ETV Bharat / state

নিৰীহক প্ৰহাৰ : তিনি বিষয়াসহ পাঁচজন আৰক্ষীৰ ৰিজাৰ্ভ ক্ল’জ - Police Official Assault Case

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 5:20 PM IST

Basistha Police Station : নিৰীহৰ ওপৰত শক্তি প্ৰদৰ্শন কৰা সুৰামত্ত আৰক্ষীৰ ৰিজাৰ্ভ ক্ল’জ ৷ মঙলবাৰে সংবাদ মাধ্যমত পোহৰলৈ আহিছিল আৰক্ষীৰ দলটোৰ বৰ্বৰতাৰ কথা ৷ আৰক্ষীৰ নিৰ্মম প্ৰহাৰত দুয়োখন ভৰি ভাঙি যায় এজন ভুক্তভোগীৰ ৷

GUWAHATI COPS RESERVE CLOSED
মাৰপিট কাণ্ডত জড়িত থকাৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জ (ETV BHARAT ASSAM)

গুৱাহাটী, 26 জুন : মহানগৰীৰ বশিষ্ঠ থানাৰ তিনি বিষয়াসহ পাঁচজন আৰক্ষীৰ ৰিজাৰ্ভ ক্ল’জ ৷ সোমবাৰে নিশা বশিষ্ঠ মন্দিৰত সংঘটিত মাৰপিটকাণ্ডত জড়িত থকাৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে এই পাঁচজন আৰক্ষীক ৷ ৰিজাৰ্ভ ক্ল’জ কৰা আৰক্ষী বিষয়া কেইজন হ’ল উপ-পৰিদৰ্শক পৰাগ বৰ্মন, ধ্যানজ্যোতি তামুলী আৰু তীৰ্থ ডেকা ৷ আনহাতে এই ঘটনাৰ লগত জড়িত আন এজন আৰক্ষী কল্পজ্যোতি নেওগ আৰু গাড়ীচালক নৱৰো ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ৷ বিভাগীয় তদন্তৰ বাবে আটাইকেইজনক অভিযুক্তৰ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰাৰ কথা সামাজিক মাধ্যম 'এক্স'ত প্ৰকাশ কৰিছে ৷

পাঁচজন আৰক্ষীৰ ৰিজাৰ্ভ ক্ল’জ (ETV BHARAT ASSAM)

উল্লেখ্য যে সোমবাৰে নিশা সংঘটিত ঘটনাৰ পিচতে মঙলবাৰে সংবাদ মাধ্যমত পোহৰলৈ আহিছিল আৰক্ষীৰ দলটোৰ বৰ্বৰতাৰ কথা ৷ তাৰ পিচতে মঙলবাৰে বিয়লিৰ ভাগত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ মাতি আনি সোধ-পোছ কৰা হৈছিল অভিযুক্ত তিনি আৰক্ষী বিষয়াক ৷ পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনাৰ বিভাগীয় তদন্তৰ দায়িত্ব দিয়া হয় ডি চি পি পূৱ মৃণাল ডেকাক ৷ 7 দিনৰ ভিতৰত এই ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

উল্লেখ্য যে সোমবাৰে নিশা মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা ৷ সুৰাৰ ৰাগীত মাতাল হৈ বশিষ্ঠ আৰক্ষীৰ থানাৰ তিনিগৰাকী আৰক্ষী বিষয়াসহ আঠজন লোকে প্ৰহাৰ কৰিছিল কেবাজনো লোকক ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল কেবাজনো লোক ৷ ঘটনাত বিজয় নাথ নামৰ এজন যুৱকক আৰক্ষীৰ দলটোৱে নিৰ্মমভাৱে প্ৰহাৰ কৰি ভাগি দিছিল দুয়োখন ভৰি ৷ এই ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : বশিষ্ঠ আৰক্ষীৰ বৰ্বৰতা : তিনি আৰক্ষী বিষয়াই ভাঙিলে এজন যুৱকৰ দুয়োখন ভৰি - Police Official Assault Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.