ETV Bharat / state

বসুন্ধৰা আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰীৰহে মাটিৰ পৰিমাণ বাঢ়িছে : গৌৰৱ গগৈ - Gaurav Gogoi Slams Assam CM

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 9:08 PM IST

Gaurav Gogoi slams Assam CM : মঙলবাৰে মাজুলীত এক দলীয় কৰ্মীসভাত অংশগ্ৰহণ কৰি পুনৰ মুখ্যমন্ত্ৰীক আক্ৰমণ গৌৰৱ গগৈৰ । ৰাজীৱ গান্ধীৰ জন্মদিনত অসম চুক্তিৰ প্ৰসংগ উল্লেখ কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ যোৰহাটৰ সাংসদগৰাকী । আনহাতে, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিক লৈও তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ গৌৰৱ গগৈৰ ।

Gaurav Gogoi Slams Assam CM
মুখ্যমন্ত্ৰীক পুনৰ আক্ৰমণ গৌৰৱ গগৈৰ (ETV Bharat Assam)

মাজুলী, ২০ আগষ্ট : মাজুলীত আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে গৌৰৱ গগৈয়ে । আনহাতে, মঙলবাৰে মাজুলীত উপস্থিত হৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ক্ষুৰধাৰ সমালোচনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ।

মাজুলীত গৌৰৱ গগৈ (ETV Bharat Assam)

উল্লেখ্য যে মঙলবাৰে অফলামুখ পাৰঘাটৰ পৰা পোনে পোনে মাজুলীৰ ঐতিহাসিক দাক্ষিণপাট সত্ৰত উপস্থিত হয় গৌৰৱ গগৈ । ঐতিহাসিক সত্ৰখনত সেৱা লোৱাৰ লগতে সত্ৰখনৰ সংগ্ৰহালয় পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে । ইয়াৰ পিচত মাজুলীত এখন দলীয় সভাত অংশগ্ৰহণ কৰে লোকসভাত বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে ।

আনহাতে, সাংবাদিকৰ সৈতে বাৰ্তালাপত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ কথা উল্লেখ কৰিবলৈ টানি আনে মিছন বসুন্ধৰাৰ প্ৰসংগ । গৌৰৱ গগৈয়ে কয়, "আমি ভাবিছিলো বসুন্ধৰা আঁচনিৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহে ভূমিপট্টা লাভ কৰিব । কিন্তু সেয়া নহ'ল । খিলঞ্জীয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰহে লাভ হৈছে ।"

ইফালে ,মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ হিচাপ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "কোন কোন জিলাত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সম্বন্ধীয় ব্যক্তিৰ মাটি আছে সেই বিষয়ে অসমৰ ৰাইজৰ পৰা তথ্য ল'বলৈ মই এটা ই-মেইল আৰু পৰ্টেল খুলিম । তাত অসমৰ প্ৰতিখন জিলা, প্ৰতিখন গাঁও আৰু বাগানত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কিমান মাটি আছে প্ৰকাশ কৰিম । আদানি-আম্বানীতকৈও মুখ্যমন্ত্ৰীৰ বেছি মাটি আছে ।"

লগতে তেওঁ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয়, "কংগ্ৰেছৰ সকলো ভিতৰুৱা খবৰ মুখ্যমন্ত্ৰীয়ে পাই থাকে । কিন্তু আলফাই কেনেকৈ ২৫ টা বোমা ৰাখিলে সেই খবৰ নাপায় মুখ্যমন্ত্ৰীয়ে । আমাৰ খবৰ ৰাখিবলৈ তেওঁ মুখ্যমন্ত্ৰী নহয়, ৰাইজৰ সুৰক্ষাৰ বাবেহে তেওঁ মুখ্যমন্ত্ৰী ।"

কংগ্ৰেছলৈ বিজেপিৰ নেতা-সদস্যৰ আগমন সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "আমাৰ দললৈ যি আহিব বিচাৰে আহিব পাৰে, কিন্তু দহ বছৰ ধৰি যিসকলে আমাৰ দলত কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে তেওঁলোকক মই পাহৰিব নোৱাৰো ।"

আনহাতে, বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব তাক লৈ চলি থকা চৰ্চা প্ৰসংগত সাংসদগৰাকীয়ে কয়, "দলে মোক য'ৰ পৰা নিৰ্বাচন খেলিবলৈ কয় তাৰ পৰাই খেলিব লাগিব । সেয়া জালুকবাৰীও হ'ব পাৰে, যোৰহাট নাইবা মাজুলীও হ'ব পাৰে ।"

লগতে পঢ়ক :প্ৰতিবাদত উত্তাল দেৰগাঁও : অভিযুক্তক ক্ষমা খোজাৰ দাবী স্থানীয় দল-সংগঠনৰ - Agitation in Dergaon
লগতে পঢ়ক :সদ্ভাৱনা দিৱস: ৰাজীৱ গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি কংগ্ৰেছৰ - Rajiv Gandhi birth anniversary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.