ETV Bharat / state

উচিত মূল্য নোপোৱাকৈয়ে বহ্মপুত্ৰৰ চাপৰিত নহৰু খেতি কৰি আহিছে ধেমাজিৰ কৃষকে - Problems of Farmers

Deprived of fair price : নহৰুৰ দাম বৃদ্ধিয়ে কন্দুৱাইছে সাধাৰণ গ্ৰাহকক ৷ কিন্তু এতিয়াও নহৰুৰ বৰ্ধিত মূল্যই স্পৰ্শ কৰিব পৰা নাই থলুৱা কৃষকক ৷

Deprived of fair price
বিঘাই বিঘাই কৰিছে নহৰুৰ খেতি
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:41 PM IST

উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে কৃষক

ধেমাজি, 23 ফেব্ৰুৱাৰী : বজাৰত মহঙা হৈ পৰিল সকলোৰে পাকঘৰত ব্যৱহৃত এবিধ প্ৰয়োজনীয় সামগ্ৰী নহৰু ৷ যাৰ মূল্য এতিয়া সোণতকৈ চৰা হ’ল ৷ সংগোপনে নহৰুৰ দাম বৃদ্ধি হৈ বজাৰত এতিয়া প্ৰতি কিলোত তিনিশৰো অধিক হ’ল ৷ ফলত আচম্বিতে দোকানৰ পৰা অন্তৰ্ধান হ’ল নহৰু ৷ সাধাৰণ লোকৰ বাবে এতিয়া একপ্ৰকাৰ বিলাসী সামগ্ৰীত পৰিণত হ’ল নহৰু ৷ গ্ৰামাঞ্চলৰ সাধাৰণ বিক্ৰেতাইয়ো বিক্ৰী কৰিবলৈ বলে নোৱৰা হ’ল নহৰু ৷

পিছে ধেমাজিৰ আওঁহতীয়া তথা ভিতৰুৱা অঞ্চলত নহৰুৰ খেতিয়কে ভূকে নাপায় ইয়াৰ বৰ্ধিত মূল্যৰ বিষয়ে ৷ কিয়নো তেওঁলোকে উৎপাদন কৰা নহৰু নিজে বছৰটো খোৱাৰ লগতে প্ৰতি কেজিত কেঁচা নহৰু বিভিন্ন ব্যৱসায়ীক 70/80 টকা দৰত বিক্ৰী কৰি আহিছে ৷ বহিৰাগত বণিয়াই নিৰ্ধাৰণ কৰা উচ্চ মূল্যৰ নহৰুৰ দৰে এতিয়াও স্পৰ্শ কৰিব পৰা নাই এই সকল খেতিয়কক ৷ ফলত নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে কৃষক সকল ৷

এইবেলিও ধেমাজি জিলাৰ বৃহত্তৰ মাচখোৱা চিচিমুখত বহ্মপুত্ৰৰ ৰাংকুপ চাপৰিত স্থানীয় লোকে বিঘাই বিঘাই কৰিছে নহৰুৰ খেতি ৷ নহৰুৰ গছবোৰ ঠন ধৰি সেউজীয়াময় হৈ পৰিছে চাপৰি ৷ শংকাৰ মাজতে এতিয়া বজাৰত নহৰুৰ দাম বৃদ্ধিৰ খবৰে অঞ্চলটোৰ কৃষক সকলৰ মুখলৈ কঢ়িয়াইছে আশাৰ হাঁহি ৷ ইফালে চৰকাৰে খেতিয়ক সকলক গুৰুত্ব দিলে অঞ্চলটোত বৃহৎ পৰিমাণৰ নহৰু উৎপাদনৰ সম্ভৱনা আছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক সকলে ৷ লক্ষণীয়ভাৱে বজাৰত নহৰুৰ মূল্যই আকাশ স্পৰ্শ কৰিলেও নিৰুদ্বিগ্ন হৈ আছে চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠন ৷

লগতে পঢ়ক : পদিনা খেতিৰেই মাহিলী লাখ টকা উপাৰ্জন মৰ্মে কলিতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.