ETV Bharat / state

মোদীক সাক্ষাতৰ বাবে অটো চলাই কাজিৰঙাত উপস্থিত আমেৰিকান পিতা-পুত্ৰ

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 3:48 PM IST

Updated : Mar 8, 2024, 8:10 PM IST

PM Modi Kaziranga visit : মোদীক চাবলৈ অটো চলাই কাজিৰঙালৈ আহিল আমেৰিকাৰ পিতা-পুত্ৰ । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে প্ৰস্তুত চৰকাৰ-প্ৰশাসন ।

অটো চলাই কাজিৰঙাত উপস্থিত আমেৰিকান পিতা-পুত্ৰ
অটো চলাই কাজিৰঙাত উপস্থিত আমেৰিকান পিতা-পুত্ৰ
মোদীক সাক্ষাতৰ বাবে অটো চলাই কাজিৰঙাত উপস্থিত আমেৰিকান পিতা-পুত্ৰ

কাজিৰঙা, ৮ মাৰ্চ : আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে শুকুৰবাৰে বিয়লি কাজিৰঙাত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই খবৰ লাভ কৰি প্ৰধানমন্ত্ৰী মোদীক চাবলৈ কাজিৰঙাত ভিৰ কৰিছে পৰ্যটকে । তাৰ মাজতে দুগৰাকী বিদেশী পৰ্যটকৰ এক ব্যতিক্ৰমী পদক্ষেপ । শ্বিলঙৰ পৰা এখন অটো চলাই কাজিৰঙালৈ আহিছে আমেৰিকাৰ দুই পিতা-পুত্ৰ ৷ আমেৰিকাৰ পৰা কাজিৰঙা ভ্ৰমণলৈ অহা এই দুই পিতা-পুত্ৰ হৈছে লেইনে মুইলমেন আৰু নাটে মুইলমেন ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ সৌন্দৰ্য উপভোগ কৰিবলৈয়ে তেওঁলোক অহা বুলি আমাৰ আগত প্ৰকাশ কৰে । আমেৰিকাৰ পৰা তেওঁলোকে ২৮ ফেব্ৰুৱাৰীত আহি শ্বিলঙত উপস্থিত হয় ৷ শ্বিলঙৰ পৰা বৃহস্পতিবাৰে আহি তেওঁলোক কাজিৰঙাত উপস্থিত হয় ৷ আনহাতে, দুই পিতা-পুত্ৰৰ মুখত শুনা যায় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ অতিপৰায়ণতাৰ কথা । লগতে প্ৰধানমন্ত্ৰীৰ আগমনৰ খবৰ পায়ে তেওঁলোক কাজিৰঙাত উপস্থিত হোৱা বুলিও প্ৰকাশ কৰে । ইয়াৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী মোদীক এবাৰ ওচৰৰ পৰা সাক্ষাৎ কৰা । উল্লেখ্য যে শ্বিলঙৰ পৰা এখন অটোৰিক্সা ক্ৰয় কৰি নিজে চলাই আহি কাজিৰঙাত উপস্থিত হৈছেহি পিতা-পুত্ৰ দুয়ো । আনহাতে, তেওঁলোকৰ অটোখনত আছে কাজিৰঙাত গঁড় সুৰক্ষাৰ বাৰ্তাও । কাজিৰঙাৰ গঁড় সুৰক্ষাৰ বিষয়টো অটোৰিস্কাখনত এখন চিত্ৰৰে উপস্থাপন কৰি পিতা-পুত্ৰই কাজিৰঙাৰ বিভিন্ন স্থানত ভ্ৰমণ কৰি ফুৰিছে ৷

উল্লেখ্য যে শুকুৰবাৰে কাজিৰঙালৈ বহু প্ৰতীক্ষিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ উদ্দেশ্যে চৰকাৰ, প্ৰসাশন আৰু বন বিভাগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ ইতিমধ্যে প্ৰধামন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰিবৰ বাবে পাণবাৰীত তিনিখনকৈ হেলিপেড সাজু কৰি তোলা হৈছে ৷ পাণবাৰীৰ হেলিপেডত শুকুৰবাৰে বিয়লি ৩ বজাত অৱতৰণ কৰি প্ৰধানমন্ত্ৰীৰ কনভয় পোনে পোনে ১৬ কিলোমিটাৰ পথ অতিক্ৰম কৰি কাজিৰঙাত উপস্থিত হ’ব ৷ এই সময়ছোৱাত পথৰ কাষে কাষে প্ৰধামন্ত্ৰীক আদৰণি জনাবলৈ বিভিন্ন সাংস্কৃতিক দল সাজু কৰি তোলা হৈছে ৷ সাংস্কৃতিক দলসমূহে গায়ন-বায়ন, বিহু, মিচিং বিহু, ঝুমুৰ আদি বিভিন্ন জনগোষ্ঠীয় কলা-সংস্কৃতি প্ৰদৰ্শন কৰিব ৷ নিৰাপত্তাৰ খাতিৰত পথৰ কাষে কাষে ইতিমধ্যে বাঁহৰ বেৰিকেড বান্ধি দিয়া হৈছে ৷ শুকুৰবাৰে নিশাটো কাজিৰঙাৰ আৰক্ষীৰ অতিথিশালাত কটাই প্ৰধানমন্ত্ৰীয়ে শনিবাৰে পুৱা ৫ বজাত কঁহৰা বনাঞ্চলত চাফাৰী কৰিব ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীক চাফাৰী কৰোৱাৰ বাবে প্ৰদ্যুম্ন নামৰ হাতীটোৰ লগতে ভালেকেইটা হাতী সাজু কৰি তোলা হৈছে ৷ আনহাতে, জীপ চাফাৰীৰ বাবেও ইতিমধ্যে জীপচি সাজু কৰি তোলা হৈছে ৷ এই সকলোবোৰৰ তদাৰকৰ দায়িত্ব এছপিজিয়ে চমজি লৈছে ৷ কঁহৰাৰ অতিথিশালাৰ দায়িত্বও এছপিজিয়ে নিজৰ তদাৰকলৈ নিছে ৷

লগতে পঢ়ক :আজি দুদিনীয়া অসম ভ্ৰমণলৈ আহি ৰাজ্যবাসীক ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প উপহাৰ দিব প্ৰধানমন্ত্ৰীয়ে

Last Updated : Mar 8, 2024, 8:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.