ETV Bharat / state

নিৰাপত্তাজনিত কাৰণত মহানগৰীত বুধবাৰে বন্ধ থাকিব ফেৰীসেৱা - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:27 AM IST

Kamrup(M) ferry Services : কামৰূপ(ম) ৰ সকলো ফেৰীসেৱা বন্ধৰ ম্যাদ এদিনলৈ বৃদ্ধি ৷ সামুদ্ৰিক ঘূৰ্ণি ৰেমলৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ইতিপূৰ্বে 27-28 মে’ত মহানগৰৰ 12 খনকৈ ফেৰীৰ যাত্ৰা বাতিল কৰি এই সেৱা বন্ধৰ নিৰ্দেশ দিছিল কামৰূপ(ম) জিলা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷

ferry services in kamrup
মহানগৰীত বুধবাৰে বন্ধ থাকিব ফেৰীসেৱা (Source : Etv Bharat Assam)

গুৱাহাটী, 29 মে’ : ৰেমলৰ সাম্ভাব্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি 27-28 মে’ত বন্ধ কৰা হৈছিল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰীসেৱা ৷ পিছে সোমবাৰৰ পৰা ৰাজ্যত ৰেমলৰ ব্যাপক প্ৰভাৱ পৰাত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সেৱা বন্ধৰ ম্যাদ বৃদ্ধি কৰা হৈছে ৷ যাৰ বাবে মহানগৰীত বুধবাৰৰ দিনটোত বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা ৷

সোমবাৰৰ নিশাৰ পিছত মঙলবাৰৰ দিনটোত সামুদ্ৰিক ঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ৰাজ্যৰ বহুকেইটা প্ৰান্তত প্ৰচণ্ড বতাহৰ লগতে প্ৰবল বৃষ্টিপাত হৈছিল ৷ সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত কামৰূপ(ম) জিলা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জিলাখনত অস্থায়ীভাৱে ফেৰী সেৱা বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক: ৰেমলৰ প্ৰভাৱ : সাময়িকভাৱে বন্ধ কৰা হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা - CYCLONE REMAL IMPACT

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ দুৰ্যোগ আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰেমল সন্দৰ্ভত আগতীয়াকৈ জাৰি কৰা হৈছিল নিৰ্দেশনা ৷ গুৱাহাটী মহানগৰীৰ চাৰিটাকৈ ফেৰীঘাটৰ 12 খনকৈ ফেৰীৰ যাত্ৰা বাতিল কৰা হৈছিল ৷ নিৰ্দেশমৰ্মে বন্ধ হৈছিল গুৱাহাটী-উত্তৰ গুৱাহাটী, গুৱাহাটী মধ্যম খণ্ড পাৰঘাট, গুৱাহাটী ৰজাদুৱাৰ পাৰঘাট আৰু গুৱাহাটী-কুৰুৱা পাৰঘাটলৈ যাত্ৰা কৰা ফেৰীৰ সেৱা ৷

কিন্তু মহানগৰীতো ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱ ব্যাপকভাৱে পৰাত পুনৰ জাননী জাৰি কৰি এই বন্ধৰ ম্যাদ পুনৰ বুধবাৰলৈ বৃদ্ধি কৰা হয় ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য সচিবে জিলা আয়ুক্তসকলক বুধবাৰৰ দিনটোত ফেৰীসেৱা বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: ৰেড এলাৰ্ট জাৰি কৰা ৯ খন জিলাত বুধবাৰে বন্ধ থাকিব শিক্ষানুষ্ঠান - Red Alert In Assam

ইতিমধ্যে ৰাজ্যত ব্যাপক তাণ্ডৱ চলাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে ৰেমলে ৷ ৰেমলৰ তাণ্ডৱত ৰাজ্যত বুধবাৰৰ দিনটোলৈকে প্ৰাণ হেৰুৱাইছে তিনিগৰাকীকৈ লোকে ৷ ইয়াৰে ঢেকিয়াজুলিত এজন ছাত্ৰৰ, পলাশবাৰীৰ সমীপত এগৰাকী মহিলাৰ আৰু মহানগৰীত এজন যুৱকৰ মৃত্যু ঘটে ৷ তদুপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন সা-সামগ্ৰীৰ লগতে একাংশ বাহন ক্ষতিগ্ৰস্ত হয় ৷

লগতে পঢ়ক: ধুমুহাৰ ফলত গুৱাহাটীত উভালি পৰিল ৩৪ জোপা গছ - Cyclone Remal Impact

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.