ETV Bharat / state

লাডেনৰ পৰা কিনিছিল চুৰি সামগ্ৰী; মহিলাসহ 7 গৰাকীক গ্ৰেপ্তাৰ - THeft INCIDENT in Jonai - THEFT INCIDENT IN JONAI

7 arrested for purchasing stolen items: জোনাইত চুৰি সামগ্ৰী বিচাৰি অব্যাহত আছে আৰক্ষীৰ মাৰাথন অভিযান ৷ চুৰি সামগ্ৰী ক্ৰয় কৰি দুগৰাকী মহিলাসহ পাঁচজন যুৱকক গ্ৰেপ্তাৰ জোনাই আৰক্ষীৰ ৷

7 arrested for purchasing stolen items
লাডেনৰ পৰা চুৰি সামগ্ৰী ক্ৰয় কৰি দুগৰাকী মহিলাসহ পাঁচজনৰ অথন্তৰ (etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 8:02 PM IST

লাডেনৰ পৰা চুৰি সামগ্ৰী ক্ৰয় কৰি দুগৰাকী মহিলাসহ পাঁচজনৰ অথন্তৰ (etv bharat assam)

জোনাই, ১৭ মে’ : ধেমাজি জিলাৰ জোনাইত বিগত দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই থকা লাডেন আলী নামৰ চোৰটো ধৰা পৰাৰ পিচতেই জোনাইত অব্যাহত আছে জোনাই আৰক্ষীৰ মাৰাথন অভিযান । লাডেন চোৰক লগত লৈ আৰক্ষীয়ে চলোৱা অভিযানত ইতিমধ্যে উদ্ধাৰ কৰিছে বহুতো চুৰি হোৱা সামগ্ৰী । জোনাই অঞ্চলত চোৰক পুলিয়ে-পোখাই উভালি পেলোৱাৰ উদ্দেশ্য জোনাইৰ ভাৰপ্ৰাপ্তা আৰক্ষী বিষয়া দীপক শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শুকুৰবাৰে চলাই এই অভিযান ৷

লাডেন চোৰৰ পৰা সামগ্ৰী ক্ৰয় কৰা দুগৰাকী মহিলাসহ পাঁচজন যুৱকক বৃহস্পতিবাৰে ভাৰতীয় দণ্ডবিধি আইন গোচৰ নং 52/24/ US 380 IPC অধীনত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হৈছে ।

লাডেনৰ পৰা সামগ্ৰী ক্ৰয় কৰা এজন লোকে কয় যে, তেওঁ লাডেনৰ পৰা চুৰি কৰা এটা কুকাৰ ক্ৰয় কৰিছিল 1000 টকাত ৷ লোকজনে লাডেনৰ ঘৰৰ সমীপৰ এজন লোকৰ পৰা কুকুাৰটো ক্ৰয় কৰিছিল ৷ লাডেনৰ পৰা প্ৰত্যক্ষভাৱে তেওঁ কুকাৰটো ক্ৰয় কৰা নাছিল ৷

উল্লেখ্য যে, ধেমাজি জিলাৰ জোনাইত বিগত দীৰ্ঘদিন ধৰি লাডেন আলী নামৰ এটা চোৰে উপদ্ৰৱ চলাই আছিল ৷ ইয়াৰ পিচতে মঙলবাৰে জোনাইৰ দৈনিক বজাৰত ব্যৱসায়ী আৰু ৰাইজে মিলি চুৰি কাৰ্যৰ সৈতে জড়িত লাডেনক হাতে-লোটে ধৰি গতাই দিছিল জোনাই আৰক্ষীক ৷ তাৰ পিচতে জোনাই আৰক্ষীয়ে আটকাধীন চোৰ লাডেন আলীৰ পৰা লাভ কৰা তথ্য অনুসৰি বুধবাৰে মাৰাথন অভিযান চলাই বহুতো চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লক্ষণীয় যে, জোনাইত বহু দিন ধৰি দৈনিক বহু লোকৰ ঘৰৰ লগতে বিদ্যালয়ৰ পানী মটৰ, চিলিণ্ডাৰকে ধৰি বিভিন্ন সামগ্ৰী চোৰে লুটি নিয়াৰ ঘটনা সংঘটিত হৈ আহিছে ৷ আনহাতে জোনাই বজাৰৰ এজন ব্যৱসায়ীৰ গুডাম ঘৰৰ পৰা মঙলবাৰে কিছু দিনৰ পৰা প্ৰেছাৰ কুকাৰকে ধৰি প্ৰায় 2 লাখৰো অধিক টকাৰ বিভিন্ন সামগ্ৰী লুটি নিছিল চোৰে ৷

তেনে সময়তে মঙলবাৰে জোনাই দৈনিক বজাৰত ব্যৱসায়ী ৰাইজৰ ৰোষত পৰে এটা চোৰ ৷ ৰাইজে ধৃত চোৰটোক ধৰি লপা-থপা দি গতাই দিয়ে জোনাই আৰক্ষীক ৷ ধৃত চোৰটোৰ নাম লাডেন আলী ৷

লগতে পঢ়ক: লাডেনক লগত লৈ জোনাইত আৰক্ষীৰ চোৰৰ বিৰুদ্ধে অভিযান - THeft INCIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.