ETV Bharat / state

চুমী বৰাৰ 'ডেষ্টিনেশ্যন' এতিয়াও অজ্ঞাত: এইবাৰ তেজপুৰত তিনিশ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হেমেন ৰাভা - online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 5:10 PM IST

Fraud in online trading: অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যত চলি থকা প্ৰৱঞ্চনাৰ এখন বৃহৎ বজাৰ শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ আৰক্ষীৰ জালত পৰিছে বহুকেইটা প্ৰৱঞ্চক ৷ নাম সাঙোৰ খাইছে বহু নামজ্বলা ব্যক্তিৰো ৷ তেজপুৰত গ্ৰেপ্তাৰ হৈছে হেমেন ৰাভা নামৰ এজন ৷

Fraud in online trading
তেজপুৰত আটক হেমেন ৰাভা (ETV Bharat Assam)

তেজপুৰ, ৪ ছেপ্টেম্বৰ: 'ডেষ্টিনেশ্যন ৱেডিং' পাতি চমক দিয়া চুমী বৰাৰ শেহতীয়া 'ডেষ্টিনেশ্যন' এতিয়াও আৰক্ষীয়ে উলিয়াব পৰা নাই যদিও অনলাইন ট্রেডিঙৰ নামত বেলেগৰ ধন আত্মসাৎ কৰাৰ অভিযোগত জালত পৰিয়েই আছে বহুকেইজন । এজনৰ পিছত এজন নতুন নতুন বিনিয়োগৰ মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ হৈছে ৰাজ্যত । তেজপুৰত “গিনি কেপিটেল” নামৰ এটা ট্রেডিং কোম্পানীৰ জৰিয়তে বহু লোকৰ পৰা ধন সংগ্ৰহৰ পাছত ধন লাভ নকৰা ভুক্তভোগীৰ সহায়ত আৰক্ষীয়ে পুৱতি নিশা গ্ৰেপ্তাৰ কৰিলে এই চক্ৰৰ মাষ্টাৰ মাইণ্ড হেমেন ৰাভাক ।

ভুক্তভোগীয়ে কেনেদৰে জমা কৰিছিল ধন ?

“গিনি কেপিটেল” নামৰ ট্রেডিং কোম্পানীটোৱে প্ৰলোভন দিছিল যে ১ লাখ টকা বিনিয়োগ কৰিলে ৭-৮ শতাংশ সুদ লাভ কৰে । এজন ভুক্তভোগীয়ে ই টিভি ভাৰতক জনাই যে তেওঁ ২ লাখ টকা জমা কৰিছিল আৰু প্ৰত্যেক মাহৰ ২৬ তাৰিখে ৮ শতাংশ হিচাপে ২ লাখ টকাৰ ১৬ হাজাৰ টকা লাভ কৰিছিল ।

‘‘মই মোৰ গাঁৱৰ বন্ধু এজনৰ লগত হেমেন ৰাভাৰ ওচৰত তেওঁৰ কোম্পানীত ধন বিনিয়োগ কৰিছিলো, মই ২ লাখ টকাৰ বিনিময়ত মাহে ১৬ হাজাৰ টকা পাই আছিলো । কিন্তু শেহতীয়াকৈ যোৱা মাহত এই ধন নোপোৱাত খবৰ কৰাত ৰাভাই জনাই যে কোম্পানীৰ চৰকাৰী অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে, চিন্তা কৰিব নালাগে ৷ এখন চুক্তিপত্ৰ লৈ এক লাখ টকাৰ বিনিময়ত ৭ ৰ পৰা ১০ শতাংশ সুদ দিয়াৰ চুক্তিত স্বাক্ষৰ কৰায় ।’’ ব্যক্তিজনে কয় ৷

কিমান লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল ?

