ETV Bharat / state

শ্লুইছ গেটক লৈ চিন্তিত জীয়াঢলপৰীয়া ৰাইজ - Jiadhal River embankment

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 6:34 PM IST

Farmers' concerns of Dhemaji : জীয়াঢল নদীত নিৰ্মাণ কৰি থকা হৈছে মথাউৰি ৷ বান সমস্যাৰ সমাধান হ’লেও কিছু কাৰণত চিন্তিত হৈ পৰিছে কৃষকসকল ৷

JIADHAL RIVER EMBANKMENT
শ্লুইছ গেটক লৈ চিন্তিত জীয়াঢলপৰীয়া ৰাইজ (ETV Bharat Assam)

ধেমাজি, 22 জুন: ধেমাজিৰ চকুলোখ্যাত জীয়াঢল নদীৰ মহাপ্লাৱনে নদীখনৰ মথাউৰিৰ বাঁওপাৰৰ প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ ছিগি নিছিল ২০০৭ চনত ৷ সেই তেতিয়াৰে পৰা বছৰ বছৰ ধৰি উক্ত ছিগা অংশ উন্মুক্ত হৈ থকাত জীয়াঢল নদীৰ বাঢ়নী পানী সেই উন্মুক্ত অংশৰে সোমাই একপ্ৰকাৰে তচনচ কৰি পেলাইছিল ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত ৮ টা পঞ্চায়তৰ অৰ্দ্ধ শতাধিক গাঁও ৷

উক্ত উন্মুক্ত ৮ কিলোমিটাৰ অংশত মথাউৰি নিৰ্মাণ কৰি উন্মুক্ত অংশ বন্ধ কৰাৰ বাবে ধেমাজিত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ ইয়াৰ পিচতে ৰাজ্য চৰকাৰৰ SOPD FDR শিতানৰ ৫০ কোটি ব্যয় সাপেক্ষে প্ৰতিষ্ঠিত বহুজাতিক কোম্পানী Flexi Tap Vanture International Companyক দায়িত্ব অৰ্পন কৰা হয় ৷ কোম্পানীটোৱে জিঅ’ চিন্থেটিক প্ৰযুক্তিৰ ব্যৱহাৰৰে যোৱা 2022ৰ ৯ মাৰ্চৰ পৰা ধেমাজি জীয়াঢলৰ বুকুত বাহৰ পাতি উক্ত ৬ কিল’মিটাৰ ভগ্ন মথাউৰি পুনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰে ৷

লগতে পঢ়ক: ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ১নং ৰাজাখানালৈ

ইতিমধ্যে সমগ্ৰ মথাউৰিটো নিৰ্মাণ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছিল যদিও বিগত বছৰৰ বাৰিষাৰ সময়ত খেতিপথাৰত জমা হোৱা আৱদ্ধ পানীয়ে ৰে’লআলিৰ সমীপৰ অংশৰ মথাউৰিৰ জিঅ’বেগ খহাই বিচ্ছিন্ন কৰিছিল ৷ ফলত জীয়াঢলপৰীয়া ৰাইজে খেতি কৰিব পৰা নাছিল ৷ সেয়ে স্থানীয় ৰাইজৰ দাবীত চৰকাৰে এই অংশত এখন শ্লুইছ গেট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি দ্ৰুতগতিত এইবছৰ নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ৰ'দ ওলোৱাৰ পাচতো আঁতৰা নাই পানী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বন্যাৰ্তৰ

পিছে সংশ্লিষ্ট বিভাগে শ্লুইছ গেট দিলেও বাৰিষা বৃহৎ পৰিমাণৰ জলৰাশিৰে এই গেটেৰে বৃহৎ পৰিমাণৰ পানী প্ৰৱাহিত হোৱাত বাধাৰ সৃষ্টি হ’লে অথবা বালি পেলাই শ্লুইছ গেট বিকল কৰিলে পুনৰ কৃষকসকলে খেতি-বাতি কৰাত সমস্যা আহি পৰাৰ শংকা প্ৰকাশ কৰিছে ৷ গতিকে আশ্বস্ত হ’ব পৰা নাই স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: বান প্ৰতিৰোধৰ ক্ষেত্ৰত ধেমাজিক সদায় অগ্ৰাধিকাৰ দিয়া হৈছে : পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.