ্ৰেণীৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় : জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা - Govt Medical charges hike in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 2:26 PM IST

Govt Medical charges hike : আজিৰে পৰা বৃদ্ধি পালে চৰকাৰী চিকিৎসালয়সমূহৰ চিকিৎসা মাচুল । চৰকাৰী চিকিৎসা খণ্ডৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোক ইয়াৰ দ্বাৰা ভীষণভাৱে ক্ষতিগ্ৰস্ত হ’ব বুলি সচেতন মহলে আশংকা প্ৰকাশ কৰাৰ বিপৰীতে এই মাচুল বৃদ্ধিয়ে দুখীয়া শ্ৰেণীৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি দাবী কৰিলে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই । কি কি পৰীক্ষাৰ মাচুল কিমান শতাংশ বৃদ্ধি হ’ল জানো আহক আমাৰ এই প্ৰতিবেদনযোগে -

Govt Medical charges hike
চৰকাৰী চিকিৎসালয়সমূহৰ চিকিৎসা মাচুল বৃদ্ধি (ETV Bharat Assam)

গুৱাহাটী, 2 জুলাই: আজিৰে পৰা বৃদ্ধি পালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসা মাচুল । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিৰে সৰ্বসাধাৰণ ৰাইজক কেকোঁৰা চেপা দিয়াৰ পিছত এইবাৰ চৰকাৰী চিকিৎসালয়ত মাচুল আৰু বিচনাৰ নিৰিখকে ধৰি তেজ, প্রস্রাৱ আদিৰ লগতে 105 বিধ পৰীক্ষাৰ দাম বৃদ্ধিৰে সৰ্বসাধাৰণৰ মূৰত মাধমাৰ শোধালে ।

চিকিৎসা মাচুল বৃদ্ধি সন্দৰ্ভত জি এম চি এইচৰ অধীক্ষক আৰু ৰোগী (ETV Bharat Assam)

বেচৰকাৰী চিকিৎসালয়ৰ পৰীক্ষাৰ দামৰ সৈতে তফাৎ প্রায় নাইকিয়া কৰি আজিৰে পৰা জি এম চি এইচকে ধৰি ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়, জিলা চৰকাৰী চিকিৎসালয়ত 10-40 শতাংশ পর্যন্ত তেজ পৰীক্ষাৰ নিৰিখ বঢ়াইছে কর্তৃপক্ষই ।

ইপিনে শীঘ্ৰেই ৰেডিঅ'ল'জী আৰু পেথ'লজী পৰীক্ষাৰ মাচুলো বঢ়াবলৈ সাজু হৈছে চৰকাৰী চিকিৎসালয়বোৰে । সমান্তৰালভাৱে বাঢ়িল পঞ্জীয়ন মাচুলো বৃদ্ধি হোৱা বুলি কৰ্তৃপক্ষই জনায় । সৰ্বসাধাৰণৰ ওজৰ-আপত্তি তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক নস্যাৎ কৰি আজিৰে পৰা বৰ্ধিত মাচুল কাৰ্যকৰী হোৱাত চৰকাৰী চিকিৎসালয়লৈ অহা সাধাৰণ ৰোগীসকল বিপদত পৰিছে ৷

কি কি পৰীক্ষাৰ কিমান বৃদ্ধি হ’ল মাচুল

প্রাপ্ত তথ্য মতে, ইউৰিন প্ৰ’টিনৰ পৰীক্ষাৰ মাচুল 75-150 টকা; এ এফ পিৰ 500-700 টকা; এ এন এ প্ৰ'ফাইলৰ 3000-3500 টকা; চি ই এৰ 600-1000 টকা; ক্রিয়েটিনাইন (চি কে এম বি)ৰ 315-600 টকা; এল ডি এইচৰ 150-300 টকা; চেৰাম ভিটামিন ডিৰ 1200-1500 টকা; টোটেন ক'লেষ্ট্ৰৰেল 50-150 টকা; ইউনি এ চি আৰ 250-350 টকা; ভিটামিন বি-12ৰ পৰীক্ষাৰ মাচুল 700-1000 টকালৈ বৃদ্ধি কৰা হৈছে ।

জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ মন্তব্য

হাস্পতালখনৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই এই সংক্রান্তত জনোৱা অনুসৰি সুদীৰ্ঘ 22 বছৰৰ অন্তত বৃদ্ধি কৰা হ'ল চিকিৎসা সেৱাৰ মাচুল । 2002 চনতে অন্তিমবাৰৰ কাৰণে চৰকাৰী হাস্পতালখনত বৃদ্ধি কৰা হৈছিল চিকিৎসা সেৱাৰ মাচুল ।

এই সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয়, "হাস্পতালখনৰ পৰিচালনা সমিতিয়ে এই সংক্ৰান্তত সিদ্ধান্ত গ্ৰহণ কৰিছে । ডাঃ শৰ্মাই জনোৱা অনুসৰি 105 টা বায়'-কেমেষ্টীৰ পৰীক্ষাৰ ক্ষেত্ৰত 10-40 শতাংশ পৰ্যন্ত মাচুল বৃদ্ধি কৰা হৈছে । তেজৰ নতুন পৰীক্ষাৰ ক্ষেত্ৰত মাচুল 30-40 শতাংশ বৃদ্ধি হৈছে । এক্সৰে, চিটি স্কেন আদিৰো 50 শতাংশ পর্যন্ত মাচুল বৃদ্ধিৰ সম্ভাৱনা আছে ।"

মাচুল বৃদ্ধিয়ে দুখীয়া শ্ৰেণীৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি উল্লেখ কৰি ডাঃ শৰ্মাই কয়, "জনসংখ্যাৰ 85 শতাংশ লোকৰে প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ কাৰ্ড আছে । অৱশিষ্ট 15-10 শতাংশই চৰকাৰী কৰ্মচাৰী । বাকী 5 শতাংশ কার্ড নথকা লোক দুখীয়া হ'লে সহায় কৰা হ’ব । মাচুল 5/10 টকা বাঢ়িলেও একো প্রভাৱ নেপেলায় ।"

তেওঁ লগতে কয়, "গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে উন্নত চিকিৎসা সেৱা দিবলৈ সদায় চেষ্টা কৰি আহিছে । হিম'গ্ল'বিন পৰীক্ষাৰ মাচুল পূর্বে 20 টকা আছিল । এতিয়া বৰ্দ্ধিত মাচুল অনুসৰি 50 টকা হ'ব । বেচৰকাৰী খণ্ডত ইয়াৰ বাবদ 200/300 টকা ব্যয় কৰিবলগীয়া হয় । মাচুল বৃদ্ধি সত্ত্বেও হাস্পতালখনত আজিৰ দিনটোত কোনো ৰোগী বা ৰোগীৰ পৰিয়ালে আপত্তি দর্শোৱা নাই । মাচুল বহন কৰিব নোৱৰা বহু ৰোগীক হাস্পতাল কর্তৃপক্ষই বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে ।"

সৰ্বসাধাৰণৰ ক্ষোভ

এটাৰ পাচত আনটো অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অন্তত এইবাৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা মাচুল বৃদ্ধি পোৱা বুলি অৱগত হোৱাৰ পাচতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে সৰ্বাসাধাৰণে ৷ শীঘ্ৰে এই মাচুল কম কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কাতৰ আহ্বান জনাইছে দৰিদ্ৰ ৰোগীসকলে ৷

লগতে পঢ়ক: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পুনৰ আৰম্ভ হ'ল আয়ুষ্মান ভাৰত কাৰ্ডৰ সেৱা - B Baruah Cancer Institute

চৰকাৰী চিকিৎসাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী ৰাইজৰ দলৰ - Medical fees hike in Assam

চিকিৎসা মাচুল বৃদ্ধি সন্দৰ্ভত কি ক'লে জি এম চি এইচৰ অধ্যক্ষই - Gauhati Medical College Hospital

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.