ETV Bharat / state

প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যা গোচৰ; পুনৰ গ্ৰেপ্তাৰ প্ৰাক্তন আলফা অমৰ সিঙক

Nagen Neog Murder Case : প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰাক্তন আলফা অমৰ সিঙক চি বি আইৰ গ্ৰেপ্তাৰ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Nagen Neog Murder Case
প্ৰাক্তন আলফা অমৰ সিঙক গ্ৰেপ্তাৰ (ETV Bharat Assam)

গোলাঘাট : প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত অভিযুক্ত প্ৰাক্তন আলফা সদস্য অমৰ সিং ওৰফে অৰূপ কোঁৱৰক শুকুৰবাৰে নিশা চি বি আইৰ দলে গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায় । গোলাঘাটৰ বগৰিজিংস্থিত নিজা বাসগৃহৰ পৰা গোলাঘাট আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে কলিকতাৰ পৰা অহা চি বি আইৰ এটা বৃহৎ দলে ।

এই সন্দৰ্ভত অমৰ সিঙৰ পত্নী অনিতা শইকীয়া কোঁৱৰে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "শুকুৰবাৰে দিনৰ ১০ মান বজাত ঘৰলৈ চি বি আইৰ দলটো আহিছিল । কলিকতাৰ পৰা আহিছিল ৯ জনীয়া চি বি আইৰ দলটো । তেওঁক সোধ-পোছ কৰে । নথি পত্ৰ কি কি আছে আৰু আৰক্ষী থানাৰ পৰা কাগজ-পত্ৰ আহিছিল নেকি জানিব বিচাৰে ।"

সোধ-পোছত আলফা কেডাৰ অমৰ সিঙে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা এখন কাগজ আহিছে বুলি কয় আৰু তাত নৱেম্বৰ মাহৰ ৬ তাৰিখে আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া আছে । তাৰ পাচতে বাসগৃহৰ পৰা অমৰ সিঙক ঢেকীয়াল আৰক্ষী থানালৈ দলটোৱে লৈ যায় । কিন্তু তাৰ পাচত বহু সময় ধৰি কোনো ধৰণৰ খবৰ লাভ কৰা নাই বুলি পত্নীয়ে উল্লেখ কৰে ।

আনহাতে, দলটোৱে বিয়লি ঢেকীয়াল আৰক্ষী থানাৰ পৰা গোলাঘাট সদৰ আৰক্ষী থানালৈ লৈ যায় আৰু নিশাৰ ভাগত গুৱাহাটীলৈ লৈ যায় । পত্নীয়ে লগতে জানিবলৈ দিয়ে, "নগেন নেওগৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ বাবে ইতিমধ্যে ১৪ বছৰ জে'লত বন্দী হৈ আছিল । উক্ত ঘটনাৰ লগত জড়িত থকাৰ কোনো প্ৰমাণ নোপোৱাৰ বাবে উচ্চ ন্যায়ালয়ে ২০১৩ চনত জে'লৰ পৰা মুক্তি দিয়ে । কিন্তু কি কাৰণত আকৌ তেখেতক গ্ৰেপ্তাৰ কৰিছে সেই বিষয়ে মই অৱগত নহয় ।"

অৱশ্যে ফোনযোগে কথা পাতোতে নগেন নেওগৰ হত্যাকাণ্ডৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে ১৯৯৬ চনৰ ৬ মে' তাৰিখে গোলাঘাটৰ শিঙিজানত সংঘটিত হৈছিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ স্বামী নগেন নেওগৰ হত্যাকাণ্ডৰ ঘটনা । হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল অমৰ সিং । তাৰ পিচতেই হত্যাৰ অভিযোগত ১৪ বছৰ কাৰাদণ্ড বিহা হৈছিল অমৰ সিঙক ।

কিন্তু ২০১৩ বৰ্ষত উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰি মুকলি কৰি দিয়ে অভিযুক্ত সিঙক । পুনৰ ২০১৫ বৰ্ষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল নগেন নেওগৰ পৰিয়াল । সেই অভিযোগৰ ভিত্তিত শুকুৰবাৰে কলকাতাৰ পৰা অহা চি বি আইৰ এটা ৯ জনীয়া দলে দিনজোৰা সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰি লৈ যায় গুৱাহাটীলৈ । শনিবাৰে গুৱাহাটীৰ সত্ৰ আদালতত হাজিৰ কৰাই কলিকতালৈ লৈ যোৱাৰ সম্ভাৱনা আছে অমৰ সিঙক । ইফালে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গোলাঘাটত ।

লগতে পঢ়ক :অনলাইন ট্ৰেডিং: তন্ন তন্নকৈ তদন্ত কৰিবলৈ আহি পালে চি বি আই
লগতে পঢ়ক :অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্ত আৰম্ভ চি বি আইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.