স্থানীয় গ্ৰাম্যাঞ্চলত থকা লোকে বহু লাখ টকা জমা কৰিছিল হেমেন ৰাভাৰ এই বিত্তীয় প্ৰতিষ্ঠানত । প্ৰতিজন লোকে ১ লাখৰ পৰা ১০ লাখলৈকে টকা বিনিয়োগ কৰিছিল । একাংশ ভুক্তভোগীয়ে (নাম প্ৰাকাশত অনিচ্ছুক) জনোৱা মতে হেমেন ৰাভাৰ অধীনত তেজপুৰত মুঠ ৫৫০ জন লোকে ধন বিনিয়োগ কৰিছিল । গ্ৰাম্যাঞ্চলৰ সাধাৰণ লোকক সহজতে ধন ঘটাৰ প্ৰলোভন দিয়া এটা বৃহৎ চক্ৰ যে আছে সেয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত আৰক্ষীয়ে চলোৱা অভিযানত পোহৰলৈ আহিছে ।

লগতে পঢ়ক: শোণিতপুৰত আৰক্ষীৰ জালত ৮ অনলাইন ট্রেডাৰ: মাষ্টাৰ মাইণ্ড কোন ? - Online Trading Scam

বিশাল ফুকনৰ পাছতে এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত ৰঞ্জিত কাকতি - Stock Market Investment Scam

আপোনাৰ সন্তানে কি কাম কৰে জানেনে ? যদি নাজানে সাৱধান হওক - Assam police cyber cell

প্ৰযোজকৰ ভূমিকা লোৱা বিশালে কিয় আধাতে এৰিছিল ছবিৰ কাম ? - Online Trading Scam

অনলাইন ট্ৰেডিঙৰ নামত প্ৰায় ৩০০ কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে হেমেন ৰাভাৰ বিৰুদ্ধে । আনহাতে একাংশ ভুক্তভোগী যুৱকে বিচাৰি আছিল হেমেন ৰাভাক ৷ তেজপুৰ কছাৰীগাঁও আৰক্ষী চকীত ইতিমধ্যে কেবাখনো এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ৷ আনকি আৰক্ষীয়েও বিচাৰি আছিল হেমেন ৰাভাক ৷ জানিব পৰা মতে এটা গেছ এজেঞ্চীত মাহে ছহেজাৰ টকা মজুৰিত এসময়ত চাকৰি কৰা হেমেন ৰাভা প্ৰায় ছমাহতে গৰাকী হৈছিল প্ৰায় ৩০০ কোটি টকাৰ ৷

কেনেকৈ গ্ৰেপ্তাৰ কৰিলে হেমেন ৰাভাক:

অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে বিভিন্নজন সৰৱ হৈ পৰাৰ সময়তে তেজপুৰ মুঢ়াতেতেলীত থকা অনলাইন ট্ৰেডিং প্ৰতিষ্ঠান “গিনি কেপিটেল” ৰ বিষয়ে আৰক্ষীয়ে অভিযোগ লাভ কৰে । আৰক্ষীয়ে যোগাযোগ কৰে হেমেন ৰাভাক ৷ আৰক্ষীয়ে পুৱতি নিশা এখন হোটেলত অভিযান চলাই হেমেন ৰাভাক গ্ৰেপ্তাৰ কৰে । সদৰ আৰক্ষী থানাৰ বিষয়া ভাস্কৰ জ্যোতি বেজবৰুৱাই সংবাদ মাধ্যমক জনাই যে আৰক্ষীয়ে এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে আৰু গোচৰ ৰুজু কৰা হৈছে । বিনিয়োগ কৰা ধনৰ সঠিক তথ্য লাভ কৰা নাই যদিও অভিযোগৰ ভিত্তিত ধনৰাশি বহু কোটি টকাৰ হ’ব বুলি অনুমান কৰা হৈছে ৷ অৱশ্যে সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব ।

লগতে পঢ়ক: ৯ ঘণ্টা দীক্ষুৰ ঘৰত আত্মগোপন চুমী-তাৰ্কিকৰ : নাম সাঙোৰ খাইছে ইগৰাকীৰ পিছত সিগৰাকী শিল্পীৰ - Bishal Phukan Trading Scam

বিশাল ফুকনক আদালতত হাজিৰ ডিব্ৰুগড় আৰক্ষীৰ - Bishal Phukan Trading Scam

দেৰগাঁৱত ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ: কেইবা কোটি আত্মসাতৰ অভিযোগ ভুক্তভোগীৰ - Online Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.