ETV Bharat / state

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাকে, বন্যাৰ্তৰ হাহাকাৰ - Flood Situation of Barak

Flood Situation of Barak: শোচনীয় হৈ পৰিছে বৰাকৰ বান পৰিস্থিতি । বন্যাৰ্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি । ধাৰাবাহিকভাৱে বাঢ়িয়েই আছে বৰাকৰ জলস্তৰ ৷ বৃহস্পতিবাৰৰে পৰা বৰাকত বাহৰ পাতি বান পৰিস্থিতিৰ বুজ লৈছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 3:28 PM IST

Flood situation in Barak Valley is complicated
ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাকে, বন্যাৰ্তৰ হাহাকাৰ (ETV Bharat Assam)

শিলচৰ,৩১ মে': বানে জটিল ৰূপ ধাৰণ কৰিছে বৰাক উপত্যকাত ৷ বৰাক নৈৰ বাঢ়নী পানীত বুৰ গ'ল শিলচৰ ৰে’ল ষ্টেচন ৷ অন্নপূৰ্ণা ঘাটৰে বৰাক নৈৰ পানী বাগৰি নিশাৰ পৰা শিলচৰ ৰে'ল ষ্টেচনত পানী প্ৰৱেশ কৰে ৷ ধাৰাবাহিকভাৱে বাঢ়িয়ে আছে বৰাকৰ জলস্তৰ ৷ ইতিমধ্যে বানত বুৰ গৈছে ষ্টেচনৰ কেইবাটাও ৰে’লৱে ট্ৰেক ৷ নিশাৰ পৰা প্ৰৱেশ কৰা বৰাকৰ এই বাঢ়নি পানীয়ে বুৰাই পেলাইছে ষ্টেচনৰ ৰে’লৱে ট্ৰেকসমূহ ৷

ইপিনে চহৰৰ জানিগঞ্জৰ ৰাজপথ বুৰ গৈছে বৰাকৰ বাঢ়নী পানীত । একাঁঠুলৈ পানী বৃদ্ধি পোৱাত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন । ইফালে বৰাক নৈৰ বাঢ়নী পানীত বুৰ গৈছে শিলচৰ চহৰৰ বিস্তীৰ্ণ অঞ্চল । ফলত চহৰখনৰ কেইবাখনো বিদ্যালয়-মহাবিদ্য়ালয়ত আশ্ৰয় লৈছে কেইবা হাজাৰ বানাক্ৰান্তই । পিছে দুদিনৰ পৰা চহৰৰ বানাক্ৰান্তসকলে আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে যদিও প্ৰশাসনে কোনো খবৰ নোলোৱাৰ অভিযোগ বানাক্ৰান্তৰ ।

যাৰ পৰিপ্ৰেক্ষিতত শিলচৰত আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ । ক্ষোভিত বানাক্ৰান্তই কাছাৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ৷ ইফালে বৃহস্পতিবাৰৰে পৰা বৰাকত বাহৰ পাতি বান পৰিস্থিতিৰ বুজ লৈছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

মন্ত্ৰীগৰাকীয়ে কয়, "বৰাক উপত্যকাত বৰ্তমানলৈ ৭ টা মথাউৰি ভাগিছে । ১৫ দিনৰ ভিতৰত ইয়াক মেৰামতি কৰা হ'ব । বৰ্তমানলৈ কাছাৰ জিলাত ৭৩ টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে । হাইলাকান্দিত ১৪ টা,কৰিমগঞ্জত ১৬ টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে । এইক্ষেত্ৰত বিধায়ক তথা জিলা আয়ুক্তসকলে কাম কৰি আছে । সকলোৱে যাতে সাহায্য লাভ কৰে তাৰো ব্যৱস্থা কৰি আছো ।"

লগতে পঢ়ক: বৰাকত বানৰ সংহাৰী ৰূপ, বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই - Flood Situation Of Barak

এটাৰ পিছত আনটো প্ৰাকৃতিক দুৰ্যোগ, 9 জিলাৰ 2 লাখ লোক বানত ক্ষতিগ্ৰস্ত - Assam Flood 2024

বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ; আতংকিত নৈপৰীয়া - Assam Flood 2024

বৰাকত জটিল হৈছে বান পৰিস্থিতি; বানৰ কবলত শতাধিক গাঁও - Flood In Barak Valley

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.