ETV Bharat / state

বিপদৰ এই সময়ত আগুৱাই নাহিলে আল্লা-ভগৱানে ক্ষমা নকৰিব : আজমল - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 4:29 PM IST

Former MP Badruddin Ajmal : ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল ৷ বানাক্ৰান্ত ৰাইজক সহায়-সহযোগ কৰাৰ বাবে প্ৰাক্তন সাংসদগৰাকীয়ে দল-সংগঠন নিৰ্বিশেষে সকলোকে জনাইছে আহ্বান ৷

ASSAM FLOOD 2024
অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন আজমল (ETV Bharat Assam)

গুৱাহাটী, 2 জুলাই: ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ ৷ উজনি-নামনি সকলোকে ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে আহাৰমহীয়া বানে ৷ ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰাক্তন সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে ৷

সহায়ৰ আহ্বান (ETV Bharat Assam)

বিশেষকৈ কৰিমগঞ্জ আৰু হাইলাকান্দিকে ধৰি বিভিন্ন জিলাৰ বানাক্ৰান্ত ৰাইজক সহায়-সহযোগ কৰাৰ বাবে প্ৰাক্তন সাংসদগৰাকীয়ে দল-সংগঠন নিৰ্বিশেষে সকলোকে জনাইছে আহ্বান ৷ তেওঁ ৰাইজৰ ভোট লৈ সাংসদ আৰু বিধায়ক হোৱা বিজেপি আৰু কংগ্ৰেছৰ জনপ্ৰতিনিধিসকলক বানাক্ৰান্তক সহায় কৰাৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: চাৰিওফালে কেৱল পানী; কাজিৰঙাত জলমগ্ন ৯৫ টা বনশিবিৰ এলেকা - ASSAM FLOOD 2024

সমান্তৰালকৈ আজমলে ধনবান ব্যক্তি তথা ব্যৱসায়ী আৰু সংগঠনসমূহকো এই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আহ্বান জনায় । দুৰ্যোগৰ এই সময়ত ৰাজনীতি নকৰি সদলবলে আগুৱাই আহিবলৈ প্ৰতিটো ৰাজনৈতিক দলকে আহ্বান জনাই আজমলে বৰাক উপত্যকাৰ বিধায়কসকলক বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰীকে ধৰি প্ৰয়োজনীয় আন কেতবোৰ সামগ্ৰী যোগান ধৰাৰ বাবে অনুৰোধ জনায় ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ মাছমৰীয়াক জীৱন্তে উদ্ধাৰ কৰিলে বায়ু সেনাই - Assam flood 2024

বিপদৰ এই সময়ত আগুৱাই নাহিলে আল্লা-ভগৱানে ক্ষমা নকৰিব বুলি সদৰী কৰি আজমলে কয় যে, পইচা আজি আছে, কাইলৈ নাথাকিবও পাৰে । ওপৰৱালাই আপদ-বিপদ পৰীক্ষাৰ বাবে দিয়ে বুলি উল্লেখ কৰি তেওঁ কয় যে, এই পইচা বচাব গ’লে নাথাকিব । এদিন সকলোৱে এই পৃথিৱীৰ পৰা যাব লাগিব ৷ জাতি-ধৰ্ম-নিৰ্বিশেষে সকলোকে এই বিপদৰ সময়ত আগুৱাই আহিবলৈ বদৰুদ্দিন আজমলে আহ্বান জনায় । বিশেষকৈ বিগত লোকসভা নিৰ্বাচনৰ প্ৰসংগ দাঙি ধৰি কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাক ৰাইজৰ সহায়ৰ বাবে আহ্বান জনাই আজমলে সাংসদগৰাকীক লক্ষাধিক মুছলমান লোকে ভোট দিয়াৰ প্ৰসংগ উত্থাপন কৰে ৷

লগতে পঢ়ক: আজি বোকাখাতৰ বানবিধস্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - CM Himanta Biswa sarma in Bokakhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.