ETV Bharat / state

12 দিনে সন্ধানহীন এগৰাকী ছাত্রীৰ : মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান দৰিদ্ৰ পিতৃ-মাতৃৰ - Missing Case

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 8:43 PM IST

Student Missing Case : মিছামাৰীৰ পৰা সন্ধানহীন কলেজীয়া ছাত্ৰী ৷ একমাত্ৰ কন্যা সন্তানটিৰ শুংসূত্ৰ উলিয়াব নোৱাৰাত পিতৃ-মাতৃ এতিয়া শোকত ভাগি পৰিছে ৷ বিগত 12 দিন ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷

STUDENT MISSING CASE
12 দিনে সন্ধানহীন এগৰাকী ছাত্রী (ETV BHARAT ASSAM)

ৰঙাপৰা, 30 জুন : শোণিতপুৰ জিলাৰ মিছামাৰীৰ পৰা এগৰাকী কলেজীয়া ছাত্ৰী বিগত 12 দিন ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ নিজ বাসগৃহৰ পৰা ছাত্ৰী গৰাকী হঠাৎ সন্ধানহীন হৈ পৰে আৰু তেতিয়াৰ পৰাই ছাত্ৰীগৰাকীৰ কোনো ধৰণৰ সন্ধান লাভ নকৰাত পৰিয়ালটোৱে দুঃচিন্তাৰে মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ একমাত্ৰ কন্যা সন্তানটিৰ শুংসূত্ৰ আৰক্ষীয়ে উলিয়াব নোৱাৰাত পিতৃ-মাতৃ এতিয়া শোকত ভাগি পৰিছে ৷

মিছামাৰীৰ পৰা সন্ধানহীন কলেজীয়া ছাত্ৰী (ETV BHARAT ASSAM)

জানিব পৰা মতে বিগত 19 জুনৰ নিশা প্ৰায় 8-30 মান বজাত মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত 2 নং ৰামনাথপুৰ গাঁৱৰ নিবাসী নেৰচান বাৰ্লা আৰু পাওলিনা বাৰ্লাৰ একমাত্ৰ কন্যা তথা ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষ ছাত্ৰী মঞ্জিতা বাৰ্লা (19) নিজ বাসগৃহৰ পৰা হঠাৎ সন্ধানহীন হৈ পৰে ৷ ওৰে নিশা যুৱতীগৰাকীক বিচাৰি পৰিয়ালৰ লোকে চলাথ কৰে যদিও কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব নোৱাৰে ৷ ঘটনা সন্দৰ্ভত পিতৃ নেৰচান বাৰ্লাই প্ৰথমতে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও পৰৱৰ্তী সময়ত মিছামাৰী আৰক্ষী থানাত আন এখন এজাহাৰ দাখিল কৰে ৷ ইতিমধ্যে মিছামাৰী আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ সন্ধানত অভিযান চলাইছে যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

ইফালে দৰিদ্ৰ পৰিয়ালটোৰ ছাত্ৰীগৰাকীৰ নিৰুদ্দেশক লৈ স্থানীয় ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে ৷ আনহাতে উদ্বিগ্নতাৰ মাজেৰে দিন অতিবাহিত কৰা পিতৃ-মাতৃয়ে যুৱতীগৰাকীৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ মিছামাৰীৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক : মৰিয়নীৰ পৰা প্ৰায় এমাহ ধৰি সন্ধানহীন দুই ছাত্ৰী - Student Missing Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.