ETV Bharat / state

মাছৰ ছিণ্ডিকেটৰ আঁৰত কোন ? বিজেপি নেতাক আক্ৰমণ কৰি ৰঙাঘৰৰ আলহী পিতা-পুত্ৰ - Bjp leader attacked

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 7:40 PM IST

BJP leader attacked: দৰং জিলা বিজেপিৰ সম্পাদক ৰিপুঞ্জয় শইকীয়াক প্ৰহাৰ ব্যৱসায়ী পিতা-পুত্ৰৰ ভেৰোণীয়া গুণ্ডাৰ । ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল মঙলদৈ আৰক্ষী থানাত । সম্প্ৰতি ৰঙাঘৰৰ আলহী দৰং জিলা কংগ্ৰেছৰ উপ-সভাপতি দুলাল হীৰা আৰু তেওঁৰ পুত্র ধীৰাজ হীৰা ।

Father and son arrested for attacking BJP leader at Mangaldoi in Darrang
বিজেপি নেতাক আক্ৰমণ কৰি ৰঙাঘৰৰ আলহী পিতা-পুত্ৰ (ETV Bharat Assam)

দৰং,২১ জুন: দৰং জিলাৰ মঙলদৈত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । জিলা বিজেপিৰ সম্পাদকক আক্ৰমণ কৰি ৰঙাঘৰৰ আলহী হ'ল পিতা-পুত্ৰ । ঘটনাৰ বিৱৰণী অনুসৰি দৰং জিলা বিজেপিৰ সম্পাদক ৰিপুঞ্জয় শইকীয়াক বুধবাৰে নিশা মঙলদৈৰ ব্যৱসায়ী দুলাল হীৰা আৰু পুত্ৰ ধীৰাজ হীৰাৰ নেতৃত্বত অহা প্ৰায় ২০-৩০ জনীয়া ভেৰোণীয়া গুণ্ডা বাহিনীৰ দ্বাৰা আক্ৰমন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

জিলা বিজেপিৰ সম্পাদকগৰাকীয়ে ব্যৱসায়ীজনৰ তেল ডিপ’ত তেল ভৰাবলৈ সোমাওতেই, ডিপ’টোত অন্ধ্ৰ প্ৰদেশৰ পৰা অহা মাছৰ গাড়ীত সন্দেহজনক দ্ৰব্য মিহলাই থকা প্ৰত্যক্ষ কৰি সোধপোছ কৰাত এই আক্ৰমনৰ ঘটনা সংঘটিত কৰে বুলি অভিযোগ উত্থাপন কৰে বিজেপিৰ নেতাগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষী থানাত বিজেপি নেতাগৰাকীয়ে এজাহাৰ দাখিল কৰাত মঙলদৈ আৰক্ষীয়ে পুত্ৰসহ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

আনহাতে ব্যৱসায়ী তথা অভিযুক্ত দুলাল হীৰা আৰু পুত্ৰ ধীৰাজ হীৰাৰ অভিযোগ- এয়া বিজেপিৰ ষড়যন্ত্ৰ । তেওঁলোক কংগ্ৰেছী কাৰণে বিজেপিয়ে ষড়যন্ত্ৰ কৰি তেওঁৰ পৰা মাছৰ ব্যৱসায় কাঢ়ি লৈ যোৱাৰ ব্লু-প্লিন্ট ৰচনা কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে দুলাল হীৰাই । ইফালে জিলা বিজেপিৰ সম্পাদকৰ নেতৃত্বত মাছৰ ছিণ্ডিকেট চলাৰো অভিযোগ অভিযুক্ত হীৰা পিতা-পুত্ৰৰ ।

ঘটনা যিয়েই নহওঁক কিয় উক্ত স্থানত দীৰ্ঘদিনৰ পৰা অন্ধ্ৰ প্ৰদেশৰ পৰা অহা চালানী মাছৰ ব্যৱসায় চলি আছে । কিন্তু উক্ত মাছবোৰ গুণগত বা স্বাস্থ্যসন্মত হয়নে নহয় সেয়া প্ৰশাসনে তদন্ত কৰাটো জৰুৰী হৈ পৰিছে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।

লগতে পঢ়ক: 22 জাঁই সক্ৰিয় গুলী, মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত চোৰাং চিকাৰী - Poachers Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.