ETV Bharat / state

বাঁহৰ পেঁপাৰ সুৰত ৰজনজনাইছে চৌদিশ - Hornpipe pepa - HORNPIPE PEPA

Rongali Bihu: প্ৰতিজন অসমীয়াৰ বুকু এতিয়া সাতখন আঠখন ৷ ফাগুনে মেলানি মগাৰ পিচৰে পৰা ঢোলৰ গুমগুমনি, পেঁপা-গগনাৰ মাতত এতিয়া অসমৰ গছ-লতায়েও নাচি উঠিছে ৷ বাঁহৰ পেঁপাৰে বিহুলৈ সাজু হৈছে এগৰাকী লোক শিল্পী । পিছে কোন এইগৰাীক লোকশিল্পী ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

Folk artist Ambika Khanikar is busy making folk instruments in Lakhimpur
শিল্পী অম্বিকা খনিকৰৰ বাঁহৰ পেঁপাৰ সুৰত ৰজনজনাইছে চৌদিশ
author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 10:58 AM IST

Updated : Apr 7, 2024, 1:47 PM IST

বাঁহৰ পেঁপাৰ সুৰত ৰজনজনাইছে চৌদিশ

লখিমপুৰ, ৭ এপ্ৰিল : পেঁপাটি পেঁপাটি ৰহেদৈ পেঁপাটি কলিদৈ ম'হৰে শিং, বজালে বজাবি ভালেকৈ বজাবি গুটি ফুলৰ গামোচা দিম । পিছে এতিয়া, কলিদৈ ম'হৰ শিং নহ'লেও বাউলী হ'ব নাচনী । বাঁহৰ পেঁপাৰ বহুল সমাদৰ ।

বিহুলৈ আৰু বেছিদিন নাই । উদুলি মুদুলি অসমীয়াৰ পদূলি । বিহু আহি পালেহিয়েই । কুলিৰ মাতত আঁহতৰ আঁৰেৰে সংগোপনে নামি আহিছে ৰঙালীৰ ৰং । ঢোলৰ মাতত ৰজনজনাইছে চৌদিশ । তিহিতি পেঁপাৰ মাতে বাউলী কৰিছে ৰাংঢালী নাচনীক । পেঁপা বুলিলে ই চৰ্চালৈ আহে এগৰাকী বিশেষ ব্যক্তিৰ নাম ।

ঢোলৰ ওজা অম্বিকা খনিকৰ । খনিকৰৰ সৃষ্টি বাঁহৰ পেঁপাৰ সমাদৰ । বাঁহৰ পেঁপাৰ তিহিতি মাতত কঁকাল ঘূৰাইছে নাচনীয়ে । ঢোলৰ ওজা অম্বিকা খনিকৰে বিগত এবছৰ ধৰি ম'হৰ শিঙৰ সলনি বাঁহৰ পেঁপা নিৰ্মাণ কৰি দেখুৱাইছে চমক । তেওঁৰ বাঁহৰ পেঁপাৰ এতিয়া প্ৰচুৰ সমাদৰ । ম'হৰ শিঙৰ পেঁপাৰ দৰে গুণগত মানত অবিকল বাঁহৰ পেঁপা ।

ম'হৰ শিঙৰ নাটনিৰ বাবে বিকল্প চিন্তা কৰি তেওঁ অতি কষ্টৰে এটাৰ পাছত এটাকৈ নিৰ্মাণ কৰি গৈছে বাঁহৰ পেঁপা । বাঁহৰ পেঁপাৰ তিহিতি সুৰে সকলোকে আকৰ্ষণ কৰিছে । বহুতে ফৰমাইচ দি তেওঁৰ পৰা বাঁহৰ পেঁপা ক্ৰয় কৰি নিছে । বিহুতলীত, বিহুৰ আখৰাত এতিয়া অম্বিকা খনিকৰৰ বাঁহৰ পেঁপাৰ তিহিতি সুৰত নাচনীয়ে কঁকাল ঘুৰাইছে ।

একোটা বাঁহৰ পেঁপাৰ মূল্য এহেজাৰ, পোন্ধৰ শ হোৱাৰ বিপৰীতে ম'হৰ শিঙৰ গুটীয়া পেঁপাৰ দাম দুই আঢৈ হেজাৰ আৰু যুৰীয়া পেঁপাৰ দাম পাঁচৰ পৰা আঠ ন হেজাৰ পৰ্যন্ত বুলি তেওঁ উল্লেখ কৰে । যিহেতু গুণগত মানত বাঁহৰ বা মহৰ শিঙৰ পেপাৰ কোনো পাৰ্থক্য নাই, সেয়ে ৰাইজে এতিয়া ম'হৰ শিঙৰ সলনি কম মূল্যতে পোৱা বাঁহৰ পেঁপাক আদৰি লৈছে ।

গগনা আদিৰ লগতে বাঁহেৰে সুতুলিও নিৰ্মাণ কৰিছে অম্বিকা খনিকৰে । সাধাৰণতে সুতুলি মাটিৰে নিৰ্মাণ কৰা হয় যদিও অম্বিকা খনিকৰে বাঁহেৰে সুতুলি নিৰ্মাণ কৰিছে। এই ক্ষেত্ৰতো গুণগত মানত কোনো পাৰ্থক্য নাই বুলি ক'লে শিল্পী গৰাকীয়ে ।

উল্লেখ্য যে, কেৱল পেঁপা, গগনা আদি নিৰ্মাণ কৰাই নহয় । বৰ্তমান শিল্পীগৰাকী ব্যস্ত হৈ আছে বিহুৰ কৰ্মশালাত । বিহুৱা, নাচনী, ঢোল বাদন আদিৰ কৰ্মশালাত অংশগ্রহণ কৰি তেওঁ শিক্ষা দিয়াৰ উপৰি ওজাও শিকাইছে । একাংশ কণ কণ শিশু আৰু কিশোৰে শিল্পীগৰাকীৰ ওচৰত বিভিন্ন শিক্ষা গ্রহণ কৰিছে । এতিয়া ৰৈ থাকিবলৈ সময় নাই শিল্পী অম্বিকা খনিকৰৰ । আপুনিও এবাৰ বজাই চাব পাৰে বাঁহৰ পেঁপা ।

লগতে পঢ়ক: চেনেহৰ দীঘ-বাণিৰে চেনাইলৈ বিহুৱান বোৱাত ব্যস্ত ধেমাজিৰ মাইনীহঁত - Rongali Bihu

Last Updated : Apr 7, 2024, 1:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.