ETV Bharat / state

গছ কাটি উন্নয়ন আমাক নালাগে : যাদৱ পায়েং - DEFORESTATION IN ASSAM

অসমত উন্নয়নমূলক কামৰ নামত যধে-মধে গছ কটা কাৰ্যক তীব্ৰ সমালোচনা অৰণ্য মানৱ যাদৱ পায়েঙৰ ।

Jadav Payeng
গছ কাটি উন্নয়ন আমাক নালাগে:যাদৱ পায়েং (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2024, 2:19 PM IST

যোৰহাট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত উন্নয়নমূলক প্ৰকল্পৰ কাম চলি আছে । ক'ৰবাত যদি পথ নিৰ্মাণ হৈছে, আন ক'ৰবাত আকৌ উৰণ সেতু নিৰ্মাণ হৈছে । কিন্তু এই উন্নয়নৰ নামত কাটি পেলোৱা হৈছে শতবৰ্ষ গৰকা গছৰ লগতে বিভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ গছ । কোনো সঠিক পৰিকল্পনা অবিহনে গছ কটা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ।

  • গছ কটা কাৰ্যক সমালোচনা

যাদৱ পায়েঙে কয়, "আমাক ৰাস্তা পদুলি তথা উন্নয়ন লাগিব, কিন্তু গছ-গছনি ধ্বংস কৰি কৰা উন্নয়ন আমাক নালাগে । পথৰ দাঁতিত থকা গছ-গছনিসমূহ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই উন্নত প্ৰযুক্তিৰ দ্বাৰা উক্ত স্থানৰ পৰা উভালি আন স্থানলৈ লৈ যায় । উন্নয়নৰ নামত নাকাটিবলগীয়া গছ-গছনিসমূহো কাটি পেলাইছে ।"

গছ কাটি উন্নয়ন আমাক নালাগে:যাদৱ পায়েং (ETV Bharat)

যাদৱ পায়েঙৰ মতে এয়া চৰকাৰৰ ভুল নহয় । শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা পৰিকল্পনা বিষয়াবোৰৰ সিদ্ধান্তৰ বাবে এয়া হৈছে । আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱা সন্দৰ্ভতো তেওঁ কয়, "সাগৰপৃষ্ঠত বৰফ গলি যোৱা প্ৰকৃতি ধ্বংস কৰাৰ কাৰণে হৈছে ।"

ক'ভিড মহামাৰীৰ কথা উল্লেখ কৰি তেওঁ কয়, "এতিয়া ধৰিত্ৰী আইৰ পানী লগা জ্বৰ হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব তেতিয়া সম্পূৰ্ণৰূপে মানুহে পানী খাবলৈ নাপায় মৰিব লাগিব । সেয়েহে আমি গছপুলি ৰোপণ কৰি আমি পৃথিবীখন সেউজীয়া কৰিব লাগিব কাৰণ গছ-গছনিয়ে পানী ধৰি ৰাখে ।"

২০২৫ত দেশক সেউজ কৰা আন্দোলনত জড়িত হোৱা কথাও অৰণ্য মানৱ যাদৱ পায়েঙে উল্লেখ কৰে । তেওঁ কয় যে এইবছৰ প্ৰচণ্ড গৰমে ৰাজ্যবাসীক দহিলে, বহু লোকৰ মৃত্যু হ'ল আৰু আহি থকা বৰ্ষত ৫২ ডিগ্ৰী তাপমাত্ৰাই ৰাইজক সমস্যাত পেলাব বুলিও তেওঁ মত প্ৰকাশ কৰে আৰু ৰাজ্য চৰকাৰে দিয়া গৰম বন্ধ উঠাই দিব লাগে বুলিও তেওঁ উল্লেখ কৰে । যাদৱ পায়েঙৰ মতে জুন-জুলাইত ইমান গৰম নহয় আৰু যেতিয়া গৰমৰ আগজাননী পাব তেতিয়াহে গৰম বন্ধ দিব লাগে ।

আনহাতে পদ্মশ্ৰী পায়েঙে কয় যে ৰাজ্য চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে সঠিক সময়ত গছ-গছনি ৰোপণ কৰা নাই, অদৰকাৰী সময়ত গছ-গছনি ৰোপণ কৰি ধন পইচা অপচয় কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁ লগতে ৰাইজক অনুৰোধ জনায় যেন কোনেও গছ নাকাটে ।

যাদৱ পায়েঙে কয়, "অসমৰ মানুহে গছপুলি ৰুব নালাগে, কেৱল নাকাটিলে হ'ল । কাৰণ গছ-গছনি নিজে নিজেই হয় ।"

লগতে পঢ়ক :বহুকেইটা সংশোধনীৰে গৃহ নিৰ্মাণ উপ-আইন : কি আছে নতুনত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.