ETV Bharat / state

ঐতিহ্যৰ ঐতিহাসিক স্বীকৃতি : সংবাদমেলৰ মাজতে মুখ্যমন্ত্রীলৈ ফোন কেন্দ্ৰীয় মন্ত্রীৰ - World Heritage Site

World Heritage site Charaideo Maidam : সংবাদমেল অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ফোনযোগে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ ৷ কেন্দ্ৰীয় সাংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীয়ে জনালে চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰাৰ কথা । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ফোনতে কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰীৰ ।

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 4:02 PM IST

World Heritage site Charaideo Maidam
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ২৬ জুলাই : ৰাজ্যবাসীৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ব ইতিহাসৰ পাতত । দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বৈঠকত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামত পৰিল ছীল-মোহৰ । বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে ইউনেস্কোই ঘোষণা কৰিলে চৰাইদেউ মৈদামৰ নাম ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ গজেন্দ্ৰ সিং শেখাৱটৰ ফোনকল (ETV Bharat Assam)

কাৰ্যতঃ স্বীকৃতি পালে ৬০০ বছৰীয়া আহোম স্বৰ্গদেউসকলৰ চৰাইদেউত থকা মৈদামে ৷ আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি থকাৰ মাজতে এই ঐতিহাসিক স্বীকৃতিৰ কথা ফোনযোগে মুখ্যমন্ত্ৰীক সদৰী কৰিলে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে ৷

লক্ষ্যণীয় বিষয় যে সংবাদমেল সম্বোধন কৰাৰ মাজতে মুখ্যমন্ত্ৰীয়ে চাৰিবাৰকৈ ফোনত সংযোগ হয় ৷ শেষৰটো ফোনত কেন্দ্ৰীয় মন্ত্ৰী শেখাৱটে মুখ্যমন্ত্ৰীক চৰাইদেউ মৈদামৰ স্বীকৃতি লাভৰ কথা জনাই অভিনন্দন জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীয়ে ফোনতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৯-২০ চনৰ বাজেটত চৰাইদেউ মৈদামৰ ঐতিহ্যৰ বাবে ২৫ কোটি টকা আৱণ্টন দিয়া হৈছিল । চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ২০২৩ চনৰ ২৪ জানুৱাৰীত ভাৰত চৰকাৰলৈ ড'চিয়াৰ প্ৰেৰণ কৰা হৈছিল আৰু একেটা বৰ্ষতে ভাৰত চৰকাৰে মনোনয়ন দিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত কৰিছিল ৷

অৱশেষত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে । ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীকে ধৰি সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে । এই সফলতাক মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক জীৱনৰ ডাঙৰ প্ৰাপ্তি বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্ত্ৰী কেশৱ মহন্ত আৰু নন্দিতা গাৰ্লোচাৰো শলাগ লয় । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ২০১৪ চনতে পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও ড'ছিয়াৰ প্ৰেৰণ কৰা হোৱা নাছিল ।

লগতে পঢ়ক : বিশ্ব ঐতিহ্য ক্ষেত্ৰ‌ হিচাপে স্বীকৃতি পালে চৰাইদেউ মৈদামে: চৰাইদেউত আনন্দ-উল্লাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.