ETV Bharat / state

এৰি যোৱা ঘৰখনলৈ দলে-বলে আহিল শংকৰ প্ৰসাদ ৰায় - AASU members in BJP

Shankar Prasad Ray joins BJP: কংগ্ৰেছ ত্যাগ কৰি পুনৰ বিজেপিত যোগ দিলে শংকৰ প্ৰসাদ ৰায়ে ৷ আছুৰ পৰা ওলায়েই চৰ্ত সাপেক্ষে বিজেপিত যোগ দিছিল যদিও এইবাৰ বিনাচৰ্তে বিজেপিলৈ উভতি অহা বুলি স্পষ্ট কৰিলে নেতাগৰাকীয়ে ৷

Shankar Prasad Ray joins BJP
Lok Sabha Polls 2024
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 4:49 PM IST

Updated : Feb 22, 2024, 6:17 PM IST

এৰি যোৱা ঘৰখনলৈ দলে-বলে আহিল শংকৰ প্ৰসাদ ৰায়

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: ‘‘আজি ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছোঁ । কংগ্ৰেছ এতিয়া বহুধা বিভক্ত । মই নীতিগত কাৰণত বিজেপিত যোগদান কৰিবলৈ আহিছোঁ । কংগ্ৰেছত আজিও বহু নেতা গুৰুত্বহীন । লোকসভা নিৰ্বাচনত কংগ্ৰেছে এখন আসনো পাই নে নাই তাত সন্দেহ আছে ।’’ কংগ্ৰেছৰ হাত এৰি বিজেপিৰ পদুমৰ ঠাৰিত খামুচিয়েই এই মন্তব্য কংগ্ৰেছত্যাগী নেতা শংকৰ প্ৰসাদ ৰায়ৰ ।

বহু চিন্তা-চৰ্চাৰ অন্তত মাহেন্দ্ৰ ক্ষণ গণি বৃহস্পতিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত প্ৰায় পাঁচশ সমৰ্থকক লগত লৈ শংকৰ প্ৰসাদ ৰায়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত গেৰুৱা দলটোত যোগ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৷

শংকৰ প্ৰসাদ ৰায়ক দলীয় গলবস্ত্ৰ আৰু দলীয় টুপী পৰিধান কৰাই দলত যোগদান কৰোৱাই ৰবীন্দ্ৰ ৰাজু আৰু ভৱেশ কলিতাই । বিজেপিত যোগদান কৰিয়েই শংকৰ প্ৰসাদ ৰায়ে কয় যে তেওঁ আজি ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে । আছুৰ পৰা আঁতৰি অহাৰ পিচত তেওঁ সক্ৰিয় ৰাজনৈতিক যাত্ৰাৰ প্ৰথমটো খোজ বিজেপিতে দিছিল । পূৰ্বে তেওঁ কিছু চৰ্ত লৈ বিজেপিত যোগদান কৰিছিল । কিন্তু বিজেপিয়ে সেই সময়ত চৰ্ত পূৰণ নকৰাৰ বাবে তেওঁ বিজেপি ত্যাগ কৰিছিল ।

কিন্তু এইবাৰ কোনো চৰ্ত লৈ বিজেপিলৈ অহা নাই শংকৰ প্ৰসাদ ৰায় । এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে তেওঁ আজি বিজেপিত যোগদান কৰা বুলি লগতে কয় । ৰায়ে পুনৰ কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱৰ ১৫ হাজাৰ লোকে বিজেপিত যোগদান কৰিব । সমগ্ৰ অসমত প্ৰাক্তন আছু নেতাৰ নেতৃত্বত ৫০ হাজাৰ আছুৰ সদস্যই নিৰ্বাচনৰ আগত যোগদান কৰিব বিজেপিত । কংগ্ৰেছে কোঁচ ৰাজবংশী ৰাইজৰ কাৰণে একো চিন্তা নকৰিলে বুলিও কয় নেতাগৰাকীয়ে ।

এতিয়াৰ পৰা কোঁচ ৰাজবংশী ৰাইজৰ সকলো সমস্যাৰ হৈ এই চৰকাৰৰ সহায়ত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে শংকৰ প্ৰসাদ ৰায়ে । আনহাতে কংগ্ৰেছ দলে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা অনুষ্ঠানত অংশগ্ৰহণ নকৰাক লৈ মন্তব্য আগবঢ়াই তেওঁ কয় যে জন্মৰ পৰা আমি ৰাম নাম লৈছোঁ । দেশত সেই ৰামৰে এটা মন্দিৰ নিৰ্মাণ হৈছে, তাত কংগ্ৰেছ দলে অংশ নোলোৱাটোৱে যথেষ্ট পৰিমাণে আঘাত দিছে ।

লগতে পঢ়ক: লবীকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত কংগ্ৰেছ দল; বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ

Last Updated : Feb 22, 2024, 6:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.