ETV Bharat / state

বানাক্ৰান্তৰ চকুলো মচিবলৈ নাই কোনো : আজানপীৰ দৰগাহলৈ বানে আনিছে ভাবুকি - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 1:34 PM IST

Assam Flood Situation : অসমৰ শিৱসাগৰ, ডিমা হাছাও, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিস্তীৰ্ণ অঞ্চলত অপৰিৱৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি ৷ সকলোৰে পৰিচিত আজানপীৰ দৰগাহতো চলিছে বানৰ তাণ্ডৱ ৷ বানৰ বাবে ওখ ঠাইৰ সন্ধানত কাজিৰঙাৰ পৰা কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে জীৱ-জন্তু ৷ চাওক বান পৰিস্থিতিৰ সবিশেষ...

ASSAM FLOOD 2024
ঘৰ-বাৰী সকলো ডুবিছে বানত (ETV Bharat Assam)

নিউজ ডেস্ক, 1 জুলাই: অসমৰ বান পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই ৷ আহাৰমহীয়া বানত ক্ষতিগ্ৰস্ত হৈছে কামৰূপ, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, ধেমাজি, মাজুলী, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, কোকৰাঝাৰ আৰু যোৰহাট আদিকে ধৰি ৰাজ্যৰ 12 জিলা ৷ এই তথ্য প্ৰকাশ পাইছে অসম দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ ৱেবছাইটত ৷

অব্যাহত বানৰ সংহাৰ (ETV Bharat Assam)

ৰাজ্যৰ কিছু কিছু অঞ্চলৰ বান পৰিস্থিতি সম্প্ৰতি এনেধৰণৰ-

শিৱসাগৰ

বান বিভীষিকাই অশনি সংকেত কঢ়িয়াই আনিছে শিৱসাগৰৰ আজানপীৰ দৰগাহলৈ ৷ বাঢ়নী পানীৰ কবলত পৰিছে ঐতিহাসিক অঞ্চলটো ৷ ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলতে জিলাখনত থকা নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই অৱস্থা সৃষ্টি হৈছে ৷

প্ৰাপ্ত তথ্য় অনুসৰি, শিৱসাগৰ জিলাত 33 বছৰৰ পিছত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ স্থাপন কৰে নতুন অভিলেখ ৷ সমান্তৰালকৈ ফেনে-ফোটোকাৰে বাঢ়িছে দিহিং, দিচাং, দিখৌ, দৰিকা, মিতং আদি উপনৈসমূহ ৷

লগতে পঢ়ক: ৰাজ্যত বানৰ সংহাৰ : মৃতকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি; ৬৭১ খন গাঁও এতিয়াও পানীৰ তলত - Assam Flood 2024

উল্লেখ্য যে, দিচাংমুখ অঞ্চলত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ 92.34 মিটাৰ ওপৰৰে বৈ থকাৰ বিপৰীতে নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰে ভংগ কৰিছে 33 বছৰৰ অভিলেখ । জলসম্পদ বিভাগৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি, নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ 87.39 মিটাৰ ওপৰৰে বৈ আছে ৷ ইয়াৰ পূৰ্বে 1991 চনত নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ সৰ্বাধিক 87.37 মিটাৰলৈ বৃদ্ধি হৈ অভিলেখ সৃষ্টি কৰিছিল ৷

আনহাতে, জিলাখনত দিখৌ নদী বিপদসীমাৰ 93.69 মিটাৰ ওপৰেদি বৈ থকাৰ বিপৰীতে দিহিং নদী 98.90 মিটাৰ, দিচাং নদী 95.80 মিটাৰৰ পৰিৱৰ্তে 95.90 মিটাৰকৈ বিপদসীমাৰ ওপৰৰে বৈ থকা বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে ৷ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক সময়ত বৰষুণৰ সম্ভাৱনা জাৰি কৰাক কেন্দ্ৰ কৰি এই নৈসমূহৰ জলস্তৰ অধিক বৃদ্ধি পোৱাৰ আশংকা আছে ৷ কেন্দ্ৰই কোনো কোনো জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট ৷

বাঢ়নী পানীয়ে ইতিমধ্যে দেওবাৰে নিশালৈকে শিৱসাগৰ, নাজিৰা আৰু ডিমৌৰ প্ৰায় 21 খন গাঁও প্লাৱিত কৰিছে ৷ যাৰ ফলত ব্যাপক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে কৃষিভূমি ৷ শিৱসাগৰত এতিয়ালৈকে 40 হেক্টৰ আৰু ডিমৌত 20 হেক্টৰ কৃষি ভূমি জলমগ্ন হোৱা বুলি জানিব পৰা গৈছে ৷ তাৰোপৰি শিৱসাগৰত বানৰ কবলত পৰিছে 4,490 টা আৰু ডিমৌত 1,853 টা পশুধন ৷

লগতে পঢ়ক: নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী; শংকিত নৈপৰীয়া - NHPC releases excess water

এই বানত ক্ষতিৰ সন্মুখীন হৈছে শিক্ষানুষ্ঠানসমূহো ৷ জানিব পৰা মতে, শিৱসাগৰত দুখন আৰু ডিমৌত এখন বিদ্যালয় ডুব গৈছে বানত ৷ একেদৰে শিৱসাগৰত 13 টা আৰু ডিমৌত দুটা অংগনবাদী কেন্দ্ৰ বানৰ কবলত পৰিছে ৷

