ETV Bharat / state

ৰঙাপৰাত চোৰাং সামগ্ৰীৰ অবাধ বেহা - Smuggling in Tezpur

Smuggling in Tezpur: ৰঙাপৰাত অব্যাহত চোৰাং সামগ্ৰীৰ সৰবৰাহ । একেদিনাই ৰঙাপৰা জংচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ সমান্তৰালকৈ মিছামাৰীত জব্দ কৰা হয় চোৰাং কাঠ ।

Ganja and smuggled timber seized in Rangapara
ৰঙাপৰাত চোৰাং সামগ্ৰীৰ অবাধ বেহা
author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 10:56 AM IST

ৰঙাপৰাত চোৰাং সামগ্ৰীৰ অবাধ বেহা

ৰঙাপৰা,৩ মাৰ্চ: ৰঙাপৰাত গাঞ্জা বিৰোধী অভিযান । যাত্ৰীবাহী ৰে'লৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে ৰে'লৱে সুৰক্ষা বাহিনীয়ে । সৌদিনা ৰঙাপৰা ৰেলৱে জংচনৰ ১ নং প্লেটফৰ্মত ১৫৮৯৫ নম্বৰৰ ৰঙিয়া-ৰঙাপৰা-মুৰ্কংচেলেক উজনিমুৱা যাত্ৰীবাহী ৰেলখনৰ পৰা ৰে'লৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই ১৮ কেজি ২০০ গ্ৰাম ওজনৰ গাঞ্জাখিনি জব্দ কৰাৰ পিচতে পুনৰ একেখন যাত্ৰীবাহী ৰে'লত জব্দ কৰে ১৮ কেজি ৬০০ গ্ৰাম গাঞ্জা জব্দ কৰে ।

ৰঙিয়াৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ অপৰাধ অনুসন্ধান শাখাই গোপন সূত্ৰৰ পম খেদি এন এফ ০৯৫৪৯০ নম্বৰৰ ডবাটোৰ পৰা জব্দ কৰে গাঞ্জাখিনি । অৱশ্যে ৰে'লৱে সুৰক্ষা বাহিনীয়ে অভিযানকাৰী দলটোৱে গাঞ্জা জব্দ কৰে যদিও ইয়াৰ লগত জড়িত কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ'ল । গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২ লাখ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে । পিচত জব্দকৃত গাঞ্জাখিনি ৰঙাপৰা ৰে'লৱে সুৰক্ষা বাহিনীক চমজাই দিয়ে ।

ইফালে শোণিতপুৰত গাঞ্জাৰ সমান্তৰালভাৱে অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয় ব্যৱসায় । বনাঞ্চল ধ্বংস কৰি একাংশ লোকে চোৰাংভাৱে কাঠ সৰবৰাহ কৰি থকাৰ সময়তে শনিবাৰে মিছামাৰী কলাকুছিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ আৰু অসম আৰক্ষী । এক গোপন সূত্ৰৰ পম খেদি মিছামাৰীৰ গাভৰু খণ্ডৰ বনকৰ্মী আৰু মিছামাৰী আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল অভিযান ।

অভিযানত কলাকুছিৰ হাফিজুল আলীৰ বাসগৃহপৰা চোৰাংভাৱে মজুত কৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠখিনি উদ্ধাৰ কৰে । চোৰাং কাঠখিনিৰ মূল্য প্ৰায় তিনি লাখ টকা হ'ব বুলি উল্লেখ কৰে । পিচত চোৰাং কাঠখিনি বন বিভাগে গাভৰু খণ্ড বন কাৰ্যালয়লৈ লৈ আহে ।

লগতে পঢ়ক: সোণাৰিত আত্মসমৰ্পণ আলফা (স্বা) কেডাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.