ETV Bharat / state

সাগৰীয় মাছৰ পৰা থলুৱা মাছলৈ : ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠিছে মৎস্য সংগ্ৰহালয় - Fish museum

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 4:11 PM IST

Fish museum in Baksa : বাক্সা জিলাৰ বৰমাত অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ একক প্ৰচেষ্টাত গঢ়ি উঠিছে এটা মৎস্য সংগ্ৰহালয় । সাগৰীয় তৰামাছৰ পৰা বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য মাছলৈ, সকলো উপলব্ধ এই মৎস্য সংগ্ৰহালয়ত ৷ বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা গৱেষক ছাত্ৰ-ছাত্ৰীলৈ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এই সংগ্ৰহালয় ৷

FISH MUSEUM IN BAKSA
আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে মৎস্য সংগ্ৰহালয় (ETV BHARAT ASSAM)

বাক্সা, 29 জুন : অৱসৰৰ পাচতো থমকি ৰোৱা নাই এগৰাকী প্ৰাক্তন অধ্যাপক ৷ একক প্ৰচেষ্টাত এইগৰাকী অধ্যাপকে ঘৰতেই গঢ়ি তুলিছে এক মৎস্য সংগ্ৰহালয় ৷ মাছৰ বিষয়ে বিশেষকৈ অসমৰ থলুৱা মাছৰ ওপৰত অধ্যয়নৰ বাবে তথা ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ কিছু বছৰ পূৰ্বে এই সংগ্ৰহালয়টো আৰম্ভ কৰিছিল তেখেতে ৷

ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ একক প্ৰচেষ্টাত গঢ়ি উঠিছে এটা মৎস্য সংগ্ৰহালয় (ETV BHARAT ASSAM)

বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাই নিজ গৃহতে গঢ়ি তোলা মৎস্য বৈচিত্ৰিক আৰু আনুবংশিক সংগ্ৰহালয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ অৱসৰৰ পিচতো জ্ঞান পিপাসু ড৹ শৰ্মাই অসমৰ থলুৱা মাছৰ ওপৰত অব্যাহত ৰাখিছে অধ্যয়ন ৷ বিভিন্ন সময়ত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিদৰ্শন কৰে এই মৎস্য সংগ্ৰহালয় ৷ সংগ্ৰহালয়টোত আছে 250 বিধৰো অধিক প্ৰজাতিৰ মাছ, লগতে আছে প্ৰতিটো মাছৰ বৈজ্ঞানিক নাম আৰু বিৱৰণ ৷ ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাই নিজৰ গৃহ চৌহদতে নিৰ্মাণ কৰা এটা ভৱনত স্থাপন কৰিছে এই সংগ্ৰহালয় ৷ বিজ্ঞানসন্মতভাৱে এই সংগ্ৰহালয়ত সংৰক্ষণ কৰা হৈছে সাগৰীয় মাছৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন থলুৱা মাছ ৷

লগতে পঢ়ক : ধোদৰআলিত বন্যহস্তীয়ে ল’লে জিৰণি : নান্দনিক দৃশ্য চাবলৈ সমবেত জনসাধাৰণ - Wild Elephant

2018 চনতে এই মৎস্য সংগ্ৰহালয় আৰম্ভ কৰিছিল ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাই ৷ ড৹ শৰ্মাই জনাই যে, ছাত্ৰাৱস্থাৰ পৰাই তেওঁৰ এইদৰে যিকোনো বস্তু সংৰক্ষণ কৰি ৰখাৰ অভ্যাস আছিল ৷ বজালী মহাবিদ্যালয়ত কৰ্মৰত অৱস্থাত যিসমূহ সামগ্ৰী তেওঁ সংৰক্ষণ কৰিছিল সেই সমূহ অৱসৰৰ পাচত তেওঁ মহাবিদ্যালয়ৰ বিভাগীয় সংগ্ৰহালয়ত জমা দিয়ে ৷ অৱসৰৰ পিচত অসমৰ মৎস্য বৈচিত্ৰিক দিশত এখন কিতাপ লিখাৰ উদ্দেশ্যে তেওঁ পুনৰ এই সংগ্ৰহৰ কাম আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে ৷

এই গ্ৰন্থখন 2018 চনত প্ৰকাশ হৈ ওলাই বুলি জনায় তেওঁ ৷ ড৹ শৰ্মাই জানিবলৈ দিয়া অনুসৰি গ্ৰন্থখনৰ বাবে সংগ্ৰহ কৰা মাছসমূহ লগতে পৈতিৃক সূত্ৰে পোৱা আনুবংশিক সকলো সামগ্ৰী এই সংগ্ৰহালয়ত তেওঁ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰাখিছে ৷ মূলতঃ মৎস্য বৈচিত্ৰিক দিশত অধ্যয়নৰ বাবে তেখেতে এই সংগ্ৰহালয় আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : অসম সাহিত্য সভাৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ লক্ষ্যৰে নিৰ্মাণ হ’ব সংগ্ৰহালয়; ড° সূৰ্যকান্ত হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.