ইতিহাস প্ৰসিদ্ধ তথা সকলোৰে পৰিচিত আজানপীৰ দৰগাহতো চলিছে বানৰ তাণ্ডৱ ৷ এই দৰগাহ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে দেওবাৰৰ নিশাৰে পৰা প্লাৱিত কৰি ৰাখিছে ৷ এই বানৰ ফলত আজানপীৰ দৰগাহ চৌহদত থকা মছজিদ ঘৰ, সভাকক্ষ, অতিথিশালা, ৰান্ধনীঘৰৰ উপৰিও দৰগাহৰ তদাৰকৰ বাবে থকা খাদিমৰ ঘৰো সম্পূৰ্ণভাৱে ডুব যায় ।

আনকি দৰগাহ চৌহদত থকা এজোপা প্ৰকাণ্ড গছ দেওবাৰৰ নিশাৰ বৰষুণৰ পিছত উভালি পৰাত বন্ধ হৈছে যাতায়াত ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ এটি দলে ৰাইজৰ সহযোগত আৰু দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুনল ৰচিদৰ বিশেষ তৎপৰতাত গছজোপা কাটি পথটো মুকলি কৰিবলৈ সক্ষম হয় ।

তাৰোপৰি দিখৌমুখৰ সৰাগুৰি চাপৰিত লুইতে ভয়াৱহ ৰূপ ধাৰণ কৰাত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ ঐতিহাসিক দিচাংমুখ অঞ্চলটো একেই কালৰূপ ধাৰণ কৰি ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বানে তাণ্ডব চলোৱা দেখা গৈছে ।

লগতে পঢ়ক: গোলাঘাটত জলবন্দী ৰাইজৰ হাহাকাৰ; ছিগিল মথাউৰি-উটুৱাই নিলে পথ - Assam Flood 2024

শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰাজহ চক্ৰ বিষয়া চৈয়দ নেকিব ৰহমানৰ নেতৃত্বত যোৱা এটি বৃহৎ দলে সোমবাৰে ঐতিহাসিক দিখৌমুখৰ সৰাগুৰি চাপৰি আৰু দিচাংমুখৰ সমগ্ৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

হাফলং

নেৰানেপেৰা বৰষুণৰ বাবে পুনৰ বন্ধ হৈ পৰিছে হাফলং-শিলচৰ সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথ । দেওবাৰৰ পৰা আৰম্ভ হোৱা বৰষুণে ডিমা হাছাও জিলাৰ জনজীৱন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি তুলিছে বুলি জানিব পৰা গৈছে । ইতিমধ্য়ে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী চাৰি-পাঁচ দিনলৈকে বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ, ডিমা হাছাও জিলাৰ লগতে ৰাজ্যৰ আন কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছিল ।

কেন্দ্ৰৰ সম্ভাৱনা সঁচা প্ৰমাণিত কৰি দেওবাৰৰে পৰা পাহাৰীয়া জিলাকেইখনত অব্যাহত আছে বৃষ্টিপাত ৷ এই বৰষুণৰ ফলত হাফলং-শিলচৰ সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা-হাৰেংগাজাও অংশৰ মাজৰ বহু স্থানত সংঘটিত হৈছে ভূমিস্খলন ৷

লগতে পঢ়ক: আই নৈত উটি আহিল ডেৰমহীয়া হাতী পোৱালী - Assam flood 2024

লগতে পাহাৰীয়া নৈৰ পানী ঘাইপথৰ ওপৰৰে বাগৰি যোৱাৰ ফলত ব্যাপক সমস্যা সৃষ্টি হৈছে যাতায়াতত ৷ ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত বন্ধ ৰাখিছে জিলা প্ৰশাসনে ৷ যাৰ ফলত আদবাটতে বহু যাত্ৰী আৱদ্ধ হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

কলিয়াবৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাই কলিয়াবৰতো দেখা দিছে একেই অৱস্থা ৷ বানৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ তিনিআলিৰ পৰা 715 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ অসমৰ অন্যান্য অঞ্চলসমূহলৈ চলাচল কৰা গধুৰ যান-বাহনসমূহৰ যাতায়াত সাময়িকভাৱে বন্ধ ৰখা হৈছে ৷ প্ৰকৃততে বানৰ বাবে ওখ ঠাইৰ সন্ধানত কাজিৰঙাৰ পৰা কাৰ্বি পাহাৰলৈ ঢাপলি মেলা জীৱ-জন্তুৰ যাতে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰোতে কোনো হানি-বিঘিনি নহয়, তাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ।

সেয়েহে সকলো প্ৰকাৰৰ গধুৰ যান-বাহন কলিয়াবৰ তিনিআলিত ৰখাই দিছে যান-বাহন আৰক্ষীয়ে । অৱশ্যে কলিয়াবৰ তিনিআলিৰ পৰা অন্য পথেৰে গধুৰ যান-বাহনসমূহ অসমৰ অন্যান্য় স্থানলৈ যাবলৈ নিৰ্দেশনা তথা অনুমতি প্ৰদান কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: বানত জুৰুলা ৰাজ্যবাসী ; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.