ETV Bharat / state

বাঁহৰ গোঁজ, মাটিৰ বস্তাৰে আহোম ৰাজত্বকালৰ চানেকি ৰক্ষা কৰিব পাৰিব নে ?

Enter here.. Gaurisagar Barpukhuri : অস্তিত্বৰ সংকটত গৌৰীসাগৰ বৰপুখুৰী । পুখুৰীৰ পানী শুকালেই হ'ব বিপদ !

Gaurisagar Barpukhuri
আহোম ৰাজত্বকালৰ চানেকি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 8:23 PM IST

আমগুৰি: যি সময়ত চৰাইদেউ মৈডামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে তেনে সময়তে ঐতিহাসিক সম্পদেৰে চহকী শিৱসাগৰ জিলাত জহি-খহি গৈছে বহু ঐতিহ্যবহনকাৰী সম্পদ । গৌৰৱময় আহোম ৰাজত্বকালৰ চানেকি ঐতিহাসিক সম্পদৰ প্ৰতি চৰকাৰৰ অৱহেলা দেখি ক্ষুব্ধ হৈছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠন ।

জিলাখনৰ গৌৰীসাগৰত পুৰাতত্ত্ব বিভাগৰ হেমাহিৰ কাৰণে গৌৰীসাগৰ বৰপুখুৰীৰ পাৰ স্থায়ী নিৰ্মাণত আজিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । এবছৰ পূৰ্বে পশ্চিম দিশৰ এটা অংশৰ পাৰ খহি পুখুৰীটোলৈ ভাবুকি কঢ়িয়াই আনিছিল । উক্ত অংশত বৰ্তমানেও বাঁহৰ গোঁজ, মাটিৰ বস্তা দিয়েই দায়িত্ব সামৰিছে পুৰাতত্ত্ব বিভাগটোৱে ।

আহোম ৰাজত্বকালৰ চানেকি (ETV Bharat Assam)

যোৱা বছৰ ক্ৰমাগত বৃষ্টিপাতে গৌৰীসাগৰ বৰপুখুৰীৰ পশ্চিম প্ৰান্তৰ এটা পাৰ খহাই নিয়াৰ ফলত পুখুৰীটোৰ পৰা পানী ওলাই বিপৰ্যয় কঢ়িয়াই আনিছিল । বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনত ১৭২৩ খ্রীষ্টাব্দত নির্মিত অসমীয়া জাতিয়ে গৌৰৱ কৰাৰ থল তথা দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু গৌৰীসাগৰ পুখুৰীৰ স্থায়ী সমাধানত বিভাগটোৱে গুৰুত্ব প্ৰদান কৰা নাই ।

  • একে ঠাইতে খহিল পাঁচবাৰ

পুৰাতত্ত্ব বিভাগটোৱে পশ্চিম প্ৰান্তৰ এটা অংশত কালভার্ট আৰু পুল নিৰ্মাণ কৰি বাৰিষা পুখুৰীটোত জমা হোৱা অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিছিল যদিও যোৱা বছৰ পঞ্চমবাৰৰ বাবে একে অংশই খহি যোৱাৰ ফলত পুখুৰীটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে । যোৱা বছৰ গৌৰীসাগৰ বৰপুখুৰীৰ চাৰিওটা পাৰ সংলগ্ন কৰি পৰ্যটকৰ সুবিধাৰ বাবে পকী পথ নিৰ্মাণ কৰা হৈছিল যদিও অহৰহ বৃষ্টিপাতৰ ফলত পশ্চিম প্ৰান্তৰ পাৰটোৰ পূৰ্বতে ছিঙি যোৱা অংশটোত নিৰ্মাণ কৰা কালভার্ট ভাঙি পুনৰ পুখুৰীটোৰ পানী অহৰহ বাগৰি বিপৰ্যয় নামি আহিছিল ।

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা ঐতিহাসিক সম্পদসমূহক লৈ ল’ৰা ধেমালি কৰি অহা পুৰাতত্ত্ব বিভাগটোৱে তৎকালীনভাৱে ছিগি যোৱা অংশটো স্থায়ীভাৱে মেৰামতিৰ ব্যৱস্থা কৰাৰ পৰিবৰ্তে যোৱা এবছৰে কোনো গুৰুত্ব নিদিলে । বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনত ১৭২৩ খ্রীষ্টাব্দত নির্মিত ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পানী শুকাই গ’লে কাষতে থকা তিনিটাকৈ দলৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আহি পৰিব ।

  • স্থায়ীভাৱে মেৰামতি কৰিবলৈ দাবী

শীতকালত বিদেশী পক্ষীয়ে আশ্রয় গ্রহণ কৰি দৃষ্টিনন্দন পৰিবেশে পৰ্যটকসকলক আকর্ষিত কৰি অহা গৌৰীসাগৰ বৰপুখুৰীৰ এনে দুৰ্যোগৰ পাছতো পুৰাতত্ত্ব বিভাগ নাইবা জিলা প্রশাসনে তৎকালীন ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হোৱাৰ লগতে শীঘ্ৰেই ছিঙি যোৱা অংশৰ স্থায়ীভাৱে মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক: তেজপুৰৰ দ-পৰ্বতীয়াত উদ্ধাৰ প্ৰত্নতাত্ত্বিক সমল - Archaeological Monument in Tezpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.