ETV Bharat / state

বানে কাঢ়ি নিলে আদৰ্শ খেতিয়ক তপন ডেকাৰ জীৱিকাৰ সম্বল - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 6:30 PM IST

Ideal farmer Tapan Deka : নৱগঠিত টিহু সমষ্টিৰ সন্ধেলী মাক্ৰাপাৰাৰ এগৰাকী আদৰ্শ খেতিয়ক তপন ডেকা ৷ চলিত বছৰৰ বানে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিলে আদৰ্শ খেতিয়কগৰাকীৰ জীৱন জীৱিকাৰ সম্বলসমূহ ৷ চাওক সবিশেষ...

ASSAM FLOOD 2024
বানৰ প্ৰভাৱ (ETV Bharat Assam)

বাক্সা, ১৮ জুলাই: পূৰ্বৰ বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা বৰ্তমানৰ নৱগঠিত টিহু সমষ্টিৰ সন্ধেলী মাক্ৰাপাৰাৰ আদৰ্শ খেতিয়ক তপন ডেকাৰ ঘৰত হাহাকাৰ অৱস্থা ৷ নহ’বইনো কিয় ? চলিত বছৰৰ বানে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিলে আদৰ্শ খেতিয়কগৰাকীৰ জীৱন জীৱিকাৰ সম্বলসমূহ ৷

আদৰ্শ খেতিয়কৰ দুৰৱস্থা (ETV Bharat Assam)

আদৰ্শ খেতিয়ক হিচাপে পৰিচিত তপন ডেকাই নিজ ঘৰতে গোবৰ গেছ, কেঁচুসাৰৰ লগতে কৃষিৰ বাবে প্ৰয়োজনীয় অন্যান্য জৈৱিক খেতি কৰি বছৰি উপাৰ্জন কৰিছিল লক্ষাধিক টকা ৷ কিন্তু শেহতীয়াকৈ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত হোৱা বানে খেতিয়কগৰাকীৰ সকলো সপোন তচনচ কৰে ৷

লগতে পঢ়ক: বুঢ়াদিয়াই ছিগিলে মথাউৰি, প্লাৱিত শতাধিক পৰিয়াল - Assam Flood 2024

মাত্ৰ চাৰি বিঘা মাটিত বছৰি বিভিন্ন ধৰণৰ খেতিৰে ডেকাই উৎপাদন কৰে কেইবালক্ষাধিক টকা ৷ যি সময়ত এটা সাধাৰণ চাকৰিৰ বাবে বহু নিৱনুৱা যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে সন্ধেলী মাক্ৰাপাৰৰ বাসিন্দা তপন ডেকাই চাকৰিৰ আশা বাদ দি কেঁচুসাৰ উৎপাদনৰে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শনো যুৱপ্ৰজন্মৰ আগত দাঙি ধৰিছে ৷

কৃষিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুতকৰণৰে নিজৰ লগতে আন ৫ গৰাকী লোককো ভৰণ-পোষণ দিছিল তপন ডেকাই ৷ গুজৰাটৰ অৰ্গেনিক বায়'ফাৰ্মত তিনিবছৰ চাকৰি কৰাৰ পিচত তেওঁ চাকৰি বাদ দি নিজঘৰলৈ উভতি স্বাৱলম্বী হোৱাৰ যুঁজখনত নামি পৰে ৷

ব্যক্তিগৰাকীয়ে ২০০৭ চনত বিকাশ ভাৰ্মি কম্পোষ্ট নামেৰে একক প্ৰচেষ্টাৰে কেঁচুসাৰ উৎপাদনৰ সৈতে জড়িত হয় ৷ এই কেঁচুসাৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰাৰ লগতে বিভিন্ন ঋতুত জৈৱিক পদ্ধতিৰে খেতি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে তপন ডেকাই ৷

বিশেষকৈ নেমু টেঙা, কেপচিকাম, বন্ধাকবি, জলকীয়া আদিৰ খেতিত মনোনিৱেশ কৰা ব্যক্তিগৰাকীয়ে কৃষিৰ সমানে সমানে নিজ ঘৰতেই গো-পালনো কৰিছে ৷ গৰুৰ গোবৰেৰে গোবৰ গেছ প্ৰস্তুত কৰি ৰন্ধন প্ৰক্ৰিয়াত দীৰ্ঘদিনে গোবৰ গেছ ব্যৱহাৰ কৰি আহিছে আদৰ্শ খেতিয়কগৰাকীয়ে ৷

লগতে পঢ়ক: বান-খহনীয়াত বিধ্বস্ত অসম : বছৰি গড়ে ধ্বংস হয় এশ কোটি টকা মূল্যৰ গৃহ - Flood in Assam

লুইতৰ বুকুত বিলীন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ তিনিখনকৈ গাঁও - EROSION OF BRAHMAPUTRA RIVER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.