ETV Bharat / state

একেদিনাই চাৰিটি কণমানিৰ সলিল সমাধি : মৰিয়নীত কান্দোনৰ ৰোল - Drowning Death in Jorhat

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 9:25 PM IST

Jorhat student dies by drowning: একেদিনাই মৰিয়নীত সলিল সমাধি ঘটিল চাৰিটি শিশুৰ ৷ দুটি কণমানিয়ে আম খাই হাত ধুবলৈ যাওতে, আন দুটিয়ে গা ধুই থাকোতে সলিল সমাধি ঘটে ৷

Jorhat student dies by drowning
একেদিনাই চাৰিটি কণমানিৰ সলিল সমাধি (ETV Bharat Assam)

যোৰহাট, 8 জুন: শনিবাৰে যোৰহাটত সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা । পুখুৰীত পৰি মৃত্যু হ’ল দুই কণমানি ছাত্ৰৰ ৷ যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নী-তিতাবৰ সমীপৱৰ্তী কাণখোৱাত সংঘটিত হয় হৃদয়বিদাৰক ঘটনাটো । এই ঘটনাই প্ৰত্যকগৰাকী হৃদয়বান লোককে শোকাকুল কৰি তুলিছে ।

ঘটনাৰ বিৱৰণি অনুসৰি তিতাবৰ কাণখোৱা গাঁৱৰ লক্ষী গগৈ নামৰ ব্যক্তিজনৰ পুখুৰীত দুই শিশুৱে গা ধুই আছিল ৷ সেই সময়তে পুখুৰীটোৰ ডুবিত সোমাই কৰুণ মৃত্যুক আকোঁৱালি লয় শিশু দুটিয়ে । মৃত শিশু দুটি ক্ৰমে প্ৰাঞ্জু বৰুৱা(১০) আৰু মিন্টু গগৈ (৯) বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ওমলি থাকোতে পুখুৰীত পৰি কৰুণ মৃত্যু দুই শিশুৰ

স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি দুয়োকে পাৰলৈ আনি পেটৰ পৰা পানী উলিয়াবলৈ চেষ্টা কৰিছিল যদিও সম্পূৰ্ণৰূপে সেই কাৰ্যত সফল নহ’ল ৷ ফলত অতি সংকটজনক অৱস্থাত দুয়োটি শিশুকে ততাতৈয়াকৈ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় শিশু দুটিৰ ।

উল্লেখ্য যে শিশু দুটি কাণখোৱা প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল ৷ বাঁহনিৰ কাণখোৱা গাঁৱৰ নোমল গগৈ পুত্ৰ মিন্টু গগৈ আৰু খেৰেমীয়া গাঁৱৰ কিৰণ বৰুৱা পুত্ৰ প্ৰাঞ্জু বৰুৱাৰ মৃত্যুৱে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলোৱাৰ লগতে প্ৰতিগৰাকী লোককে শোকাকুল কৰি তুলিছে । দুয়ো বাল্যবন্ধু পঢ়া-শুনাত অতি মেধাসম্পন্ন আছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: খেলি থাকোতেই ভৰি পিছল খাই পৰিল নৈত !

উল্লেখ্য যে পুখুৰী অথবা নদীত গা ধুই থকা অৱস্থাত সলিল সমাধিৰ বাতৰি প্ৰায়েই লাভ কৰা যায় ৷ এনেক্ষেত্ৰত অভিভাৱকসকল সজাগ-সচেতন হোৱাটো বাঞ্চনীয় ৷ দুই শিশুৰ কৰুণ মৃত্যুৱে দুয়োটো পৰিয়ালৰ মাজত কান্দোন ৰোল তোলাৰ লগতে শোকাৱহ ঘটনাটোৱে সকলোৰে চকু সেমেকাই তুলিছে ৷

ইফালে মৰিয়নীৰ নকছাৰী কাকজান বাগিচাতো সংঘটিত অনুৰূপ শোকাৱহ ঘটনা ৷ দুই শিশুৱে গা ধুই থকাৰ সময়তে পুখুৰীৰ গভীৰতাত সোমাই পৰে । ফলত দুই শিশুৱে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয় ৷ সলিল সমাধি ঘটা শিশু দুটি ক্ৰমে ৰাজু ভুমিজ(১২) আৰু সঞ্জয় মানিক (৮) বুলি জানিব পৰা গৈছে । এই ঘটনায়ো সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে । এটা দিনত চাৰিটি কণমানিয়ে অকাল মৃত্যুক সাৱটি লোৱা ঘটনাই সকলোকে কন্দুৱাইছে ।

লগতে পঢ়ক: শৌচালয়ৰ টেংকিৰ গাঁতত পৰি অকাল মৃত্যুক সাৱটিলে দুই শিশুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.