গুৱাহাটী,২৪ এপ্ৰিল: প্ৰসংগ- মহানগৰীৰ বশিষ্ঠৰ বাৰত আৰক্ষীক আক্ৰমনৰ ঘটনা । সময় বাগৰাৰ লগে লগে পোহৰলৈ আহিছে বাৰৰ গৰাকীৰ প্ৰহাৰত আহত কনিষ্টবলৰ মেডিকেল ৰিপ'ৰ্ট । মেডিকেল ৰিপ'ৰ্ট অনুসৰি ভুক্তভোগী প্ৰদীপ বসুমতাৰীৰ ভাঙিছে ৩ ডাল কামিহাঁড় । লগতে উশাহ-নিশাহ লোৱাতো যথেষ্ট কষ্টৰ সন্মুখীন হৈছে । ইমানৰ পিচতো বাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস নহ'ল মহানগৰ আৰক্ষীৰ ।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সেই নিশা আক্ৰমনৰ বলি হোৱা প্ৰদীপ বসুমতাৰীৰ পত্নী বিউটি পাটোৱাৰীয়ে উল্লেখ কৰে । আৰক্ষী জোৱানজনৰ পত্নীয়ে কয় যে দোষী অংকুৰ দত্ত, কৃষানু লহকৰ আৰু দেৱকান্ত দেৱনাথৰ ওপৰত নিশ্চয় কাৰোবাৰ আশীৰ্বাদ আছে । নহ'লে তেওঁলোকে পুৱতি নিশালৈ কিদৰে খোলা ৰাখিব পাৰে এখন বাৰ ।
এটা দিনো আৰক্ষীয়ে দোষীক ধৰি ৰাখিব নোৱাৰিলে বুলি উল্লেখ কৰি কয় যে তেওঁলোকে চিকিৎসাৰ বাবে হাস্পতালত দৌৰি থাকোঁতেই দোষী মুকলি আকাশৰ তললৈ গ'ল । হাঁড় ভঙাকৈ প্ৰহাৰ কৰিও এতিয়া দোষী দোষমুক্ত । "আমাক উচিত ন্যায় লাগে, দোষীয়ে শাস্তি পাব লাগে ।" দাবী কৰে প্ৰদীপ বসুমতাৰীৰ পত্নীয়ে । বিভাগীয়ভাৱে বশিষ্ঠ আৰক্ষীৰ তদন্ত চলি আছে বুলি জনাই আৰক্ষীয়ে ।
এই তদন্তত যদিহে ভুক্তভোগী তথা পৰিয়াল সন্তুষ্ট নহয় তেনেহলে শীৰ্ষ বিষয়াৰ লগত আলোচনা কৰিবলৈ আহ্বান জনাইছে বশিষ্ঠ আৰক্ষীয়ে । উল্লেখযোগ্য যে ২১ এপ্ৰিলৰ পুৱা বশিষ্ঠৰ THE ECHO PUB & GRILL ত এজন আৰক্ষী জোৱানক ম'বিল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উঠিছিল বাৰখনৰ মালিকদ্বয়ৰ বিৰুদ্ধে । সেই ঘটনাৰ তদন্ত নকৰি সকলো অভিযুক্তকে কোনো অজান শক্তিৰ হেঁচাত মুকলি কৰি দিছিল বশিষ্ঠ আৰক্ষীয়ে । সেই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ আন এজন জোৱানক বাৰৰ মালিকে ফোনযোগে ভাবুকি দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰক্ষীৰ ভিতৰে বাহিৰে ।
লগতে পঢ়ক: মাতাল মহানগৰী : আৰক্ষী জোৱানক ম'বিল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা - Crime In Guwahati