ETV Bharat / state

বিষাক্ত কাঠফুলা ভক্ষণ কৰি শিশুসহ ৫ জন অসুস্থ - Charaideo Mushroom Poisoning

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:16 PM IST

FOOD POISONING INCIDENT : চৰাইদেউ জিলাৰ চিংল' পথাৰত বনৰীয়া কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ শিশুসহ পাঁচজনকৈ লোক ৷ আক্ৰান্ত লোক কেইজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

MUSHROOM POISONING INCIDENT
বনৰীয়া কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ শিশুসহ পাঁচজনকৈ লোক (ETV BHARAT ASSAM)

মৰাণ, 10 মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিষাক্ত কাঠফুলা খাই বহুজনে প্ৰাণ হেৰুৱাব লগা হোৱাৰ সময়তে চৰাইদেউ জিলাৰ চিংল' পথাৰত বনৰীয়া কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ শিশুসহ পাঁচজনকৈ লোক ৷ চৰাইদেউ জিলাখনত প্ৰায়েই এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে যদিও সচেতন হোৱা নাই একাংশ গ্ৰাম্য আৰু চাহ বাগিচা অঞ্চলৰ লোক ৷ ফলত শুকুৰবাৰে চৰাইদেউত বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰি পুনৰ শিশুসহ পাঁচজন লোক অসুস্থ হৈ পৰে ৷

চৰাইদেউৰ চিংল' পথাৰত সংঘটিত শুকুৰবাৰে সংঘটিত হয় এই ঘটনা ৷ আক্ৰান্ত কেইজন ক্ৰমে শিৱা বাক্তি (14), দেবাৰু তাঁতী (57), মাইনা বাক্তি (13), সুনীতা বাক্তি (40) আৰু পপিমণি বাক্তি (5) বুলি জানিব পৰা গৈছে ৷ আক্ৰান্ত লোক কেইজনক ৰজাপুখুৰীস্থিত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, বিগত 26 এপ্ৰিলত চৰাইদেউ জিলাৰ সাপেখাতীত বনৰীয়া কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ হৈছিল একে পৰিয়ালৰ পাঁচজনকৈ লোক ৷ সাপেখাতী উজনিকুৰী গাঁৱৰ দীপা মূড়া ( 28), ভদ্ৰেশ্বৰ মূড়া (29), নিজৰা মূড়া (8), দিপাঞ্জলী মূড়া (3) আৰু এটি ডেৰ বছৰীয়া শিশু পুৱাৰ আহাৰৰ সৈতে বনৰীয়া কাঠফুলা ভক্ষণ কৰা পাচতেই অসুস্থ হৈ পৰিছিল ৷

অসুস্থ আটাইকেইজনকে প্ৰথমে সাপেখাতী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ ভৰ্তি কৰাৰ কেইবাদিন পিচত সুস্থ হৈছিল ৷ এই ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ আজি এই ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে চৰাইদেউ জিলাত ৷

লগতে পঢ়ক : দায়িত্বৰ খাতিৰত ছত্তিশগড়লৈ যোৱা মনোজ উভতিল নিথৰ দেহ হৈ - Police Jawan Dies On Poll Duty

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.