ETV Bharat / state

শ্ৰীকৃষ্ণ জন্মাষ্টমীত কি ভোগ দিব, কেনেকৈ উপবাস কৰিব- জানো আহক - Janmashtami 2024

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 6:32 PM IST

Krishna Janmashtami : মাজত মাত্ৰ এটা দিন বাকী ৷ সোমৰবাৰে দেশ তথা ৰাজ্যবাসীয়ে পালন কৰিব শ্ৰীকৃষ্ণ জন্মাষ্টমী ৷ আপুনি বাৰু জানেনে শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰাৰ নিয়ম-নাতিসমূহ ? এই বিষয়ে বিজয়া পণ্ডিত দাসাৰ সৈতে এক সাক্ষাৎকাৰ ৷

Krishna Janmashtami
শ্ৰীকৃষ্ণ জন্মাষ্টমী (ETV Bharat)

গুৱাহাটী, ২৪ আগষ্ট : শ্ৰীকৃষ্ণ জন্মাষ্টমীলৈ মাজত মাথোঁ এটা দিন । সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ, মন্দিৰত কৃষ্ণ জন্মাষ্টমীৰ প্ৰস্তুতি চলিছে । এই জন্মাষ্টমী আপুনি কেনেদৰে পালন কৰিব ? শ্ৰীকৃষ্ণক কি ভোগ দিব, কেনেকৈ উপবাস কৰিব ?

শ্ৰীকৃষ্ণ জন্মাষ্টমীত কি ভোগ দিব, কেনেকৈ উপবাস কৰিব ? (ETV Bharat)

এই বিষয়ে হৰে কৃষ্ণ মুভমেণ্ট গুৱাহাটীৰ উপ সভাপতি বিজয়া পণ্ডিত দাসাই (Vijay pandit Dasa) ৰাইজৰ উদ্দেশ্য জনায় কিছু কথা ৷ সেইসমূহ তলত উল্লেখ কৰা হ’ল -

১/ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটোত কিদৰে ভগৱান শ্ৰীকৃষ্ণক আৰধনা কৰিব বা উপবাস ৰাখিব ?

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটোত যিমান পাৰে সিমান ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ কৰিব লাগে । ভগৱান শ্ৰীকৃষ্ণক একান্ত মনেৰে প্ৰাৰ্থনা কৰিব লাগে । জন্মাষ্টমী দিনটোত ব্ৰত ৰাখিব লাগে । নিশাৰ ১২ বজালৈ একো নোখোৱাকৈ উপবাস ৰাখিব পাৰে । শাৰীৰিক সমস্যা থাকিলে ফল-মূল নাইবা গাখীৰ আদি খাব পাৰে ।

উপবাস ৰখাৰ সময়ত টিভি চাব নালাগে । উপবাসৰ সময়খিনি ভগৱানৰ প্ৰতি সমৰ্পিত হ'ব লাগে । সেই সময়খিনিত ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ কৰিব লাগে । নিশা ১২ বজাৰ পিছত ভগৱান শ্ৰীকৃষ্ণৰ আৰতি কৰি ফল-মূল খাই উপবাস ভাঙিব পাৰে । এনে কৰিলে মনৰ কামনা পূৰণ হয় ৷

লগতে পঢ়ক : বৰপেটা আৰু মাজুলীত মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি পালন - Death anniversary of Madhavdev

২/ শ্ৰীকৃষ্ণ জন্মাষ্টমীত কৃষ্ণক কি ভোগ দিব ?

শ্ৰীকৃষ্ণ ভগৱানৰ অতি প্ৰিয় ভোগ হৈছে মাখন মিশ্ৰি ভোগ । ঘৰত বিশুদ্ধ মাখন মিশ্ৰি থাকিলে ভগৱানে চুৰ কৰি খাবলৈ আহে । তাৰোপৰি ৫৬ ভোগ দিব প আগবঢ়াব পাৰি ।

৩/ গুৱাহাটী মহানগৰীত জন্মাষ্টমীৰ আয়োজন :

হৰে কৃষ্ণ মুভমেণ্ট গুৱাহাটীয়ে তিনি দিনীয়া কাৰ্যসূচীৰে জন্মাষ্টমীৰ আয়োজন কৰিছে । ২৫ আগষ্টত লাড্ডু গোপাল অভিষেক এম্বিয়েন্স বেংকেট আয়োজন কৰাৰ লগতে ২৬ আগষ্টত উত্তৰ গুৱাহাটীৰ হৰেকৃষ্ণ মন্দিৰত জন্মাষ্টমীৰ আয়োজন কৰিছে । ২৭ আগষ্টত নন্দোৎসৱৰ আয়োজন কৰিছে ।

আনহাতে ইস্কনৰ ২৫ আগষ্টৰ পৰা ২৮ আগষ্টলৈ শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ আয়োজন কৰা হৈছে । দক্ষিণ শৰণীয়াস্থিত ইস্কন মন্দিৰৰ প্ৰাংগণত ২৫ আগষ্টত হৰিনাম সংকীৰ্তনেৰে মহোৎসৱৰ আৰম্ভ কৰা হ'ব । ২৬ আগষ্টত শ্ৰীকৃষ্ণ অভিষেক, মহা অভিষেক হ'ব । ২৭ আগষ্টত নন্দোৎসৱ পালন আৰু ২৮ আগষ্টত আৰতি, নাট পৰিৱেশনেৰে মহোৎসৱৰ সামৰণি পৰিব ।

লগতে পঢ়ক : পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.