ETV Bharat / state

ক’ৰবাত ফেৰীসেৱা বাতিল, ক’ৰবাত সকলো ডুবিছে পানীত - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 8:27 PM IST

Updated : Jun 29, 2024, 9:56 PM IST

Flood situation in Assam : ডিব্ৰুগড়, ধেমাজি, মাজুলী ক’ত কিমান বাঢ়িছে পানী ? বানৰ ফলত ব্যাহত হৈছে জনজীৱন ৷ বিদ্যালয়ো আছে পানীত তলত ৷

Flood situation in Assam
ক’ৰবাত ফেৰীসেৱা বাতিল, ক’ৰবাত সকলো ডুবিছে পানীত (ETV Bharat Assam)

নিউজ ডেস্ক, 29 জুন: ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বানৰ বিভীষিকা ৷ ডুবিছে পথ, ডুবিছে ঘৰ ৷ আশ্ৰয়স্থলৰ বাবে হাহাকাৰ কৰিছে মানুহৰ লগতে জীৱ-জন্তুৱেও ৷ শনিবাৰেও বহু ঠাইত অব্যাহত আছে বান ৷

ধেমাজিৰ বান পৰিস্থিতি:

নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিত জীয়াঢল, ৰাই নদী ,গাই নদী , কামিয়া আটাইকেইখন খৰস্ৰোতা নদীত ফেনে-ফোটোকাৰে পানী বাঢ়ি ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে ৷ এইবাৰ গাই আৰু লেচীয়া নদীয়ে ধেমাজি ৰাজহচক্ৰৰ অন্তৰ্গত গোহাঁই গাঁও পঞ্চায়তৰ আমগুৰি, বাম গাঁও ,বৰাচিৰা আদি বহুকেইখন গাঁৱৰ ঘৰ-পথাৰ জলমগ্ন কৰিছে ৷

বিশেষকৈ এই নদী দুখনৰ বাঢ়নী পানীয়ে ধেমাজিৰ মৰিধলৰ পৰা চিচিকলঘৰলৈ সংযোগী গোহাঁই গাঁও হৈ যোৱা জলসম্পদ বিভাগৰ এটা গুৰুত্বপূৰ্ণ মথাউৰিত আঘাত কৰাত চপৰা-চপৰে খহিবলৈ আৰম্ভ কৰিছে ৷ ফলত শনিবাৰে পুৱাৰে পৰা উক্ত মথাউৰিটো ধেমাজি জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত যুদ্ধকালীনভাৱে মেৰামতিৰ বাবে তৎপৰতা অৱলম্বন কৰিছে ৷ জিঅ’ বেগ, জিঅ’ মেট আৰু বাঁহ দি মথাউৰিটো সুৰক্ষিত কৰাৰ বাবে উঠিপৰি লাগিছে ৷ লক্ষ্যণীয় যে এই মথাউৰিটো বিছিন্ন হ’লে ধেমাজি নগৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত গাই নদীয়ে প্লাৱন কঢ়িয়াই অনাৰ আশংকা কৰি স্থানীয় ৰাইজ শংকিত হৈ আছে ৷

জোনাইৰ বান পৰিস্থিতি :

কেবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ জামুগুৰি, উলুৱনী অঞ্চলত সৃষ্টি হোৱা বান পৰিস্থিতি আজিও শোচনীয় হৈ আছে । দিখাৰী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলোৱা ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ উলুৱনী, জামুগুৰি অঞ্চলৰ পোন্ধৰখনৰো অধিক গাঁৱৰ বান সমস্যা অপৰিৱৰ্তিত হৈ আছে ।

দিখাৰী নদীৰ বানত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰৰ পৰা জামুগুৰি সংযোগী পথৰ জামুগুৰি পকী কালভাৰ্টৰ কাষত তীব্ৰ খহনীয়া সৃষ্টি হোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ কেবাদিনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে দিখাৰী নদীৰ পানী ৷ নদীখনৰ বাঢ়নী পানীয়ে জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১ নং, ২ নং, ৩ নং জামুগুৰি, ১ নং-২ নং উলুৱনী, উলুৱনী মাজগাঁও, উলুৱনী জয়পুৰ, বিঞ্চুপুৰ, লংকা, ১ নং-২ নং-৩ নং মলান, নলাপাৰা, তাকাবাৰী, চিয়াৰী আদি পোন্ধৰখনৰো অধিক কৃষিজীৱি গাঁৱৰ পথ, পথাৰসমূহ কালিৰে পৰা বুৰাই পেলায় ।

লগতে পঢ়ক: 383 খন গাঁও আজিও পানীৰ তলত ; 32 জনলৈ‌ বৃদ্ধি মৃতকৰ সংখ্যা

দিখাৰী নদীৰ বানত উলুৱনী, জামুগুৰি অঞ্চলৰ গাঁওসমূহৰ বাট-পথ বিলাক দিখাৰী নদীৰ বানে বুৰাই পেলোৱাৰ লগতে কৃষিজীৱি গাঁওসমূহৰ বিঘাই-বিঘাই শস্য পথাৰ বুৰ যোৱাৰ ফলত গঞা ৰাইজৰ বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে । ইপিনে দিখাৰী আৰু পঃতে নলাৰ বাঢ়নী পানীয়ে মিছামৰা গাঁও পঞ্চায়তৰ ১ নং, ২ নং, ৩ নং, ৪ নং মধুপুৰ গাঁও বুৰাই পেলাইছে । নদী দুখনৰ বানত তেলাম গাঁও পঞ্চায়তৰ অৰুণ চাপৰি আৰু ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ চিয়াৰী গাঁও জলমগ্ন হৈ পৰিছে । বানত গাঁৱৰ পথ-পথাৰসমূহ বুৰাই পেলাইছে দিখাৰী নদীৰ বাঢ়নী পানীয়ে ।

