ETV Bharat / state

ভয়ংকৰ ঘটনা : গেছ পৰিবাহী পাইপৰ পৰা য'তে ত'তে ওলাইছে গেছ - Leak in a Gas Line

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 5:25 PM IST

Assam Gas Company Ltd : য'তে ত'তে গেছ পৰিবাহী পাইপৰ পৰা ওলাইছে গেছ ৷ অভিযোগ দিয়া গ্ৰাহক ৰাইজক দুৰ্ব্যৱহাৰৰ অভিযোগ AGCL -ৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ ভয়ংকৰ ঘটনাক লৈ আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

RESIDENTS PANIC AFTER GAS LEAK
আতংকিত ৰাইজ (ETV BHARAT ASSAM)

মৰাণ, 24 জুন : চৰাইদেউ জিলাৰ মৰাণৰ আলিমূৰা চেঁচাপুখুৰী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ ঘৰুৱা পাইপ গেছ সংযোগী পাইপৰ পৰা য'তে-ত'তে গেছ নিৰ্গত হোৱাত চৰম আশংকাত দিন কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চেঁচাপুখুৰী গাঁৱৰ বিভিন্ন স্থানত বিগত প্ৰায় ডেৰ মাহ ধৰি গেছ পৰিবাহী পাইপৰ পৰা গেছ নিৰ্গত হৈ আছে ৷ ৰাইজে মৰাণস্থিত অসম গেছ কোম্পানী লিমিটেড (AGCL)ৰ কাৰ্যালয়ত এই সন্দৰ্ভত অভিযোগ দিছে যদিও কোনো কামত অহা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷

গেছ পৰিবাহী পাইপৰ পৰা ওলাইছে গেছ (ETV BHARAT ASSAM)

অসম গেছ কোম্পানী লিমিটেডৰ বিষয়া-কৰ্মচাৰীয়ে বিষয়টো দীৰ্ঘদিনে গুৰুত্ব প্ৰদান নকৰাকৈ থকাৰ পাচত শেহতীয়াকৈ বিগত দুটা দিনত হোৱা বৰষুণৰ ফলত গাঁওখনত বিভিন্ন স্থানত গেছ নিৰ্গত হৈ থকাৰ বিষয়টো পোহৰলৈ আহে ৷ নিশা গেছ নিৰ্গত হোৱাৰ শব্দ বেছি হৈ পৰাত অধিক আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ আতংকিত ৰাইজে AGCL-ৰ মৰাণস্থিত কাৰ্যালয়ত পুনৰ খবৰ দিয়াৰ পাচত আজি এজন বিষয়াই পৰিদৰ্শন কৰিবলৈ গাঁওখনত উপস্থিত হয় ৷ ৰাইজে বিষয়াজনক অৱহেলাৰ বাবে জবাবদিহি কৰাত বিষয়াজনে ৰাইজক ওলোটাই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে স্থানীয় গ্ৰাহকসকলে ৷

লগতে পঢ়ক : জাগীৰোডৰ শিলভাঙাত ৰে’লৱেৰ ভূমি বেদখলমুক্ত - Eviction drive in Morigaon

আনহাতে বৰ্তমানেও গেছ নিৰ্গত হৈ থকাত যিকোনো সময়ত ভয়াৱহ পৰিস্থিতিৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ AGCL কৰ্তৃপক্ষ আৰু স্থানীয় প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ৷ এটা মাহ পাৰ হৈ যোৱাৰ পাচতো ভয়ংকৰ ৰূপত গেছ নিৰ্গত হোৱাত ঘটনাটোক অসম গেছ কোম্পানী লিমিটেড কৰ্তৃপক্ষই গুৰুত্ব নিদিয়া বিষয়টোৱে সকলোকে আচৰিত কৰি তুলিছে ৷

লগতে পঢ়ক : গ্ৰাহকক মাৰপিটৰ অভিযোগ পেট্ৰ’ল পাম্প কৰ্তৃপক্ষৰ বিৰুদ্ধে - Dhubri Indian Oil Petrol Pump

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.