ETV Bharat / state

GMCHত সক্ৰিয় তেজৰ দালাল চক্ৰ; প্ৰশাসনক কঠোৰ হ'বলৈ আহ্বান কৰ্তৃপক্ষৰ - BLOOD BROKER IN GMCH

Blood broker: তেজৰ দালাল চক্ৰত আছে HIV পজিটিভ লোক । এই দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ ল'বলৈ প্ৰশাসনক আহ্বান জনালে GMCH ৰ অধীক্ষকে ।

Blood broker
GMCHত সক্ৰিয় তেজৰ দালাল চক্ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 2:17 PM IST

গুৱাহাটী, ১৫ অক্টোবৰ: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইটামান ধনৰ বিনিময়ত এইচআইভি পজিটিভ ৰোগীয়ে তেজ বিক্রীৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাছতেই সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে । সোমবাৰে জিএমচিএইচৰ ব্লাড বেংকত তেজ বিক্ৰী কৰিবলৈ অহা এইচআইভি পজিটিভ যুৱক গ্ৰেপ্তাৰ হোৱাই নহয়, ধুবুৰীৰ পৰা একাংশ যুৱকে ২-৩ হাজাৰ টকাৰ বিনিময়ত তেজ বিক্ৰী কৰিবলৈ অহা আন এক ভয়ংকৰ তথ্যও প্ৰকাশ পাইছে ।

জিএমচিএইচ কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া :

এই সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয়, "আমিটো পুলিচৰ কাম কৰিব নোৱাৰো । আমি ইতিমধ্যে এফআইআৰ দিছো । এতিয়া পুলিচে গোটেই চক্ৰটো ধৰিব লাগিব । কালি জিএমচিএইচৰ সুৰক্ষা কৰ্মীয়ে তেজৰ দালাল‌টোক ধৰি পুলিচক গতাই দিছে । এই দালাল‌ৰ বিৰুদ্ধে কঠোৰ অভিযোগনামা দাখিল কৰিব লাগে যাতে অধিক সময় জে'লত থাকিব লগা হয় । এইসকল দালালে‌ ২-৩ মাহ পাছত জে'লৰ পৰা ওলাই আহি পুনৰ দালালিত নামে । কালি ধৰা দালাল‌টোক ৬ মাহ পূৰ্বে চিনাক্ত কৰি তেওঁৰ ব্লাড ল'ব নোৱাৰি বুলি ৰিপ'ৰ্ট দিছো । কিন্তু পুনৰ কালি এইজন মানুহে তেজ দিবলৈ আহোতে ধৰিছো‌ । যিসকল লোক জিএমচিএইচ‌লৈ আহে তেওঁলোক মূলতঃ সজাগ হ'ব লাগিব । ধনৰ‌ বিনিময়ত কাৰো পৰা ব্লাড ল'ব নালাগে ।‌ যদি ব্লাডৰ অসুবিধা হয় তেন্তে কৰ্তৃপক্ষক জনাব লাগে আমি উপযুক্ত নিয়মেৰে ব্লাড দিয়াৰ ব্যৱস্থা কৰো ।"

GMCHত সক্ৰিয় তেজৰ দালাল চক্ৰ (ETV Bharat)

কেনেকৈ ধৰা পৰিল দুই দালাল :

ধৃত দালাল দুটাই স্বীকাৰ কৰা অনুসৰি জিএমচিএইচৰ চৌহদত ভাতৰ হোটেল দিয়া ইউনিছ ওৰফে ইউচুফ আলী নামৰ এটা দালালে এই বেপাৰ চলাই আহিছে । সোমবাৰে এগৰাকী ৰোগীৰ অভিভাৱকৰ পৰা যথেষ্ট পৰিমাণৰ ধন লৈ ইউনিছ আলীয়ে তেজ বিক্ৰী কৰাৰ বাবে জিএমচিএইচলৈ মাতি আনিছিলি এইচআইভি পজিটিভ ৩৭ বছৰীয়া এজন লোকৰ লগতে দক্ষিণ শালমাৰাৰ বাহাদুৰ শ্বেখ নামৰ আন এজনক । দুয়োকে ২,০০০ টকাকৈ দিয়াৰ চুক্তি কৰে দালাল ইউনিছে । সেই অনুসৰি দালাল ইউনিছৰ পৰা নিৰ্দিষ্ট ৰোগীজনৰ নাম-ঠিকনা লৈ জিএমচিএইচৰ ব্লাড বেংকত তেজ দিয়াৰ বাবে উপস্থিত হয় দুয়োজন ।

কিন্তু ব্লাড বেংকত তেওঁলোকৰ নাম-ঠিকনা পৰীক্ষা কৰাৰ সময়তে পূৰ্বৰ ৰেকৰ্ডত এজনক এইচআইভি পজিটিভ বুলি চিনাক্ত কৰা হয় । পূৰ্বে এনেদৰে তেজ দিবলৈ আহিয়ে এইচআইভি পজিটিভ লোকজন ধৰা পৰিছিল । কিন্তু লোকজনে পুনৰ তেজ দিবলৈ অহাত হাস্পতাল কৰ্তৃপক্ষৰ সন্দেহ হয় আৰু সুৰক্ষা কৰ্মীৰ সহযোগত পিছত আৰক্ষীত গতাই দিয়া হয় । আনটো দালাল বাহাদুৰ শ্বেখকো আৰক্ষীয়ে আটক কৰে ।

লগতে পঢ়ক : সাৱধান ! আপুনি জি এম চি এইচত তেজ সংগ্ৰহ কৰিছে নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.