গুৱাহাটী,৭ জুলাই : ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে । বৰ্তমান সময়তো ৰাজ্যৰ ২৯ খন জিলাৰ ১০৭ টা ৰাজহ চক্ৰৰ ৩,৫৩৫ খন গাঁও প্লাৱিত হৈ আছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । চলিত বাৰিষাৰ দ্বিতীয়টো বানে ৰাজ্যৰ বিভিন্ন জিলাত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে বিগত ২৪ ঘণ্টাত ৰাজ্যখনত বানত ৬ গৰাকী লোকৰ মৃত্যু হৈছে । এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮ গৰাকীলৈ বৃদ্ধি পালে ।
বানত মৃত্যু হোৱাৰ সংখ্যা ৫৮ লৈ বৃদ্ধি :
ৰাজ্যজুৰি প্ৰলয়ৰ সৃষ্টি কৰা চলিত বাৰিষাৰ দ্বিতীয়টো বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮ গৰাকীলৈ বৃদ্ধি পালে । শেহতীয়াকৈ ৬ গৰাকী লোকৰ মৃত্যু হৈছে, ইয়াৰে দুজন পুৰুষ আৰু ৪ টা শিশু । মৃত্যু হোৱা সকলৰ ভিতৰত দুজন চৰাইদেউৰ, এজন গোৱালপাৰাৰ, এজন মৰিগাঁৱৰ, এজন শোণিতপুৰৰ আৰু এজন তিনিচুকীয়াৰ ।

বানৰ কবলত ৰাজ্যৰ ২৯ খন জিলা :
বৰ্তমান বানৰ কবলত আছে ৰাজ্যৰ ২৯ খন জিলা । জিলা কেইখন হৈছে ক্ৰমে ধুবুৰী, কাছাৰ, হাইলাকান্দি, কামৰূপ, গোৱালপাৰা, চৰাইদেউ, বিশ্বনাথ, বৰপেটা, নলবাৰী, বঙাইগাঁও, ডিব্ৰুগড়, গোলাঘাট, হোজাই, লখিমপুৰ, ধেমাজি, দক্ষিণ শালমাৰা, নগাঁও, মৰিগাঁও, কৰিমগঞ্জ, চিৰাং, কোকৰাঝাৰ, দৰং, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, কাৰ্বি আংলং, তিনিচুকীয়া, মাজুলী আৰু কামৰূপ মহানগৰ । ২৯ খন জিলাৰ ১০৭ টা ৰাজহ চক্ৰৰ ৩,৫৩৫ খন গাঁও বানৰ কবলত পৰিছে । ইয়াৰ ভিৰতৰ ধুবুৰী জিলাৰ সৰ্বাধিক ৫৬৭ খন গাঁও প্লাৱিত হৈ আছে ।

বিপদসীমাৰ ওপৰৰে বৈ আছে কেইবাখনো নৈ :
ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো নৈ-উপনৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে আৰু প্লাৱিত হৈছে বিভিন্ন অঞ্চল । বৰ্তমান সময়ত ব্ৰহ্মপুত্র নদী নিমাতীঘাট, তেজপুৰ, ধুবুৰী আৰু গোৱালপাৰাত বিপদসীমাৰ ওপৰৰে বৈ আছে । সেইদৰে বুঢ়ীদিহিং নৈ খোৱাঙৰ চেনীমাৰিত, দিখৌ নৈ শিৱসাগৰত, দিচাং নৈ নঙলামূৰাঘাটত, ধনশিৰি নৈ নুমলীগড়ত, জিয়া ভৰলী এন টি ৰোড ক্ৰছিঙত, কপিলী নৈ ধৰমতুলত, বৰাক নৈ এ পি ঘাট আৰু বি পি ঘাটত আৰু কুশিয়াৰা নৈ কৰিমগঞ্জত বিপদসীমাৰ ওপৰৰে বৈ আছে ।
লগতে পঢ়ক :এতিয়াও পানীৰ তলত বিলাসীপাৰাৰ বহু গাঁও; বন্যাৰ্তৰ কাষত বিধায়ক ছামছুল হুদা - Assam Flood 2024 |
বানত ক্ষতিগ্ৰস্ত কেইবা লক্ষাধিক লোক :
শেহতীয়া তথ্য মতে ২৯ খন জিলাৰ ২৩,৯৬,৬৪৮ গৰাকী লোক বৰ্তমান বানৰ কবলত পৰিছে । ইয়াৰ ভিতৰত ৯,৭৮,৪০৩ জন পুৰুষ, ৮,৭৭,২৮০ গৰাকী মহিলা আৰু ৫,৪০,৯৬৫ টা শিশু আছে ।
বানৰ কবলত বিশাল কৃষিভূমি :
কালৰূপী বানত ৰাজ্যৰ শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে । শেহতীয়া তথ্য মতে বৰ্তমান বানত ক্ষতিগ্ৰস্ত হোৱা কৃষিভূমিৰ পৰিমাণ হৈছে ৬৮,৭৬৯ হেক্টৰ । ইয়াৰ ভিতৰত মাজুলী জিলাৰ সৰ্বাধিক ১৮,৫৯২ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ।

