ETV Bharat / state

অৰুণোদয় আঁচনি নহয়, খিলঞ্জীয়া অসমীয়া মীনপালকক গুৰুত্ব দিয়ক: চৰকাৰলৈ আহ্বান এগৰাকী খিলঞ্জীয়া মীনপালকৰ - Nagaon fish farmers row

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 10:32 PM IST

Fish supply chaos : চৰকাৰে এইবোৰ অৰুণোদয় জাতীয় আঁচনিত গুৰুত্ব নিদি খিলঞ্জীয়া অসমীয়া মীনপালক, ব্যৱসায়ীক কাম কৰাত সহযোগিতা কৰিব লাগে । কলিয়াবৰৰ মীনপালকৰ আহ্বান ৷

Fish Supply Chaos
চৰকাৰলৈ আহ্বান এগৰাকী খিলঞ্জীয়া মীনপালকৰ (ETV Bharat Assam)

কলিয়াবৰ, ২৭ আগষ্ট : উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰাৰ বিষয়টোক লৈ নগাঁৱৰ মীনপালকৰ বিৰুদ্ধে কলিয়াবৰত গৰজি উঠিল অসমীয়া যুৱ মীনপালক-ব্যৱসায়ী । "চৰকাৰে এইবোৰ অৰুণোদয়-জাতীয় আঁচনিত গুৰুত্ব নিদি খিলঞ্জীয়া অসমীয়া মীনপালক-ব্যৱসায়ীক কাম কৰাত সহযোগিতা কৰিব লাগে ।" এই মন্তব্য কলিয়াবৰৰ মীনপালক তথা ব্যৱসায়ী কল্পজ্যোতি শইকীয়াৰ ।

উল্লেখ্য যে শেহতীয়াভাৱে উজনি অসমত বহিৰাগত বহিষ্কাৰ বিশেষকৈ মিঞা মুছলমানক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰেই পৰিপ্ৰেক্ষিতত নগাঁৱৰ একাংশ মীনপালক তথা ব্যৱসায়ীয়ে উজনি অসমলৈ মাছ যোগান নধৰাৰ হুংকাৰ দিছে । এই বিষয়ত এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনকে ধৰি ৰাজ্যৰ থলুৱা মীনপালক তথা ব্যৱসায়ীসকল ।

আনহাতে, ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ মীনপালনৰ ওপৰত সঠিক নীতি সন্দৰ্ভতো প্ৰশ্ন উঠিছে । ৰাজ্য চৰকাৰে মৎস্য উৎপাদন বৃদ্ধিৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰে যদিও এই পদক্ষেপসমূহ কেৱল ঘোষণাতে সীমাবদ্ধ থাকে । এই পদক্ষেপসমূহৰ সঠিক ৰূপায়াণ হ'লে অসমৰ মাছৰ চাহিদা পূৰণ হোৱাৰ লগতে মীনপালক আৰু এই জীৱিকাৰ প্ৰতি আগ্ৰহীসকলো উপকৃত হোৱাৰ লগতে নিবনুৱাসকলৰ একাংশ সংস্থাপিত হ'ব বুলি আশা কৰিব পাৰি ।

শেহতীয়াকৈ নগাঁৱৰ মীনপালকৰ এটা পক্ষই উজনিলৈ মাছ যোগান নধৰাৰ সিদ্ধান্তৰ বিষয়ে কল্পজ্যোতি শইকীয়াই কয়, "আমাক কোনো হুংকাৰৰ প্ৰয়োজন নাই । অসমত আজিকালি বহু খিলঞ্জীয়া অসমীয়া ল’ৰাই মাছ উৎপাদন কৰিছে । প্ৰয়োজনত সমগ্ৰ অসমত আমাৰ অসমীয়া ল’ৰাই স্থানীয় মাছৰ যোগান ধৰিম । আমাৰ কিছুমান ধোদ হোৱাৰ বাবেই আজি আমাক এচামে মূৰ তুলি কথা ক’ব পাৰিছে ।"

আনহাতে, উৎপাদনমূলক আঁচনিৰ বিপৰীতে কেৱল হিতাধিকাৰী সৃষ্টিৰ বাবে লোৱা বিভিন্ন আঁচনিয়ে এচাম ধোদৰ সৃষ্টি কৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়, "চৰকাৰে এইবোৰ অৰুণোদয় আঁচনিত গুৰুত্ব নিদি খিলঞ্জীয়া অসমীয়া মীনপালক, ব্যৱসায়ীক কাম কৰাত সহযোগিতা কৰিব লাগে ।"

ইফালে এনে এক পৰিস্থিতিৰ উদ্ভৱৰ মূল ধিংকাণ্ড সন্দৰ্ভত কল্পজ্যোতিয়ে কয়, "অপৰাধীৰ কোনো জাতি-ধৰ্ম নাই । অপৰাধী অপৰাধীয়েই । গতিকে অপৰাধীক কঠোৰ শাস্তি দিব লাগে ।"

লগতে পঢ়ক :উজনি, মিঞা আৰু মাছ: প্ৰয়োজনত উজনিলৈ মাছ-পাচলি পঠোৱাত নিজেই নেতৃত্ব ল’ব পদ্ম হাজৰিকাই - Assam Miya controversy
লগতে পঢ়ক :অৰ্থনৈতিক অৱৰোধ কৰিব বিচৰা ব্যক্তিৰ তদন্ত হ'ব লাগে: আছুৰ সভাপতিৰ চৰকাৰলৈ আহ্বান - Nagaon fish farmers controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.