ৰামধন দিখাৰী আৰু তেলাম গাঁও পঞ্চায়তৰ বানপীড়িত অঞ্চলত পথ, পথাৰ বানত জলমগ্ন হৈ পৰাৰ ফলত পশুধনৰ মাজত ভীষণ খাদ্যৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে দিখাৰী নদীৰ বাঢ়নী পানীত চিয়াৰীৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পঃতে নলা সংযোগী পথছোৱা জলমগ্ন হৈ পৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত অৰ্বনণীয় সমস্যাই দেখা দিছে । জোনাইৰ বিধায়ক ভূৱন পেগুৱে আজি পুৱাই বান আক্ৰান্ত অঞ্চলসমূহৰ পৰিয়ালসমূহৰ কাষত বিধায়ক ভূৱন পেগুৱে উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে ৰাইজৰ মাজত সাহায্য বিতৰণ কৰাৰ উপৰিও জোনাই মহকুমা প্ৰসাশনৰ বিষয়াসকলক শীঘ্ৰেই খাদ্য সামগ্ৰী, খোৱাপানী, ঔষধ আদিকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

ডিব্ৰুগড়ৰ বান পৰিস্থিত:

ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত ঐতিহাসিক ডিব্ৰুগড় চহৰ । বিগত তিনিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে ঐতিহাসিক চহৰখনৰ পৌৰনিগমৰ ২২ টা ৱাৰ্ডত কৃত্ৰিম বানপানীয়ে ভয়াৱহ ৰূপ লোৱাৰ লগতে জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে । শনিবাৰে কৃত্ৰিম বানৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি ।

বাণীপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ২ কিলোমিটাৰ পথ জলমগ্ন হৈ পৰিছে । ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷ এম্বুলেন্সকে ধৰি যাত্ৰীবাহী বাহন পথৰ ওপৰতে আৱদ্ধ হ’বলগীয়া হয় । পানী নিষ্কাশনৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ জনসাধাৰণৰ ৷ উল্লেখ্য যে, অসমৰ প্ৰথমখন পৌৰসভাক উন্নীত কৰা হ’ল পৌৰ নিগমলৈ ।

গুৱাহাটী পৌৰ নিগমৰ পিচতেই দ্বিতীয়খন পৌৰ নিগম হিচাপে স্বীকৃতি দিয়া হ'ল ডিব্ৰুগড় পৌৰ নিগমক । গুৱাহাটী মহানগৰৰ পিচতে এখন আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় চহৰখন । উজনি অসমৰ ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে ৷ উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় চহৰ । কিন্তু ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পিচতে তিনিটা দিনেই পানীৰ তলত আছে ডিব্ৰুগড় চহৰ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ঠায়ে ঠায়ে এতিয়া পানীৰ তলত ।

লগতে পঢ়ক: শান্ত হোৱা নাই কপিলী : গাখীৰ ঢালি কাকুতি ঘোষা কপিলীপৰীয়াৰ

আনকি দুটা দিনে ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ৰ ভিতৰত একাঁঠু পৰ্যন্ত পানী । কেৱল সেইয়াই নহয়, ডিব্ৰুগড়ৰ বিভিন্ন বিভাগীয় চৰকাৰী কাৰ্যালয়ৰ ভিতৰত সোমাল কৃত্ৰিম পানী । বিভিন্ন বিদ্যালয়, সামাজিক বনানীকৰণ, বন সংমণ্ডলৰ কাৰ্যালয়, ডিব্ৰুগড় আদালতৰ কাৰ্যালয়ৰ চৌহদ, পুলিচ ৰিজাৰ্ভ, জনস্বাস্থ্য কাৰিকৰী বিভাগকে ধৰি ডিব্ৰুগড়ৰ মূল পথসমূহত একাঁঠু পৰ্যন্ত পানী । ডিব্ৰুগড় চহৰৰ মূল নলাসমূহ পৰিস্কাৰ নকৰা বাবেই এনে পৰিস্থিতি সৃষ্টি হৈছে । ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা এই অভাৱনীয় পৰিস্থিতিক লৈ অসহায় ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসন ।

মাজুলীৰ পৰিস্থিতি :

যোৱা কেবাটাও দিনধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ৷ যাৰ ফলত আজিৰ পৰা বন্ধ হ’ল মাজুলী-অফলামুখ-নিমাতী ফেৰীসেৱা ৷ হঠাৎ জলস্তৰ বৃদ্ধি পোৱাত অফলামুখ-নিমাতী ফেৰীসেৱা বন্ধ ঘোষণা কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে । পুৱা ভাগত অফলামুখ-নিমাতী আৰু কমলাবাৰী-নিমাতী এই দুয়োটা ঘাটত সময়সূচী অনুসৰি চলি আছিল ফেৰীসমূহ । হঠাৎ জলস্তৰ অধিক বৃদ্ধি পোৱাত অফলামুখ-নিমাতী ফেৰীসেৱা বন্ধ ঘোষণা কৰিছে বিভাগে । হঠাৎ ফেৰী সেৱা বন্ধ হোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: জোনাইত বাঢ়নী পানীয়ে ছিঙিলে গাইড বান্ধ; নিদ্ৰাহৰণ ৰাইজৰ

Last Updated : Jun 29, 2024, 9:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.