শিবিৰত আশ্ৰয় বহুজনৰ :
ৰাজ্যৰ বানাক্ৰান্ত জিলা কেইখনত বৰ্তমান ৫৭৭ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । ইয়াৰ ভিতৰত কাছাৰ জিলাত সৰ্বাধিক ১০৪ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা হৈছে ৫৩,৪২৯ গৰাকী । ইয়াৰ ভিতৰত ২০,৪৫৫ জন পুৰুষ, ২০,২৫৬ গৰাকী মহিলা, ১২,১৫৯ টা শিশু আৰু ৪৯০ গৰাকী গৰ্ভৱতী মহিলা আছে । তদুপৰি বিশেষভাৱে সক্ষম ৬৯ গৰাকী লোক শিবিৰত আছে । আনহাতে সাহায্য বিতৰণ শিবিৰত আছে ৪,৭২,৮৯৯ গৰাকী লোক ।

বানত ক্ষতিগ্ৰস্ত পশুধন :
বানত মানুহৰ লগতে ক্ষতিগ্ৰস্ত হৈছে পশুধন । বৰ্তমান সময়ত বানত ১৫,৪৯,১৬১ টা পোহনীয়া জন্তু ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত ৮,৬১,৩০৮ টা ডাঙৰ প্ৰজাতিৰ আৰু ৫,১৯,৪১৯ টা সৰু প্ৰজাতিৰ পশুধন আছে । তদুপৰি হাঁহ-কুকুৰা পালনৰ ক্ষেত্রতো বানে যথেষ্ট ক্ষতিসাধন কৰিছে ।
অব্যাহত উদ্ধাৰ অভিযান আৰু সাহায্য বিতৰণ :
বানাক্ৰান্ত ৰাইজক নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান । এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি আৰু আপাদকালীন সেৱা, স্থানীয় প্ৰশাসন, আভ্যন্তৰীণ জল পৰিবহণ, চক্ৰ কাৰ্যালয় আৰু আৰক্ষী উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । ইফালে শেহতীয়াকৈ বানাক্ৰান্তৰ মাজত ৭,৩২৪ কুইণ্টল চাউল, ১,৩৬৮ কুইণ্টল দাইল, ৪১৩ কুইণ্টল নিমখ আৰু ৩৭,৮১৬ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে । তদুপৰি শিশু খাদ্য আৰু পশুধনৰ খাদ্যৰ যোগানো ধৰা হৈছে ।
বানত আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন :
শেহতীয়া তথ্য মতে বানত ১২৬ টা পথৰ বিস্তৰ ক্ষতিসাধন হৈছে । সেইদৰে বহুকেইখন দলঙৰ বিস্তৰ ক্ষতিসাধন হৈছে । আনহাতে বানে মথাউৰিৰো ক্ষতিসাধন কৰিছে । শেহতীয়াকৈ বানত এটা মথাউৰি ভাঙিছে । তদুপৰি বানৰ কবলত পৰা জিলাসমূহত বিভিন্ন আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে । বহু শিক্ষানুষ্ঠানকে ধৰি চৰকাৰী কাৰ্যালয় বানত ক্ষতিগ্ৰস্ত হৈছে ।

নগৰীয়া বানৰ প্ৰভাৱ :
শেহতীয়াকৈ ৰাজ্যৰ তিনিখন জিলা নগৰীয়া বানৰ কবলত পৰিছে । জিলা কেইখন হৈছে ডিব্ৰুগড়, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ । নগৰীয়া তথা কৃত্রিম বানত প্ৰভাৱিত হৈছে ৭,৫১৯ গৰাকী লোক । কৃত্রিম বানত গুৱাহাটী মহানগৰীৰ ৫ সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছে । নগৰীয়া বানৰ বাবে ডিব্ৰুগড়ত ৬ টা আৰু গুৱাহাটী মহানগৰীত এটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ।